নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈলৈ কেইটামান প্রশ্ন

‘নিয়মীয়া বার্তা’ৰ যোগেদি তৰুণ গগৈৰ পৰা তলত দিয়া প্রশ্নসমূহৰ ৰাজহুৱা স্পষ্টীকৰণ বিচৰা হৈছে৷ কাৰণ এই প্রশ্নখিনি মোৰ দৰে শতজনৰ মনত উদ্রেক হোৱা প্রশ্ন৷

(ক) অসম আন্দোলননো কিহৰ কাৰণে হ’বলৈ পালে? সেই সময়ৰ কংগ্রেছ চৰকাৰে ১৯৫১ চনৰ ওপৰত ভিত্তি কৰি বিদেশী বিতাড়ন কৰিবলৈ আইন অনুযায়ী দায়বদ্ধ হোৱা হ’লে তথাকথিত অসম আন্দোলন নহ’লহেঁতেন আৰু ৮৫৫জন লোকো শ্বহীদ হ’ব লগাও নহ’লহেঁতেন৷ অসমৰ প্রখ্যাত কংগ্রেছ নেতা প্রয়াত দেৱকান্ত বৰুৱাই প্রকাশ্যেই ঘোষণা কৰিছিল যে ‘আলি আৰু কুলি থাকে মানে অসমত কংগ্রেছৰ মৰণ নাই৷’ এতিয়া বিচার্য বিষয়টো হ’ল কংগ্রেছে ভোটবেংকৰ ৰাজনীতি কৰিছিল নেকি আৰু এতিয়াও কৰি আছে নেকি?
(খ) পুনৰ ১৯৮৫ চনৰ অসম চুক্তিক কার্যতঃ নিৰর্থক কৰিবলৈকে আই এম ডি টি আইনখন কেৱল অসমত প্রযোজ্য হোৱাকৈ কংগ্রেছ চৰকাৰে প্রণয়ন কৰা নাছিলনে?
(গ) ২০০৩ চনৰ ১৮ ডিচেম্বৰত সেই সময়ৰ ৰাজ্যসভাৰ সাংসদ ড০ মনমোহন সিঙে শাসক দল বিজেপিক উদ্দেশ্যি কঠোৰ দাবী কৰিছিল যে মানৱীয়তাৰ খাটিৰত বাংলাদেশৰ পৰা পলাই অহা সংখ্যালঘু হিন্দু শৰণার্থীক নাগৰিকত্ব দিব লাগে৷ সেই একেজন মানুহেই এতিয়া নীৰৱে থাকি ‘কেব’ৰ বিৰুদ্ধে সংসদত ভোটদান কৰিছে৷ ইয়াৰ অন্তৰালত কি উদ্দেশ্য থাকিব পাৰে বাৰু?
(ঘ) কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে এটা সাক্ষাৎকাৰত (ইণ্ডিয়া টিভিৰ আপ কী আদালত) বক্তব্য দাঙি ধৰিছিল যিবিলাক হিন্দু সংখ্যালঘুৱে প্রাণৰ ভয়ত, ইজ্জতৰ বাবে আৰু ছোৱালী অপহৰণ কৰি নি বলেৰে ইছলাম ধর্মত দীক্ষিত কৰাই নিকাহ কৰোৱাৰ পৰা বাচিবলৈ ভাৰতলৈ পলাই আহিছে, সেইসকলক মানৱীয়তাৰ খাটিৰত ভাৰতত নাগৰিকত্ব দিব লাগে৷ এইটো কোনো সাম্প্রদায়িকতাৰ কথা নহয়, বৰঞ্চ এইটো মানৱতাৰ কথা, ২০০৩ চনত কংগ্রেছৰ দুজন মূধাফুটা নেতাই এই দুর্দশাগ্রস্ত মানুহবিলাকক নাগৰিকত্ব দিব লাগে বুলি দাবী কৰিছিল৷ এই নেতা দুজনৰ লিখিত বক্তব্যকো খান ডাঙৰীয়াই টেলিভিছনত হাজাৰ হাজাৰ মানুহৰ আগত গাই শুনাইছিল৷ এতিয়া এই নেতা দুজনেই ‘কেব’ৰ বিৰুদ্ধে সংসদত বত্তৃণতা প্রদান কৰা দেখা গৈছে৷ ইয়াক জানো বিদেশী নাগৰিকৰ প্রসংগক লৈ কু–ৰাজনীতি কৰাটো নুবুজায়?
(ঙ) সকলোতকৈ বিচার্য বিষয়টো হৈছে যে ২০১৪ চনৰ ১৬ জুলাইত সেই সময়ৰ মুখ্যমন্ত্রী আপুনি ধর্মীয় নির্যাতনৰ বলি হৈ অসমলৈ বাংলাদেশৰ পৰা পলাই অহা সংখ্যালঘু লোকসকলক মানৱীয়তাৰ খাটিৰত নাগৰিকত্ব দিবৰ বাবে কেবিনেটত সিদ্ধান্ত লৈছিল৷ আকৌ ২০১৫ চনৰ ২০ জুলাই তাৰিখে ২০১৪ চনলৈকে ভোটাৰ লিষ্টত নাম থকা সকলোকে নাগৰিকত্ব দিবৰ বাবে শপতনামাৰ যোগেদি উচ্চতম ন্যায়ালয়ত আর্জি দাঙি ধৰিছিল, এতিয়া ‘কেব’ৰ বিৰুদ্ধে উঠিপৰি লাগিছে নেকি?
(চ) এসময়ত ‘হু ইজ বদৰুদ্দিন’ বুলি হুংকাৰ দিয়া আৰু আপুনি জীয়াই থকালৈকে এ আই ইউ ডি এফৰ লগত মিত্রতা হ’ব নোৱাৰে বুলি সৰৱ হৈ থকা আপুনি এতিয়া আজমলৰ প্রেমত পৰিছোঁ বুলি হাতত হাত ধৰি আগবঢ়া গোটেই দৃশ্যটোৱেই হাস্যকৰ নহয়নে? ইয়াক জানো নীতি–আদর্শ সকলো বাদ দি ভোট ৰাজনীতি কৰাকে নুবুজাইনে?

এই প্রশ্নবিলাক অসমৰ সচেতন ৰাইজৰ মনত উদ্রেক হোৱা সহজাত প্রশ্ন আৰু মানুহৰ মনত উদয় হোৱা শংকা, দ্বিধা আদিক আঁতৰ কৰিবৰ বাবেই গগৈদেৱৰ পৰা পোনপটীয়া উত্তৰৰ আশাত ৰ’লোঁ৷

You might also like