নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুগল অনুবাদক ইণ্টাৰনেটত অসমীয়া আৰু ভাষা প্রযুক্তি বিকাশ পৰিষদ

অসমীয়া ভাষাক গুগল অনুবাদকত অন্তর্ভুক্ত কৰাৰ বিষয়ে ইতিমধ্যে অসমত বিশেষ চর্চা লাভ কৰাৰ লগতে এই বিষয়ে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ধৰণে প্রতিক্রিয়া প্রকাশ কৰি অহাৰ সূত্র ধৰিয়েই এই বিষয়ে কিছু কথা প্রকাশ কৰাৰ প্রয়োজনীয়তা আছে বুলি ভাবিব পাৰি৷ গুগল অনুবাদকত অসমীয়া ভাষাৰ অন্তর্ভুক্তিয়ে অসমীয়া ভাষা প্রযুক্তিৰ জগতখনক যে এখোজ আগুৱাহ লৈ গ’ল সেহটো নিঃসন্দেহে সত্য৷ কিন্তু আজিৰ এহ সফলতাৰ বাবে যি পর্যায়ত যি ধৰণে প্রচেষ্টা চলোৱা হৈছিল আৰু হৈ আছে, সেহখিনিও উল্লেখযোগ্য দিশ আৰু এনে একোটা প্রচেষ্টাৰ আঁৰৰ দিশবোৰ সাধাৰণ লোকৰ সন্মুুখত কিছু পৰিমাণে স্পষ্ট নহ’লে বহু কথাতে অস্পষ্টতা আৰু আসোঁৱাহ ৰৈ যোৱাৰ সম্ভাৱনা থাকে৷
বর্তমানে ভাষা এটাৰ ডিজিটেল ৰূপৰ বিকাশৰ ক্ষেত্রত হণ্টাৰনেট বা অনলাইন মঞ্চখনৰ গুৰুত্ব সর্বাধিক বুলি ক’লেও বঢ়াই কোৱা নহয়৷ এই ইণ্টাৰনেটৰ মাধ্যমেৰে সংযোগ গঢ়ি উঠা দুই–এজন প্রৱাসী অসমীয়াৰ লগতে ভাৰতত বাস কৰা কিছুসংখ্যক অসমীয়াহ ২০০৬ চনমানতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ দুখ লগা স্থিতিৰ বিষয়ে চিন্তা–চর্চা কৰিছিল৷ তাৰেই পৰিণতিত ২০০৬ চনৰ মার্চ মাহত ‘শব্দ ডট অর্গ’ নামৰ অনলাহন অভিধানখনৰ কাম আৰম্ভ কৰ হয়৷ এই অভিধানখনত কৰা শব্দসমূহৰ অন্তর্ভুক্তিতো অসম তথা প্রবাসী কেইবাজনো অসমীয়াই নিজৰ নিজৰ অৱদান আগবঢ়ায়৷ ২০০৬ চনৰ পৰা ২০১০ চনলৈকে ছেগা–চোৰোকাকৈ দুই–একে ব্লগ, ৱেবছাইট, সামাজিক মাধ্যম আদিত অসমীয়া লিখা দেখা গৈছিল যদিও সেই সময়ত অনলাইন মাধ্যমত সক্রিয় বেছিভাগ মানুহেই লিখিছিল ৰোমান লিপিত অথবা ইংৰাজী ভাষাত৷ তাৰ মুখ্য কাৰণ আছিল সেই সময়ত ইণ্টাৰনেটত অসমীয়া লিখাৰ বাবে ইউনিক’ড সমর্থিত উপযুক্ত সঁজুলি, ফণ্ট আদিৰ অভাৱৰ লগতে অসমীয়াৰ দৰে জটিল লিপি, বিশেষকৈ যুক্তাক্ষৰসমূহ সঠিক ৰূপত দেখুওৱাত আহি পৰা সমস্যা৷ ২০০৯–১০ চনত প্রায় আঠজনমান অসমীয়া ব্যক্তিয়ে (বেছিভাগেই প্রবাসী) ডিজিটেল মাধ্যমত অসমীয়া ভাষা–সাহিত্যৰ বিকাশৰ উদ্দেশ্যে ‘ই–জোনাকী যুগ’ নামৰ এক প্রকল্পৰ আৰম্ভণি কৰিছিল৷
