নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রজেক্ট মেনেজমেণ্ট, কেৰিয়াৰ গঢ়াৰ লোভনীয় পাঠ্যক্রম

  • দীপক কুমাৰ দাস  

       

        ভাৰতত প্রতিবছৰে ৭০০ বিশ্ববিদ্যালয় আৰু ৩৫ হাজাৰতকৈও অধিক মহাবিদ্যালয়ৰ পৰা স্নাতক উত্তীর্ণ কেইবাসহস্র যুৱই সংস্থাপনৰ আশাত বন্দী হৈ থাকে৷ কিছুসংখ্যকে উচ্চ শিক্ষা গ্রহণৰ বাবে বিভিন্ন পাঠ্যক্রমৰ অন্তর্ভুক্ত হয়৷ কিন্তু এনে কিছু পাঠ্যক্রম আছে, যিটো পাঠ্যক্রমত অন্তর্ভুক্ত হৈ লোভনীয় কেৰিয়াৰ গঢ়িব পাৰি, সেয়া বিচাৰি উলিওৱাত জটিলতাৰ সন্মুখীন হয়৷ প্রতিযোগিতামূলক সংস্থাপন জগতখনত কেৱল স্নাতক ডিগ্রী লাভ কৰিয়েই সংস্থাপন লাভ কৰাটো (পি এম পি) চার্টিফিকেট পাঠ্যক্রমত নিজৰ নামভর্তি কৰিব পাৰে৷ দেশৰ প্রখ্যাত প্রতিষ্ঠানত এই পাঠ্যক্রমত সফলতাৰে উত্তীর্ণ হোৱাৰ পিছত দেশৰ লগতে বিদেশতো উচ্চ দৰমহাৰ সংস্থাপন লাভ কৰাত সুযোগ পায়৷ স্নাতক ডিগ্রীধাৰীৰ লগতে দ্বাদশ শ্রেণীত উত্তীর্ণ শিক্ষার্থীয়েও এই পাঠ্যক্রমত অন্তর্ভুক্ত হোৱাৰ সুযোগ পাব পাৰে৷ নির্মাণ খণ্ড, বিত্ত, তথ্য প্রযুক্তি, স্বাস্থ্য খণ্ড আৰু সকলো উদ্যোগতে প্রজেক্ট মেনেজমেণ্ট পাঠ্যক্রম সম্পূর্ণ কৰা শিক্ষার্থীৰ আৱশ্যক আছে৷ দেশৰ প্রখ্যাত শৈক্ষিক প্রতিষ্ঠানসমূহৰ ভিতৰত প্রজেক্ট মেনেজমেণ্ট ইনষ্টিটিউট, ইনষ্টিটিউট ফ’ৰ স্কিল এনহেন্সমেণ্ট এণ্ড লার্নিং (আইএছইএল গ্ল’বেল), এল এল টি, ইনষ্টিটিউট অৱ প্রজেক্ট মেনেজমেণ্ট আৰু এছ পি জৈন ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড ৰিছার্চ (এছ পি জে আই এম আৰ) আদি উল্লেখযোগ্য৷ লক্ষণীয় যে শৈক্ষিক প্রতিষ্ঠানকেইখনত উপলব্ধ প্রজেক্ট মেনেজমেণ্টৰ পাঠ্যক্রম দূৰ শিক্ষণ আৰু অনলাইনযোগেও শিক্ষার্থীয়ে অধ্যয়ন কৰিব পাৰে৷ এনে পাঠ্যক্রমৰ ভিতৰত হ্রস্বম্যাদীৰ অর্থাৎ ১৬০ ঘণ্টীয়া প্রডাক্ট মেনেজমেণ্ট চার্টিফিকেচন প্রগ্রেম (শিক্ষণ আৰু প্রশিক্ষণ ৩৫ ঘণ্টীয়া প্রশিক্ষণৰ প্রজেক্ট মেনেজমেণ্ট প্রফেছনিং ট্রেইনিং পাঠ্যক্রম আদি উল্লেখযোগ্য)৷ সাধাৰণতে প্রজেক্ট মেনেজমেণ্ট পাঠ্যক্রমৰ বাবে স্নাতক ডিগ্রীক প্রাধান্য দিয়া হয়৷ এই পাঠ্যক্রম সমাপ্ত কৰাৰ পিছত অভিজ্ঞতা আৰু জ্ঞানৰ ভিত্তিত বিভিন্ন ক্ষেত্রত প্রডাক্ট ডিজাইনাৰ, প্রডাক্ট এনালিষ্ট, প্রডাক্ট মেনেজাৰ, এছ’চিয়েট প্রগ্রেম মেনেজাৰ আৰু প্রডাক্ট স্বত্বাধিকাৰী–মুৰব্বী হোৱাৰ সুযোগ আছে৷ প্রতিযোগিতামূলক বিশ্বত অকল ডিগ্রীয়েই সংস্থাপনৰ বাবে মূল হৈ থকা নাই৷ এই দৃষ্টিভংগীৰ প্রতি লক্ষ্য ৰাখিয়েই প্রতিগৰাকী শিক্ষার্থীয়ে স্নাতক ডিগ্রীৰ পিছত নিজৰ দক্ষতা আৰু জ্ঞান বৃদ্ধিৰ বাবে চার্টিফিকেট পাঠক্রমত অধ্যয়ন কৰাৰ প্রয়োজনীয়তা আছে৷ এনে কাৰণতে দেশত চার্টিফিকেট পাঠ্যক্রমৰ চাহিদা দিনকদিনে বৃদ্ধি পাইছে আৰু তেনে এক লোভনীয় পাঠ্যক্রম প্রজেক্ট মেনেজমেণ্ট৷

You might also like