নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱাৰ প্লেনেট,আৱাৰ হেল্থ, বঙাইগাঁও শোধনাগাৰত বিশ্ব স্বাস্থ্য দিৱস

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ৭ এপ্ৰিলঃ বিশ্ব স্বাস্থ্য সংস্থাৰ(WHO) প্ৰতিষ্ঠা দিৱসৰ (৭ এপ্ৰিল, ১৯৫০) লগত সংগতি ৰাখি আজি বঙাইগাঁও শোধনাগাৰ চিকিৎসালয়ৰ উদ্যোগত উদ্যোগটোৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত বিভিন্ন অনুষ্ঠানত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। ‘আৱাৰ প্লেনেট,আৱাৰ হেল্থ’ শীৰ্ষক বাণীৰে এইবেলি পালন কৰা দিৱসৰ লগত সংগতি ৰাখি শোধনাগাৰৰ কৰ্মচাৰীসকলৰ আবাসিক চৌহদত থকা বিদ্যালয় ক্ৰমে- বঙাইগাওঁ শোধনাগাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দিল্লী পাব্লিক স্কুল ঢালিগাঁৱত পৃথকে স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত কৰা হয়। বঙাইগাঁও শোধনাগাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাত বিজিআৰ চিকিৎসালয়ৰ জ্যেষ্ঠ

চিকিৎসক তেজেশ শেঠে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাস্থ্য ৰক্ষা আৰু নিৰোগী-দীৰ্ঘায়ু জীৱন যাপনৰ বাবে বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াই বক্তব্য প্ৰদান কৰে। বঙাইগাঁও শোধনাগাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিজয় কুমাৰ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সজাগতা সভাখনত বঙাইগাঁও শোধনাগাৰৰ কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। সভাখনত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা অন্যান্য কৰ্মচাৰী সকলেও অংশগ্ৰহণ কৰে। সজাগতা সভাৰ অন্তত বিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰ-ছাত্ৰীৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ কৰে। বিশ্ব স্বাস্থ্য দিৱসৰ সন্ধিয়া শোধনাগাৰ বিনোদন কেন্দ্ৰত গুৱাহাটীস্থিত ডাউন-টাউন চিকিৎসালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য ৰক্ষা সম্পৰ্কে এক বিশেষ বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি শোধনাগাৰ চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰিছে।

You might also like