উল্লেখযোগ্য যে ইণ্টাৰনেটত উপলব্ধ একোটা ভাষাৰ সমল আৰু ব্যৱহাৰকাৰীৰ ওপৰত ভিত্তি কৰি গুগল, মাহক্র’ছফ্ট আদি বৃহৎ কোম্পানীবোৰে ভাষাটোৰ প্রযুক্তিগত ক্ষেত্রত কাম কৰাৰ বাবে আগ্রহ প্রকাশ কৰে৷ এই প্রতিষ্ঠানসমূহৰ বিভিন্ন ডিজিটেল সুবিধা আৰু ব্যৱস্থাসমূহ উপলব্ধ কৰাৰ ক্ষেত্রত সেই ভাষাটোৰ ব্যৱহাৰকাৰীৰ দিশটো কোম্পানীসমূহে বৰ সূক্ষ্মভাৱে পর্যবেক্ষণ কৰে কাৰণ ইয়াৰ অন্তৰালত তেওঁলোকৰ ব্যৱসায় জডিত হৈ থাকে৷ এনে দিশসমূহৰ ওপৰত ভিত্তি কৰিয়েই পর্যায়ক্রমে তেওঁলোকৰ কাৰিকৰী ব্যৱস্থাসমূহত ভাষাসমূহ অন্তর্ভুক্ত কৰাৰ বাবে কাম কৰি গৈ থাকে৷ উদাহৰণ স্বৰূপে ২০০৬ চনত গুগল অনুবাদকত হংৰাজী, চাইনিজ আৰু আৰবী ভাষা পোনপ্রথমবাৰৰ বাবে অন্তর্ভুক্ত কৰে আৰু পর্যায়ক্রমে ২০০৮ চনত হিন্দী, ২০১০ চনত উর্দু, ২০১১ চনত বাংলা, গুজৰাটী, কানাডা, তামিল, তেলুগু আদি ভাৰতীয় ভাষা অন্তর্ভুক্ত কৰে৷ ইয়াৰ পিছত ২০১৩ চনত মাৰাঠী, ২০১৪ চনত মালায়ালম, ২০২০ চনত উডিয়া আৰু শেহতীয়াকৈ ২০২২ চনত অসমীয়া ভাষা সাধাৰণ লোকে ব্যৱহাৰ কৰিব পৰাকৈ এই অনুবাদকত সংযোগ কৰে৷

উল্লেখযোগ্য যে ২০১০ চনলৈকে ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল একেবাৰেই নগণ্য আছিল৷ আনহাতে সেইখিনি সময়তে সামাজিক মাধ্যম ফেচবুকে অসমত এক ব্যাপক জনপ্রিয়তা লাভ কৰে৷ এই জনপ্রিয়তাৰ সুব্যৱহাৰ কৰি কেহজনমান উৎসাহী ব্যক্তিয়ে ২০১০ চনৰ নৱেম্বৰ মাহত ‘অসমীয়াত কথা–বতৰা (চমুকৈ অ.ক.ব)’ নামেৰে এক ফেচবুক গোট গঠন কৰি ইণ্টাৰনেটত অসমীয়া লিখাৰ আৰু লিখোৱাৰ প্রচেষ্টাত নামি পৰে৷ এই মঞ্চখনত চিকিৎসক, অভিযন্তা, কম্পিডটাৰ বিশেষজ্ঞ, চাকৰিয়াল, ব্যৱসায়ী, গৱেষক, ছাত্র–ছাত্রীকে আদি কৰি বিভিন্ন বিদ্যায়তনিক আৰু অবিদ্যায়তনিক ক্ষেত্রৰ সচেতন ব্যক্তি জডিত হৈ ইণ্টাৰনেটত অসমীয়া সমল বৃদ্ধিৰ বাবে একধৰণৰ সামাজিক জাগৰণৰ সৃষ্টি কৰে৷ এই মঞ্চৰ পৰাহ ২০১২ চনত গুগলৰ সঁজুলিসমূহত অসমীয়া এটা অন্যতম ভাষা হিচাপে সংযোগ কৰাৰ বাবে আঢ়ৈ হাজাৰতকৈও অধিক লোকৰ স্বাক্ষৰসম্বলিত এখন ৰাজহুৱা আবেদন–পত্র www.change.org’ত প্রদান কৰে৷

