নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্র–ছাত্রীৰ বাবে সময়ৰ মূল্য

  • ভূপেন কুমাৰ দাস

পল পল দণ্ড কৰি সময় গৈছে উৰি
পাখিলগা কাঁড়ৰ নিচিনা অবিৰাম…৷’
সময় পখিলা উৰি যায় পাখি মেলি মেলি অনন্ত গতিৰে, অবিৰাম৷ সময়ৰ এই দুৰন্ত গতি অপ্রতিৰোধ্য সময়ক ধৰি ৰাখিব পৰা শকতি আমাৰ কাৰোৰে নাই৷ সময়ে কালৈকো অপেক্ষা নকৰে৷ সময়ৰ গতিক যদি মানুহে ৰোধ কৰিব পাৰিলে হয়, তেতিয়া আমি অপূর্ণ কর্মৰ বোজা বহন কৰি বাৰে বাৰে ধৰালৈ আগমনৰ প্রয়োজনবোধেই নহ’লহেঁতেন৷ সময়ৰ দুৰন্ত গতিৰ তুলনাত আমাৰ মানৱ জীৱনৰ আয়ুস তেনেই চুটি৷ তথাপি আমাৰ আশা অসীম৷ আশা আছে বাবেই জীৱন আছে৷ জীৱন থকা বাবেই কর্মস্পৃহা আছে৷ কর্মই মানুহক অমৰত্ব প্রদান কৰে যি কর্ম মানুহৰ কাম্য৷
সময়ক আমি মূল্য দি কিনিব নোৱাৰোঁ সময়ে কাৰোৰে পৰা মূল্য নিবিচাৰে৷ নদীৰ অনন্ত সোঁত আৰু সময়ৰ সোঁত একে৷ নদীয়ে যিদৰে মহাসাগৰক ধিয়াই গতি কৰে, ঠিক তেনেদৰে সময়েও অনন্ত কালৰ বুকুলৈ গতি কৰে৷ এই অন্তহীন ফল্গুধাৰা সময়ক আমি কেনেদৰে মূল্যায়ন কৰিম৷ আমাৰ হাতত এনেকি যাদুকৰী দণ্ড আছে, যাৰ সহায়ত সময়ৰ পৰা সময়োচিত মূল্য আমি আহৰণ কৰিব পাৰিম৷ ওপজা দিন ধৰি সময়ে আমাক শিকায়৷ কেঁচুৱাৰ কলকলনিত সময়ত মাত ফুটাৰ শিকনি দিয়ে, ভৰি–হাত আছাৰি যথাসময়ত নিজৰ ভৰিত থিয় দি সময়ৰ লগত দৌৰিবলৈ আমাক শিকায়৷ মাত ফুটাৰ লগে লগে জ্ঞান সাগৰৰ মণি–মুকুতা বুটলি জীৱনটোক গঢ়ি–পিটি জীৱন নামৰ যুদ্ধক্ষেত্রখনৰ এজন সঁচা অর্থত সৈনিক হ’বলৈ শিকায়৷ সেয়ে কয়– ‘সময়ৰ টিকনি আগফালে মামা৷’ এই সময়ৰ শিকনিক যদি আমি হূদয়ংগম কৰি আগিবাঢ়ি যাব নোৱাৰোঁ, তেন্তে জীৱন যুঁজৰ পৰাজিত সৈনিকৰ গ্লানিয়ে তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবঢ়াই দিয়ে৷ যি সময়ত যি কাম কৰিব লাগে সেয়ে হ’ল সময়ৰ মূল্য৷ উদাহৰণস্বৰূপে এজন কৃষকে যি সময়ত মাটি চহ কৰি শস্য উৎপাদন কৰিব লাগে, সেই সময়ত নকৰি যদি আবতৰত কৃষি কর্ম কৰে ফল নধৰে৷ তেওঁৰ শ্রমৰ পৰা কোনো মূল্য নাহে৷ কথাতে কয় ‘আগজানি বান্ধিবা আলি, তেহে খাবা নানান শালী৷’ গতিকে সময়মতে কৰিবলগীয়া কাম নকৰিলে পিছলৈ ভাৰ ব’ব নোৱাৰা বোজা হৈ পৰে৷
