নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ জংঘল ব্লকত গ্ৰন্থ ভিক্ষা অভিযান : হাতে লিখা ৪খন আলোচনী উন্মোচন

বিশেষ বাৰ্তা, ১ জানুৱাৰীঃ মৰিয়নিৰ সমীপৰ অসম নগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ জংঘল ব্লক অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জংঘল ব্লক হাইস্কুলৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এই বছৰো বছৰৰ প্ৰথম দিনটোত গ্ৰন্থ ভিক্ষা অভিযান অনুষ্ঠিত হয়। এই উপলক্ষ্যে পুৱা পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্য্যসূচী মুকলি কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱাই। ইয়াৰ পাচতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে অঞ্চলটোত এক ব্যতিক্ৰমী শোভাযাত্ৰা উলিয়ায় । এই শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে কিতাপ লৈ ‘আমাক গ্ৰন্থ দিয়ক’, ‘আমাক পঢ়িবলৈ সুবিধা দিয়ক’ ‘গ্ৰন্থদান মহৎ দান’ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। ছাত্ৰ ছাত্ৰীসকলৰ এই আহ্বানৰ প্ৰতি সঁ‌হাৰি জনাই অঞ্চলটোৰ ৰাইজে প্ৰায় ডেৰ শতাধিক কিতাপ দান কৰে। আনহাতে, বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত এক মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত হয়। কৃতী শিক্ষক নগেন গগৈয়ে আঁ‌ত ধৰা অনুষ্ঠানটোত ৪ খনকৈ হাতে লিখা আলোচনী উন্মোচন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে যোৱা ডিচেম্বৰ মাহত হাতীৰ আক্ৰমণত মৃত্যু হোৱা বিদ্যালয়খনৰ ছাত্ৰী বৰষা গগৈৰ প্ৰতিচ্ছবিত ধূপ-দীপ প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছত নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ দুখনকৈ মুঠ চাৰিখন হাতেলিখা আলোচনী ক্ৰমে ‘প্ৰাতঃসভাত দিনটোৰ তাৎপৰ্য্য’ উন্মোচন কৰে মৰিয়নিৰ সংবাদকৰ্মী ৰঞ্জিত বৰা আৰু ‘মুকুল’ উন্মোচন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱাই। শিক্ষক থানেশ্বৰ বৰাই শলাগৰ শৰাই আগ বঢ়োৱা এই অনুষ্ঠানত মৃদু বৰাৰ লগতে কেইবা গৰাকী অভিভাৱকে বক্তব্য ৰাখে। অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানতে বিদ্যালয়ৰ ছাত্ৰী ৰীয়া গগৈক বৰ্ষ শ্ৰেষ্ঠ ছাত্ৰী হিচাবে ঘোষণা কৰি সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে, জংঘল ব্লক হাইস্কুলৰ উদ্যোগত ইংৰাজী বছৰৰ প্ৰথম দিনটোত বনভোজ খাবলৈ যোৱাৰ পৰিৱৰ্তে ‘গ্ৰন্থ ভিক্ষা অভিযান’ শীৰ্ষক এক মনোগ্ৰাহী কাৰ্য্যসূচী বিগত কেবাবছৰ ধৰি অনুষ্ঠিত কৰি আহিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like