এইখিনিতেহ অসমীয়া ভাষাৰ সমল আৰু ব্যৱহাৰকাৰী বৃদ্ধি কৰাৰ ক্ষেত্রত প্রত্যাহ্বান হিচাপে থিয় দিয়ে অসমীয়া লিপিৰে অসমীয়া ভাষাত লিখাৰ বাবে সহজলভ্য আৰু সৰল ব্যৱহাৰযোগ্য সঁজুলিৰ অভাৱটোৱে৷ এই বিষয়ে অ.ক.বৰ মঞ্চত ভালেখিনি চর্চাও আৰম্ভ হয়৷ এই মঞ্চতে উচ্চাৰণভিত্তিক এটা টাহপিং সঁজুলি Phonetic IME)ৰ প্রয়োজনীয়তাৰ দিশটোত বিশেষ জোৰ দিয়া হয়৷ কাৰণ সেই সময়ছোৱাত কম্পিডটাৰবোৰত অসমীয়াৰ দৰে ভাষাৰ ‘জটিল আখৰ Complex Script)’ শুদ্ধ ৰূপত লিখিব পৰাটো একধৰণৰ সমস্যাহ আছিল৷ সেই সময়ত অসমীয়া লিখাৰ বাবে বহুলভাৱে ব্যৱহূত দুটা সঁজুলি আছিল দক্ষিণ ভাৰতত নির্মিত ‘বৰহ’ আৰু বাংলাদেশত প্রস্তুত কৰা ‘অভ্র’৷ ‘বৰহ’ ব্যৱহাৰ কৰি অসমীয়া লিখাটো কষ্টসাধ্য আছিল, আনহাতে ‘অভ্র’ মূলতঃ বাংলা লিখিবৰ বাবেহে নির্মাণ কৰা হৈছিল৷ অভ্রৰ ফোনেটিক টাইপিং ব্যৱস্থাটোৰ দ্বাৰা অসমীয়া লিখাৰ ক্ষেত্রত মানুহে কিছু সহজ পাহছিল যদিও তাত কিন্তু অসমীয়া ‘ৰ’ আৰু ‘ৱ’ আখৰ দুটা পোনপটীয়াকৈ পোৱা নগৈছিল৷ তাৰ ডপৰি ‘অভ্র’ৰ আন এটা সমস্যা আছিল যিটো বিষয়ে বহু সময়ত সাধাৰণ ব্যৱহাৰকাৰী অৱগত নহ’লেও কম্পিডটাৰ বিশেষজ্ঞ কিছুমানে ভালদৰে বুজি উঠিছিল যে ‘অভ্র’ৰ সহায়ত অসমীয়া লিখিলে তাত বাহ্যিকভাৱে গম নোপোৱাকৈয়ে কিছুমান যুক্তাক্ষৰত অসমীয়া ‘ৰ’ আখৰটোৰ হউনিক’ডে দিয়া ক’ডটোৰ সলনি বাংলা ‘ৰ’ৰ ক’ডটোহে থাকি যায়৷ ফলত অসমীয়া সমলবোৰো বাংলা সমল হিচাপে গুগলে চিনাক্ত কৰিবলৈ ধৰাত ই সামগ্রিকভাৱে অসমীয়া ভাষাৰ বাবেই এটা প্রত্যাহ্বান হিচাপে থিয় দিয়ে৷ গতিকে, সেই সময়ত ইণ্টাৰনেটত অসমীয়া সমল বৃদ্ধি কৰাতকৈও ইউনিক’ড কনচৰটিয়ামে অসমীয়া লিপিটোৰ বাবে সুকীয়া ব্যৱস্থা নিদিয়াটোহে প্রধান সমস্যা বুলি বহুতে গণ্য কৰিবলৈ লয়৷ কিন্তু সেই সময়ত এহটোও ডপলব্ধি কৰা হৈছিল যে ইউনিক’ডত অসমীয়া লিপিয়ে স্বকীয় স্বীকৃতি লাভ কৰাটো একেদিনাই সম্ভৱ হোৱা