প্রত্যেকজন মানুহৰ বাবে সময় অমূল্য ৰতন৷ সোণ–ৰূপ, হীৰা–মুকুতা হেৰুৱালে পুনৰ ঘূৰাই পোৱাৰ আশা থাকে, কিন্তু ‘সময় ৰতন’ এবাৰ পাৰ হৈ গ’লে তাক কেতিয়াও ঘূৰাই পোৱা নাযায়৷ সেয়েহে এই দুর্লভ ৰতনবিধৰ সদ্ব্যৱহাৰত আমি প্রত্যেকেই গুৰুত্ব প্রদান কৰিব লাগে৷ আমাৰ অসমৰ পটভূমিত অতি কম গুৰুত্ব দিয়া বিষয়টো হৈছে ‘সময়’৷ ইয়াৰ কাৰণেই হয়তো আমাৰ ৰাজ্যখন ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত প্রগতিৰ ক্ষেত্রত বহু পিছপৰি আছে৷ বহু ব্যক্তিৰ মুখত শুনিবলৈ পোৱা এশাৰী সহজলভ্য বাক্য হৈছে– ‘আছাম ইজ এ লেণ্ড অৱ লাহে লাহে৷’ আমাৰ অসমত প্রায়ভাগ কামেই সময়মতে নহয়৷ ৰাজহুৱা সভাৰ সময় কার্যসূচীত থাকে পুৱা ১০ বজাত, আৰম্ভ হয়গৈ দিনৰ ১২ বজাত৷ বানপানী সমস্যা নিয়ন্ত্রণৰ বাবে মথাউৰি বান্ধিব লাগে মার্চ মাহৰ ভিতৰত, কিন্তু বিভাগীয় কর্তৃপক্ষই কাম আৰম্ভ কৰে জুন–জুলাই মাহত৷ সেয়ে অসমীয়াত কয়– ‘চোৰ গ’লে বুদ্ধি আৰু বৰষুণ গ’লে জাপি৷’ মুঠতে আমাৰ অসম মুলুকত প্রায়ভাগ কামেই সময়মতে সমাপন নোহোৱাৰ উদাহৰণেই বেছি৷
আজিৰ আলোচনাৰ মুখ্য বিষয় আছিল ‘ছাত্র–ছাত্রীৰ বাবে সময়ৰ মূল্য’৷ এই সম্পর্কে আলোচনা কৰিবলৈ বাট মুকলি কৰিবলৈকে ওপৰৰ পাতনিসমূহৰ বকলা মাৰিব লগা হ’ল৷ সংস্কৃতত ছাত্র–ছাত্রী সম্পর্কত বহুতো মূল্যৱান বক্তব্য আছে তাৰ ভিতৰৰে এশাৰী মহত্ত্বপূর্ণ বক্তব্য হৈছে– ‘ছাত্রানং অধ্যয়নেই তপঃ’৷ অর্থাৎ ছাত্র–ছাত্রীৰ কর্তব্য হৈছে পঢ়া বা অধ্যয়ন কৰা৷ বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা যায় আজিৰ বহু ছাত্র–ছাত্রীয়ে নিজৰ ন্যস্ত দায়িত্বফেৰা পিছলৈ থৈ নকৰিবলগীয়া কাম–কাজতহে অধিক সময় ব্যয় কৰি সন্তুষ্টি লাভ কৰে৷ নিজৰ পঢ়িবলগীয়া পাঠসমূহ আজি পঢ়িম, কালিলৈ পঢ়িম