নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত ‘ৰৈ ৰৈ বিনালে’ৰ উন্মাদনা : পুৱা ৪.৪৫ৰ দৰ্শনী চাবলৈ ৪ বজাতেই ওলাল দৰ্শক

মৃত্যুৰ আগতে এনে কাম কৰি যাম যি আগন্তুক ১০০ বছৰৰ ভিতৰতো কোনেও কৰিব নোৱাৰে

জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’লৈ ৰাজ্যজুৰি দৰ্শকৰ উন্মাদনা দেখা পোৱা গৈছে। ধেমাজিত পুৱা ৪.৪৫ বজাৰ দৰ্শনী চাবলৈ বহু দৰ্শক ৪ বজাতেই ঘৰৰ পৰা ওলাই আহিছে।

অনেকে টিকট নাপালেও দৰ্শকে হল কৰ্তৃপক্ষক অনুৰোধ কৰিছে— “অলপ সময় থিয় হৈ জুবিনদাক চাই যামগৈ।” এয়া এতিয়া ধেমাজি চিনেমা হলৰ পৰিৱেশ— অভূতপূৰ্ব, অদ্বিতীয় আৰু আবেগপূৰ্ণ।

এতিয়া বহুতে কৈছে, জুবিনে নিজে যি কোৱাৰ দৰেই— ‘মৃত্যুৰ আগতে এনে কাম কৰি যাম যি আগন্তুক ১০০ বছৰৰ ভিতৰতো কোনেও কৰিব নোৱাৰে’— সেই কথাই আজিৰ পৰিস্থিতিত প্ৰমাণিত হ’ল।

ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ

You might also like