ঘটনা নহয়৷ গতিকে সেই সময়ত তৎকালীনভাৱে কম্পিউটাৰত এনে এটা অসমীয়া লিখন সঁজুলিৰ প্রয়োজন আহি পৰিছিল, যিটোত অসমীয়া ‘ৰ’ লিখিবলৈ যাতে ইউনিক’ডে প্রদান কৰা নির্দিষ্ট ক’ডটোহে ব্যৱহূত হয়৷ সেই সময়ত মাহক্র’ছফ্টে প্রদান কৰা অসমীয়া লিখন সঁজুলি আছিল যদিও হ সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে সৰলতো নাছিলেই বৰঞ্চ যথেষ্ট আসোঁৱাহপূর্ণহে আছিল৷ ইয়াৰ আগতে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য–প্রযুক্তি মন্ত্রালয়ে ভাৰতৰ সংবিধানস্বীকৃত ভাষাকেহটাৰ ক্ষেত্রত প্রযুক্তিগত গৱেষণা আৰু ব্যৱহাৰিক সঁজুলি নির্মাণৰ বাবে এটা অভিলাষী প্রকল্পৰ অধীনত যথেষ্ট পুঁজি আবণ্টন কৰিছিল৷ অসমৰো দুখন উচ্চ শিক্ষা প্রতিষ্ঠানে অসমীয়া আৰু উত্তৰ–পূবৰ আন কেইটামান ভাষাৰ প্রযুক্তিগত উন্নতি সাধন কৰাৰ বাবে এই পুঁজি লাভ কৰিছিল৷ কিন্তু দুখৰ কথা যে কাগজে–পত্রহ তেওঁলোকে কৰা দুহ–এটা তাত্ত্বিক কামৰ তথ্য পোৱা গৈছিল যদিও সর্বসাধাৰণ ৰাহজে ব্যৱহাৰ কৰিব পৰাকৈ সৰল আৰু ব্যৱহাৰিক সঁজুলি উলিয়াহ দিব নোৱাৰিলে৷
এনে এক প্রেক্ষাপটত অসমীয়া ভাষা–প্রযুক্তিৰ বিকাশ আৰু ব্যৱহাৰিক সঁজুলিৰ নির্মাণ সাধনৰ বাবে ২০১২ চনত ডিব্রুগডত ‘ভাষা প্রযুক্তি বিকাশ পৰিষদ, অসম’ৰ জন্ম হয় আৰু ইয়াক পঞ্জীয়ন কৰি এক আনুষ্ঠানিক ৰূপ দিয়া হয়৷ সেই বছৰতে পৰিষদৰ অন্যতম সদস্য গুণদীপ চেতিয়াৰ প্রচেষ্টাত আৰু আন সদস্যসকলৰ সহযোগত ‘ৰ’দালি’ আহ. এম. ই Input Method Editor) প্রস্তুত কৰি উলিওৱা হয় আৰু তিনি অক্টোবৰত অধ্যাপক নগেন শহকীয়া, অধ্যাপক কন্দর্প কুমাৰ ডেকা (সেই সময়ৰ ডিব্রুগড বিশ্ববিদ্যালয়ৰ উপাচার্য), অধ্যাপক কৰবী ডেকা হাজৰিকা আদি বিশিষ্ট ব্যক্তিৰ ডপস্থিতিত ভাষা প্রযুক্তি বিকাশ পৰিষদৰ ৱেবছাহট www.sltdassam.com’ আৰু ৰ’দালি–১.