বুলি পিছলৈ নি থাকে যেতিয়া পৰীক্ষা আহি দুৱাৰমুখ পায়হি, তেতিয়াহে সম্বিৎ ঘূৰাই পায়৷ মূৰকত গৈ কোনোফালে উৱাদিহ নাপাই পৰীক্ষা গৃহত ‘নকল’ কৰিবলৈও কুণ্ঠাবোধ নকৰা হয়৷ তেনে ছাত্র–ছাত্রীক লৈ অভিভাৱকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হয়৷ পুৱা ৫ বজাত উঠি পঢ়া–শুনা কৰিবলৈ অভিভাৱকে তাগিদা দিয়ে, কিন্তু বহু ছাত্র–ছাত্রীয়ে পুৱা ৭–৮ বজালৈকে শুই উঠিব নিবিচাৰে৷ যেতিয়া উঠে বিদ্যালয়লৈ যোৱাৰ সময়ে হয়গৈ৷ ঘৰত থকা সময়কণো ম’বাইল, লেপটপত বিনোদনধর্মী কর্মত ব্যস্ত হৈ সময় অপচয় কৰে৷ ঘৰৰ পৰা আজৰি সময়ত বাহিৰলৈ গৈ বন্ধুৰ লগত আড্ডা দি সময়ৰ অপব্যয় কৰা ছাত্র–ছাত্রীৰ উদাহৰণ অলেখ৷ গতিকে যি ছাত্র–ছাত্রীয়ে ‘সময়ক যথোচিত মূল্য দি আগবাঢ়ে, তেওঁহে জীৱনত কৃতকার্যতা লাভ কৰিব পাৰে’৷ পৃথিৱীত যিসকল ব্যক্তিয়ে ৰৈ–বৈ যোৱা খ্যাতিৰে নিজৰ নাম লিপিবদ্ধ কৰি থৈ যাব পাৰিছে, ইয়াৰ মূলতে হ’ল সময়ৰ সঠিক ব্যৱহাৰ৷ ছাত্র জীৱনত শিকিবলগীয়া দিশসমূহ যদি সেই সময়তে আহৰণ কৰি লোৱা নহয় জীৱনৰ বাকী সময়খিনি ভাৰ ব’ব নোৱাৰা বোজাৰ দৰে হৈ পৰে৷ চাৰিওফালে এন্ধাৰ দেখে৷ মনৰ দুখ পাতলাবলৈ সস্তীয়া নিচাৰ প্রতি আসক্ত হৈ এটা উচ্ছৃংখল জীৱন যাপন কৰিবলৈ ধৰে৷ একে লগৰ কিছুমান বন্ধুৱে উপযুক্ত সংস্থাপন লৈ সুখ–স্বাচ্ছন্দ্যৰে জীৱন অতিবাহিত কৰে আৰু সময়ক উপলুঙা কৰি চলাকেইজনে এটা চাকৰি বিচাৰি হাহাকাৰ কৰিবলগা হয়৷ এয়াই হ’ল সময়ৰ নির্মম উপহাৰ৷ সংস্থাপনহীন পুত্রৰ ভৱিষ্যৎ চিন্তি পিতৃ–মাতৃৰ ৰাতি টোপনি নোহোৱা হয়৷ ঘোচ দি হ’লেও চাকৰি লৈ দিবলৈ প্রয়াস কৰে৷ পিতৃ–মাতৃৰ এই মর্মবেদনা যি ছাত্র–ছাত্রীয়ে অনুভৱ কৰিব পাৰে তেনে ছাত্র–ছাত্রীয়ে কেতিয়াও সময়ৰ অপব্যয় নকৰে৷ সেয়েহে কওঁ– শিক্ষা জীৱনৰ আৰম্ভণিৰে পৰা সকলো ছাত্র–ছাত্রীয়ে সময়ক অধিক মূল্য দি আগবাঢ়িব লাগে৷ সময়মতে শোৱাৰ পৰা উঠা, সময়মতে শোৱা–খোৱা কামবোৰ কৰিব লাগে৷ দিনটোৰ কর্ম তালিকা সময় নির্ধাৰিত