নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিভাৰে পূৰ্ণ গতিৰে চলা বৈদ্যুতিক ফেন বন্ধ কৰি বিশ্ব অভিলেখ এইগৰাকী তৰুণীৰ

পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ নিজস্ব বেলেগ বেলেগ সম্ভাৱনা আছে। কিছুমানে অতি বেগেৰে দৌৰিব পাৰে আৰু কিছুমানে বহুত ওজন তুলিব পাৰে। এই ক্ষমতা বৃদ্ধি কৰি মানুহে আনকি বিশ্ব অভিলেখো গঢ়ি তোলে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডেও এনে লোকসকলৰ বাবে নতুন শিতান ৰাখি তেওঁলোকক এক বেলেগ পৰিচয় প্ৰদান কৰে।

এগৰাকী বিশেষ মহিলা! মহিলাগৰাকী এইকাৰণেই বিশেষ যে তেওঁ জিভাৰে এজন চলন্ত ফেনক ৰখাই বিশ্ব অভিলেখ গঢ়িছে। এইগৰাকী মহিলাই নিজৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত পঞ্জীয়ন কৰিছে। এই কৃতিত্ব অৰ্জন কৰা মহিলাগৰাকী হৈছে জো এলিছ। জো এলিছ অষ্ট্ৰেলিয়াৰ।

জো এলিছে জিভাৰে চলন্ত ইলেক্ট্ৰিক ফেনৰ ব্লেডবোৰ ৰখাই দিব পাৰে। জিভাৰ সহায়ত তেওঁ সৰ্বাধিক বৈদ্যুতিক ফেন বন্ধ কৰি বিশ্ব অভিলেখ গঢ়িছে। এই অভিলেখটো অনন্য হোৱাৰ লগতে বিপদজনকো। অভিলেখধাৰীসকলে কঠোৰ পৰিশ্ৰম আৰু অহৰহ অনুশীলনৰ অন্ততহে এই পৰ্যায়ত উপনীত হয়। গতিকে এই দৃশ্য দেখাৰ পিছত নিজে ঘৰত এই কাম কৰিবলৈ চেষ্টা নকৰিবলৈও সকলোকে আহ্বান জনাইছে জো এলিছে।

You might also like