নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢোল-পেঁপাৰ গুমগুমনিত উথপ-থপ ধোপাতাৰী

নিয়মীয়া বাৰ্তা ,চাংসাৰি, ৭ এপ্ৰিলঃ জালুকবাৰী সমষ্টিৰ ধোপাতাৰী শিলভড়াল হাইস্কুল খেল পথাৰত এইবেলি উদযাপিত হ’ব লুইপৰীয়া ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী উৎসৱ। ১, ২ আৰু ৩ ব’হাগত তিনিদিনীয়াকৈ আয়োজিত ৰঙালী বিহুৰ সোণালী জয়ন্তী উৎসৱকলৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণত থাকিব জুবিন গাৰ্গ অৰু কুসুম কৈলাসৰ সংগীতানুষ্ঠান। আনহাতে, লুইতপৰীয়া ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি ইতিমধ্যে অনুষ্ঠিত কৰা হৈছে বিহুনাচৰ কৰ্মশালা। সভাপতি দুলাল লহকৰ, সম্পাদক মুনীন্দ্ৰ লহকৰ আৰু সাংস্কৃতিক সম্পাদক হিমাংক লহকৰ, জগজীৱন দাসে জানিবলৈ দিয়া মতে, ৩ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈ সাতদিনীয়াকৈ বিনামূলীয়াকৈ অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে তথা চতিয়াৰ বৰ বিহুৱতী মনিকা ডেকাৰ লগতে তেওঁৰ বিহুৱা দলৰ দ্বাৰা বিহুনাচ, ঢোল, পেঁপা আৰু বিহুগীতৰ কৰ্মশালাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে বিহু উদযাপন প্ৰাংগনত শতাধিক আগ্ৰহী কিশো-কিশোৰীৰ লগতে যুৱক-যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে উক্ত কৰ্মশালাত।
You might also like