০ সংস্কৰণ বিনামূলীয়াভাৱে লাভ কৰিব পৰাকৈ মুকলি কৰি দিয়া হয়৷ তেনে এটা সমস্যাজর্জৰ সময়ত ৰ’দালিৰ ডদ্ভাৱন আৰু ভাষা প্রযুক্তি বিকাশ পৰিষদৰ তৰফৰ পৰা বিনামূলীয়াকৈ কৰা বিতৰণ ব্যৱস্থাহ হণ্টাৰনেটত অসমীয়া সমল বৃদ্ধিৰ প্রচেষ্টাটোক অন্য এক মাত্রা প্রদান কৰিলে বুলিলেও বঢ়াই কোৱা নহয়৷ এনে এটা পৰিস্থিতিত হণ্টাৰনেটত অসমীয়া লিপিৰে ভাষাটো লিখিবলৈ আগ্রহী বহুতে এনে এটা সৰল আৰু থলুৱাভাৱে নির্মিত সঁজুলি হাতত পাহ দুগুণ ডৎসাহেৰে লিখা–মেলা কৰাত ব্রতী হোৱা দেখা গ’ল৷ হয়াৰ সমান্তৰালভাৱে ‘ভাষা প্রযুক্তি বিকাশ পৰিষদ’ৰ সদস্যসকলে ডজনি অসমৰ বিভিন্ন ঠাহত কর্মশালা, সজাগতা সভা আদি পাতি হণ্টাৰনেটত অসমীয়া সমল বৃদ্ধিৰ প্রয়োজনীয়তাৰ বিষয়ে মানুহক, বিশেষকৈ মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীসকলক সজাগ কৰাৰ ডপৰি প্রশিক্ষণ প্রদান কৰিবলৈ আৰম্ভ কৰিলে৷ সেহ সময়লৈকে হণ্টাৰনেটত বিভিন্ন সঁজুলিৰ দ্বাৰা সমল বৃদ্ধিৰ প্রচেষ্টা অব্যাহত আছিল যদিও তেতিয়ালৈকে গুগলত অসমীয়া অনুবাদক নির্মাণকার্যৰ বিশেষ অগ্রগতি লাভ কৰা পৰিলক্ষিত হোৱা নাছিল৷ এনে পৰিপ্রেক্ষিতত ‘ভাষা প্রযুক্তি বিকাশ পৰিষদ’ৰ তৰফৰ পৰা ডিব্রুগড বিশ্ববিদ্যালয়ৰ ডপাচার্য কন্দর্প কুমাৰ ডেকাৰ সৈতে আলোচনা কৰি তেখেতৰ সন্মতিমর্মে সেহ সময়ৰ গুগল হণ্ডিয়াৰ উচ্চপদস্থ বিষয়া গৌতম গান্ধীক আমন্ত্রণ কৰি অনা হয় আৰু ডপাচার্যৰ সভাকক্ষতে ‘ভাষা প্রযুক্তি বিকাশ পৰিষদ’ৰ সদস্যবৃন্দ, অধ্যাপক নগেন শহকীয়া, অধ্যাপক কৰবী ডেকা হাজৰিকা, পঞ্জীয়ক মৃণালেন্দ্র নাৰায়ণ দত্ত আদি বিশিষ্ট ব্যক্তিৰ ডপস্থিতিত ২০১৩ চনৰ ১২ মে’ত এখন বৈঠক অনুষ্ঠিত কৰা হয়৷ এহ বৈঠকত গৌতম গান্ধীৰ স্পষ্ট কথা আছিল যে গুগলত অসমীয়া ডপলব্ধ কৰাবলৈ হয়াৰ সমল আৰু ব্যৱহাৰকাৰী বৃদ্ধি হোৱাটো প্রয়োজন আৰু তাৰ বাবে সহজলভ্য সঁজুলিৰ প্রয়োজন হ’ব, যিটো গান্ধীয়ে সেহ সময়ত অসমীয়া ভাষাত প্রায় নাহ বুলিয়েহ উল্লেখ কৰিছিল৷ কিন্তু কম্পিডটাৰত লিখিব পৰাকৈ ৰ’দালিকে ধৰি দুহ–এটা সঁজুলিৰ বিষয়ে উল্লেখ কৰাত তেখেতে এণ্ড্রইড ম’বাহলৰ বাবেও তেনে সঁজুলিৰ প্রয়োজনীয়তাৰ কথা অলপ জোৰ দিয়েহ উল্লেখ কৰে৷ উল্লেখযোগ্য যে সেহ সময়ত বেছিভাগ ম’বাহলতে অসমীয়া লিখাৰ ব্যৱস্থা নাছিল৷ পৰিষদে তাৰ উত্তৰত দুহ–এক মাহৰ ভিতৰতে এণ্ড্রহড ম’বাহলৰ বাবেও ৰ’দালিৰ এটা সংস্কৰণ মুকলি কৰাৰ কথা ঘোষণা কৰে আৰু পৰিষদৰ সদস্যসকলৰ সবল স্থিতিৰ প্রতি লক্ষ্য কৰি এহ আলোচনা আৰু বিতর্কৰ শেষৰ ফালে গান্ধীয়ে কিছু পৰিমাণে আশ্বস্ত হোৱা যেন অনুভৱ হৈছিল৷ হয়াৰ পৰৱর্তী কালত ‘ভাষা প্রযুক্তি বিকাশ পৰিষদ’ৰ তৰফৰ পৰা তেখেতৰ সৈতে কেহবাবাৰো যোগাযোগ কৰা হৈছিল আৰু গুগল অনুবাদকৰ বাবে অসমীয়া ভাষাৰ সমল প্রদান আৰু পৰীক্ষা কৰাৰ বাবে অসমীয়া ব্যৱহাৰকাৰী জডিত হোৱাৰ ব্যৱস্থা কৰাৰো প্রতিশ্রুতি দিয়া হৈছিল৷ এই আলোচনাৰ এবছৰমানৰ পিছতে গুগল অনুবাদকৰ বাবে অসমীয়া ব্যৱহাৰকাৰীয়েও নিজাববীয়াকৈ সমল প্রদান আৰু পুনৰীক্ষণ কৰিব পৰাকৈ ব্যৱস্থাটো গুগলৰ ফালৰ পৰা সুলভ কৰি দিয়ে৷ হয়াৰ পৰৱর্তী কালত অসমীয়া ভাষাৰ বাবে ‘জাহ্ণবী’, ‘লাচিত’ আদি দুহ–এটা থলুৱা সঁজুলিৰ ডদ্ভাৱনেও অসমীয়া ডিজিটেল জগতখনক আগুৱাহ লৈ যোৱাত ডল্লেখযোগ্য বৰঙণি আগবঢ়ালে৷
গৌতম গান্ধীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছতে ‘ভাষা প্রযুক্তি বিকাশ পৰিষদ’ৰ সদস্যসকলে সেহ সময়ৰ আমড্রন AMTRON)ৰ পৰিচালন সঞ্চালক এম কে যাদৱক সাক্ষাৎ কৰি অসমীয়া ফণ্ট নির্মাণ কৰাৰ প্রয়োজনীয়তাৰ বিষয়ে বিশেষ আলোচনাত মিলিত হয়৷ সেই সময়ত এটা কথা ভালদৰে উপলব্ধি কৰা হৈছিল যে কম্পিডটাৰত ইউনিক’ড সমর্থিত লিখন সঁজুলিৰ লগতে উপযুক্ত অসমীয়া ফণ্ট নির্মাণৰো প্রয়োজনীয়তা আছিল৷ কাৰণ সেই সময়ত অসমীয়া লিখিবলৈ ব্যৱহূত প্রায়ভাগ ফণ্টেহ বাংলাদেশত নির্মিত আৰু বাংলা ভাষাৰ বাবে প্রস্তুত কৰা ফণ্ট হোৱাৰ হেতুকে এহবোৰ অসমীয়া ভাষাৰ বাবে আসোঁৱাহপূর্ণ আছিল৷ আনহাতে, একোটা ফণ্ট–পৰিয়াল নির্মাণকার্য যথেষ্ট খৰচী আৰু কষ্টসাধ্য হোৱাৰ বাবে মাত্র চাৰিগৰাকী সদস্যৰ জেপৰ ধনেৰে চলি থকা ‘ভাষা প্রযুক্তি বিকাশ পৰিষদ’ৰ দ্বাৰা ফণ্ট–পৰিয়াল নির্মাণ কৰি ডলিওৱাটো সেহ সময়ত কোনোপ্রকাৰে সম্ভৱ নাছিল৷ কিন্তু অতি সুখৰ কথা যে যথেষ্ট পলমকৈ হ’লেও ২০১৯ চনত অসম প্রকাশন পৰিষদৰ বর্তমান সচিব প্রমোদ কলিতাহ অতি আগ্রহেৰে ফণ্ট–পৰিয়াল নির্মাণ কৰি উলিওৱাৰ ক্ষেত্রত ‘ভাষা প্রযুক্তি বিকাশ পৰিষদ’ক সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু এইক্ষেত্রত অসম প্রকাশন পৰিষদৰ ডপাধ্যক্ষ সুমন্ত চলিহাৰো বিশেষ উৎসাহ প্রদানৰ ফলশ্রুতিতে ২০২০ চনত বাণীকান্ত নামেৰে সম্পূর্ণ নিজস্বভাৱে ইউনিক’ড সমর্থিত, ছপাযোগ্য এটা ফণ্ট–পৰিয়াল নির্মাণ কৰি ডলিওৱা কার্য সম্ভৱ হৈ উঠে৷
