নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰাত লাকী আলীৰ কণ্ঠত মোহাচ্ছন্ন দর্শক

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ সোণালী কণ্ঠৰে বছৰ বছৰ ধৰি অসংখ্য শ্রোতাক মন্ত্রমুগ্ধ কৰি অহা বলীউডৰ আগশাৰীৰ জনপ্রিয় কণ্ঠশিল্পী লাকী আলীৰ সংগীতানুষ্ঠান উপভোগ কৰাৰ সুযোগ লাভ কৰিলে গুৱাহাটীবাসীয়ে৷ দুই অগ্রণী অনুষ্ঠান উদয়াচল আৰু স্নেহবন্ধনৰ ‘ফাণ্ড ৰেইজাৰ’ অনুষ্ঠানত অংশগ্রহণ কৰি দেওবাৰে সন্ধিয়া লাকী আলীয়ে এটাৰ পাছত আন এটা জনপ্রিয় গীত পৰিৱেশনেৰে মোহাচ্ছন্ন কৰিলে সহস্রাধিক দর্শকক৷ গুৱাহাটীৰ বর্ষাপাৰাৰ অসম ক্রিকেট এছ’চিয়েচনৰ ষ্টেডিয়াম চৌহদত আয়োজন কৰা এই অনুষ্ঠানত চাৰি ঘণ্টাজুৰি সংগীত পৰিৱেশনেৰে লাকী আলীয়ে সৃষ্টি কৰে মায়াময় পৰিৱেশ৷ তেওঁৰ গীত শুনি অভিভূত হৈ পৰিল প্রতিগৰাকী উপস্থিত দর্শক৷ গুৱাহাটীত আয়োজন কৰা এই সংগীতানুষ্ঠানত অংশগ্রহণৰ বাবে যোৱা ১৯ নৱেম্বৰতে লাকী আলী উপস্থিত হয়৷ বিমানবন্দৰত তেওঁক বহুসংখ্যক অনুৰাগীয়ে আদৰণি জনায়৷ ইয়াৰ পাছতে কালি সন্ধিয়া ৬ বজাৰ পৰা বর্ষাপাৰাত তেওঁৰ সংগীতানুষ্ঠান ‘লাকী আলী শ্ব’’ আৰম্ভ হয়৷ চাৰি সহস্রাধিক দর্শকে লাকী আলীৰ এই সংগীতানুষ্ঠান উপভোগ কৰি অভিভূত হৈ পৰে৷ বিভিন্ন সময়ত তেওঁৰ গীত শুনি এবাৰ স্বচক্ষে সংগীতজ্ঞগৰাকীৰ অনুষ্ঠান উপভোগ কৰিবলৈ আশাপালি ৰৈ থকা অনুৰাগীয়ে বর্ষাপাৰাত এই সুযোগ লাভ কৰি আনন্দিত হৈ পৰা পৰিলক্ষিত হয়৷ সংগীতানুষ্ঠানৰ সময়ত লাকী আলীৰ লগে লগে তেওঁৰ জনপ্রিয় গীতসমূহ একেলগে সমস্বৰে গাই উপস্থিত দর্শকসকলে সংগীত শিল্পীগৰাকীক উদ্বুদ্ধ কৰি তোলে৷

You might also like