নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইকেল চলাওঁ আহক… (বিশ্ব চাইকেল দিৱস উপলক্ষে)

অসমৰ সমাজ জীৱনলৈ প্রথম চাইকেলৰ আগমন ঘটোৱা মানুহজন আছিল দেশভক্ত তৰুণৰাম ফুকন৷ তেতিয়া ৰাইজে চাইকেলৰ নাম দিছিল লোহাৰ ঘোঁৰা৷ তৰুণৰাম ফুকনে লোহাৰ ঘোঁৰাত উঠি স্বাধীনতা সংগ্রামৰ বাণী বিলাই ফুৰিছিল৷ অতি কম সময়ৰ ভিতৰতে চাইকেল অসমৰ গাঁৱে–ভূঞে জনপ্রিয় হৈ পৰিছিল আৰু অসমীয়া কথাছবিত ইয়াক ৰোমাণ্টিক পৰিৱেশত দেখা পোৱা গৈছিল৷ ‘চাইকেল নহয় টিলিঙা,’ ‘পেডেল মাৰি মাৰি অ’ ভণ্টী চাইকেল চলাই যাম’ আদি গীতৰ জনপ্রিয়তা মন কৰিবলগীয়া৷ পিছে স্কুটাৰ, বাইক আদিৰ আগমনৰ পিছত চাইকেলৰ ব্যৱহাৰ অভিজাত সমাজৰ পৰা লোপ পোৱাৰ ইপক্রম হ’ল৷ চাইকেল হৈ পৰিল নিম্নবিত্তৰ বাহন৷ কিন্তু অতি সম্প্রতি সমগ্র বিশ্বতে চাইকেল সম্পর্কে এক নতুন সজাগতা আহিছে, যাৰ কাৰণ হৈছে পৰিৱেশ প্রদূষণ৷ সমগ্র বিশ্বৰ সচেতন সমাজে পৰিৱেশ নিকা ৰখা, বিশেষকৈ বায়ু প্রদূষণ নিয়ন্ত্রণৰ বাবে চাইকেল ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিছে৷ এই বিষয়ে বিশ্বজুৰি সচেতনতা আনিবৰ বাবে ৰাষ্ট্রসংঘই ২০১৮ চনত ৩ জুন তাৰিখটো বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছে৷ বিশ্বৰ ৫৬খন দেশে এই চাইকেল দিৱস পালন কৰিছে, যাৰ ভিতৰত ভাৰত অন্যতম৷ কেতবোৰ উন্নত দেশে এতিয়া শূন্য প্রদূষণৰ লক্ষ্য স্থিৰ কৰিছে, যাৰ বাবে তেওঁলোকে চাইকেলৰ ব্যৱহাৰ সণ্ঢালনিকৈ কৰিবলৈ লৈছে৷ নেদাৰলেণ্ডছৰ মন্ত্রীমণ্ডলী, বিষয়া–কর্মচাৰীসক চাইকেল চলাই কার্যালয়লৈ আহে৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেদাৰলেণ্ডছ ভ্রমণ কৰাৰ সময়ত দেশখনে তেওঁক উপহাৰ দিছিল এখন চাইকেল৷ নেদাৰলেণ্ডছ এনে এখন দেশ, যাৰ এটা অংশ সাগৰপৃষ্ঠৰ তলত আছে৷ গোলকীয় উষ্ণতা বৃদ্ধি নেদাৰলেণ্ডছৰ এটা ভয়াৱহ সমস্যা৷ সেই সমস্যা সমাধান কৰিব নোৱাৰিলে এদিন দেশখনৰ আধা অংশ সাগৰৰ তলত বুৰ যাব৷ অৱশ্যে অকল নেদাৰলেণ্ডছেই নহয়, বিশ্বৰ সাগৰৰ কাষৰীয়া দেশবোৰ আৰু দ্বীপ ৰাষ্ট্রবোৰ এই ভয়ংকৰ সমস্যাৰ মোকাবিলা কৰিব লাগিব৷ সেয়েহে ৰাষ্ট্রসংঘই বিশ্বব্যাপী সচেতনতা সৃষ্টিৰ বাবে বিশ্ব পৰিৱেশ দিৱসৰ ঠিক দুদিন আগতে চাইকেল দিৱস পাতি ৰাইজক শূন্য প্রদূষণৰ লক্ষ্য নির্ণয়ৰ এক আহ্বান জনাব বিচাৰিছে৷ পৃথিৱী মাথোন এইখনেই৷ আই ধৰিত্রীৰ কোলাত জন্ম লোৱা সহস্র সহস্র জীৱকুলৰ লগতে মানুহৰো ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বার্থত আমি এহ আহ্বানৰ প্রতি সঁহাৰি জনোৱা উচিত৷

ড০ হৰিচৰণ দাস

You might also like