২০১৩ চনৰ আন এটা ডল্লেখযোগ্য কথা হ’ল যে সেহ সময়ত ডহকিমেডিয়া ফাডণ্ডেচনৰ বিষয়া সুভাশিস পাণিগ্রাহীৰ সৈতে ‘ভাষা প্রযুক্তি বিকাশ পৰিষদ’ৰ এখন বৈঠক ডিব্রুগড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়৷ এহ বৈঠকত অসমীয়া উইকিপেডিয়াত সমল বৃদ্ধিৰ কাৰিকৰী দিশবোৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় আৰু পাণিগ্রাহীক অসমীয়া লিখিবৰ বাবে ‘ৰ’দালি’ক উইকিপেডিয়াত সংযোগ কৰাৰ প্রস্তাৱ দিয়া হয়৷ এহ আলোচনাৰ পৰা উইকিপেডিয়াত ‘ৰ’দালি’ৰ অন্তর্ভুক্তিয়ে যে সেহখন মঞ্চত অসমীয়া সমল বৃদ্ধিত বিশেষ অৰিহণা যোগাব সেহ কথা পাণিগ্রাহীয়ে ভালদৰে বুজি ডঠিছিল, কিন্তু তাতে উদ্ভৱ হোৱা সমস্যাটো হ’ল যে এহ সঁজুলি ডহকিপেডিয়াত সংযোগ কৰিবলৈ হ’লে সঁজুলিটোক সেহ মঞ্চত ব্যৱহাৰযোগ্য কৰিবলৈ কিছু সালসলনি ঘটাবলগীয়া হ’ব৷ এহক্ষেত্রত পাণিগ্রাহীয়ে পৰিষদক সঁজুলিটো যিমান সোনকালে পৰা যায় ডহকিপেডিয়াৰ বাবে ডপযুক্ত কৰি তুলিবলৈ পৰামর্শ দিয়ে আৰু পাণিগ্রাহীৰ সেই পৰামর্শ অনুসৰি সঁজুলিটো ডহকিপেডিয়াৰ বাবে সাজু কৰি সঁজুলিটো গ্রহণ কৰাৰ বাবে উইকিমেডিয়া ফাডণ্ডেচনক দাখিল কৰা হ’ল৷ ৰ’দালিৰ ব্যৱহাৰযোগ্যতা সম্পর্কত আন্তঃৰাষ্ট্রীয় মঞ্চত বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলোৱাৰ অন্তত অৱশেষত দুবছৰৰ পিছত পাণিগ্রাহীৰ সহযোগত ডহকিপেডিয়াৰ অন্যতম লিখন সঁজুলি হিচাপে ‘ৰ’দালি’ক সংযোগ কৰা হয় যাতে সমলদাতাসকলে কোনো অতিৰিক্ত লিখন সঁজুলি সংযোগ নকৰাকৈয়ে সেহ মঞ্চত অসমীয়া লিখিব পৰা হয়৷ ডহকিপেডিয়াত ৰ’দালিৰ সংযোগে অসমীয়া ভাষাৰ সমল বৃদ্ধিত যে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিলে সি অনস্বীকার্য৷ সম্ভৱতঃ এনেবোৰ প্রচেষ্টাৰ বাবেহ ২০১৪ চনত মিজোৰামৰ আহজলত ৰ’দালিক হ–নর্থ হষ্ট বঁটা প্রদান কৰা হয়৷