কৰি পঢ়াৰ টেবুলৰ সন্মুখত আঁৰি থ’ব লাগে৷ চেষ্টা কৰিব লাগে যাতে নির্ধাৰিত সময়মতেই কার্যবোৰ সম্পাদন কৰিব পাৰে৷ প্রথম অৱস্থাত অসুবিধা হ’লেও অভ্যস্ত হ’লে সময়মতেই কামবোৰ হৈ উঠিবগৈ৷ সময়মতে শৰ প্রহাৰ কৰিব পৰাজনেহে শৰ পহুৰ মঙহ খাব পাৰে৷ এটা কথা আমি সকলোৱে জানো যে বিশ্বজয়ী নেপোলিয়নৰ সৈন্যবাহিনীয়ে মাত্র ৫ মিনিট পলম হোৱাৰ বাবেই ইংলিছ চেনেল জয় কৰিব নোৱাৰি ইংৰাজ সেনাপতি নেলছনৰ হাতত বন্দী হ’ব লগা হৈছিল৷ নেপোলিয়নে চেণ্ট হেলেনা দ্বীপত তিল তিলকৈ শুকাই মৃত্যুবৰণ কৰিব লগা হৈছিল৷ সময়ক যথোচিত মূল্য নিদিয়া অনেক মহান ব্যক্তিয়ে নানা সমস্যাৰ সন্মুখীন হোৱা তালিকা দীঘল৷
গতিকে আমাৰ ছাত্র–ছাত্রীসকলে সময়ক গুৰুত্ব দি নিজৰ ন্যস্ত দায়িত্ব আৰু কর্তব্য পৰম আন্তৰিকতাৰে সম্পাদন কৰিবলৈ দৃঢ় মনোবল গঢ়ি তুলিব লাগে৷ প্রতিটো শ্রেণীৰ পাঠ নির্ধাৰিত সময়মতে পঢ়ি শেষ কৰিব পাৰিলে পৰীক্ষাৰ সময়ত কষ্ট কৰি, টোপনি ক্ষতি কৰি পাঠ পঢ়াৰ কোনো অৱকাশেই নাথাকিবগৈ৷ টোপনি ক্ষতি কৰিলে স্বাস্থ্যৰ হানি হয়, পঢ়াৰ কথা সহজে পাহৰি যায়, মানসিক উদ্বিগ্ণতা বৃদ্ধি হয়, পৰীক্ষাৰ প্রশ্ণোত্তৰত চকু গৈ কচু হয়, ধান থোৱা ঘৰ ধন থোৱা ঘৰ হয় ইত্যাদি৷
অসমীয়াত এশাৰী মহত্ত্বপূর্ণ বাক্য আছে– ‘পঢ়াই পঢ়ে, ৰোৱে পাণ এই তিনিয়ে নিচিন্তে আন৷’ ছাত্রৰ কর্তব্য হৈছে ‘পঢ়া’৷ এই পঢ়া কার্য সঠিক সময়মতে কৰিব পাৰিলেহে ভৱিষ্যৎ সুন্দৰ হ’ব৷ মহামূল্যৱান, সুন্দৰ সময়বোৰ হাঁহি–ধেমালি, স্ফূর্তি কৰি কেতিয়াও অবাবত ক্ষয় কৰিব নালাগে৷ ভাল ছাত্রই সদায় সময়ক গুৰুত্ব দি কার্য সম্পাদন কৰে৷ তেনে ছাত্রইহে নিজৰ লগতে দহৰো হিতসাধন কৰিব পাৰে৷
শেষত আমি আশা কৰোঁ আমাৰ উঠি অহা প্রজন্মই ‘সময়’ক অধিক গুৰুত্ব প্রদান কৰি অসমীয়া জাতিৰ ওপৰত যি ‘সময় খোৱা’ জাতি হিচাপে বদনাম আছে, তাক মুক্ত কৰিবলৈ সক্ষম হ’ব৷ অসমীয়া জাতিয়ে প্রগতিৰ নতুন দিগন্তৰ দুৱাৰ মুকলি কৰিবলৈ সক্ষম হ’ব৷

You might also like