২০১৫ চনত নীপকোৰ অভিযন্তা তথা ভাষা প্রযুক্তি বিকাশ পৰিষদৰ অন্যতম সদস্য অভিজিত কলিতাহ ফেচবুকত ‘অসমীয়া গুগল ড্রেঞ্চলেট সম্পর্কীয় আলোচনা’ নামৰ এটা গোট গঠন কৰি গুগল অনুবাদকত সমল প্রদান কৰাৰ আহ্বান জনোৱাৰ লগতে তেখেতে নিজেও এহ ক্ষেত্রখনত হাতে–কামে লাগি সমল বৃদ্ধি আৰু তাৰ শুদ্ধতাৰ বাবে প্রচেষ্টা অব্যাহত ৰাখে৷ ২০০৯–১০ চনৰ পৰা অতি আন্তৰিকতাৰে সমল বৃদ্ধিত অৰিহণা যোগোৱা বিভিন্ন ক্ষেত্রৰ ব্যক্তিসকলৰ দৰে এহ আহ্বানে বহু অসমীয়া ভাষাপ্রেমীক বিশেষভাৱে প্রভাৱিত কৰে৷ এনেদৰে বিভিন্ন মঞ্চৰ বিভিন্ন ব্যক্তি তথা এককভাৱেও এক নিৰৱচ্ছিন্ন প্রক্রিয়াৰে চলাহ থকা প্রচেষ্টাৰ বাবেই অৱশেষত আজি ২০২২ চনত গুগল অনুবাদকৰ জৰিয়তে অসমীয়া ভাষাহ পলমকৈ হ’লেও আংশিক সফলতাৰ মুখ দেখিলে৷
শেষত এটা কথা অতি গুৰুত্বসহকাৰে উল্লেখ কৰা প্রয়োজন যে হণ্টাৰনেটৰ দৰে এক সুবিশাল মঞ্চত এটা ভাষা প্রতিষ্ঠা আৰু হয়াৰ গুৰুত্ব বৃদ্ধিৰ বাবে এতিয়াও বহু কাম কৰিবলগীয়া আছে৷ হয়াৰ বাবে কাৰিকৰী, ভাষিক, সামাজিক অংশগ্রহণ আদি কেহবাতৰপীয়া প্রচেষ্টাৰ প্রয়োজন হয় আৰু প্রতিটো তৰপৰে অৱদান অবিহনে এনে একোটা বৃহৎ প্রকল্প সম্পূর্ণ কৰা সম্ভৱ নহয়৷ সেহবাবেহ এহখন জগতত কাম কৰি থকা প্রতিগৰাকী ব্যক্তি, প্রতিখন মঞ্চ, বিষয় বিশেষজ্ঞসকলৰ এক আন্তৰিক আৰু সৌহার্দ্যপূর্ণ সহযোগিতাৰ প্রয়োজন৷ ভাষা এটা একোটা জাতিৰ স্বাভিমানৰ ভেটি, একোটা সংস্কৃতিৰ আৱেগজডিত সম্পত্তি, গতিকে হয়াত প্রতিগৰাকী ব্যক্তিৰে দায়িত্ব থাকে, সেয়েহে আমি আমাৰ অসমীয়া ভাষাটোক এক সমূহীয়া প্রচেষ্টাৰে, সমূহীয়া সংকল্পৰে আগবঢ়াহ নিয়াৰ বিকল্প বিচাৰিবলৈ যথেষ্ট কঠিন হ’ব৷

ড০ গুণদীপ চেতিয়া
ড০ ভাস্কৰজ্যোতি শর্মা

লেখক ড০ চেতিয়া ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রগ্রেমাৰ
ফোনঃ ৯৯৫৪৪–৫৩৩৩৯
ড০ শর্মা আনন্দৰাম বৰুৱা ভাষা–কলা–সংস্কৃতি সন্থাৰ ভাষা আৰু ভাষাবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক
ফোনঃ ৯৮৫৪৫–১৪৫০

You might also like