নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষপূূর্তিত অসমৰ মুখ্যমন্ত্রীদেৱলৈ মুকলি চিঠি

  • ড০বসন্ত কুমাৰ গোস্বামী
জয়জয়তে বর্ষপূর্তিৰ শুভমুহূর্তত আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি বোধন শংখৰ ধ্বনিৰে অসমীয়া জাতিক জাগৃত কৰিবলৈ কৰা যত্নৰ বাবে৷ দ্বিতীয়তে আপোনাক ডাঙৰীয়া নামৰ মহতোমহিয়ান শব্দটোৰে মই সম্বোধন কৰা নাই, কিয়নো এই শব্দটোৰ গৰিমা ৰাজনীতিকৰ মুখত পৰি জডিমা হ’ল৷ শব্দটোৰ অর্থ সংকোচন হ’ল, এতিয়া ডাঙৰীয়া শব্দৰ অর্থ তললৈ নামিল৷ এজন তথাকথিত সমাজ বিপ্লৱীয়ে এগৰাকী মুখ্যমন্ত্রীক ডাঙৰীয়া বুলি কৈ পিঠিত হালোৱা এচাৰিৰে সিকথা কৰাৰ কথা কোৱা মনত আছে৷ আপোনাৰ প্রতি আস্থাৰ চিনস্বৰূপে দেৱ শব্দটো ব্যৱহাৰ কৰিছোঁ৷
ভাৰতবর্ষৰ ভিতৰতে অসমখন বিবিধ সমস্যাৰে ভাৰাক্রান্ত ৰাজ্যৰূপে চিহ্ণিত৷ অসমত সমস্যাৰ শেষ নাই৷ এনে এখন সমস্যাবহুল ৰাজ্যত প্রজাক সুখী কৰিব পৰা সমান আনন্দৰ দ্বিতীয় অভিধা নাই৷ আনন্দৰ জন্ম হয় যন্ত্রণাৰ পিছতহে৷ বিদ্বানসকল সন্তুষ্ট নোহোৱালৈকে কোনো প্রয়োগ বিজ্ঞানেই উত্তম নহয়৷ কথাষাৰ অভিজ্ঞানম শকুন্তলম নাটকত সূত্রধাৰে কৈছে ঃ আপৰি তোষাদ্বিদুষণাং ন সাধু মন্যে প্রয়োগ বিজ্ঞানম৷ সেয়ে বর্তমানৰ চৰকাৰখনৰ প্রয়োগ বিজ্ঞান উত্তম বুলি কোৱাৰ সৌভাগ্য আমাৰ হোৱা হ’লে সুখী হ’লোঁহেঁতেন৷ তৎসত্ত্বেও আপোনাৰ দক্ষতা, নিষ্ঠা, একাগ্রতা, অগাধ পৰিশ্রমৰ বোকোচাত লৈ আপুনি ৰাজ্যখনৰ উন্নয়নত গুৰুত্ব দিছে ই জাতিটোৰ বাবে ভাল খবৰ৷ আপোনাৰ কার্যকালতে অসমত কেন্দ্রই গুৰুত্ব দিছে, উত্তৰ–পূর্বাঞ্চলৰ আন্ধাৰক অভিশাপ দিয়াতকৈ আপুনি এডাল মমবাতি জ্বলাইছে ইও আমাৰ বাবে সুখবৰ৷ চৰকাৰখনৰ এতিয়া টিঙতগাখীৰ খিৰাব পৰা তজবজীয়া ডেকা৷ এগৰাকী পোলিচ কবিয়ে কৈছিল–youth is the gift of nature but age is a work of art. সেই কথা আপুনি উপলব্ধি কৰা যেন লাগে৷
বৰগছৰ ছাঁত সৰু গছ নগজে৷ বর্তমান অসম মন্ত্রীসভাখন আপোনাৰ দীর্ঘায়িত ছাঁ মাথোঁ৷ অধিকাংশ মন্ত্রীৰ ক্ষমতা হয়তো আছে কিন্তু ব্যক্তিত্ব আৰু দক্ষতা নোহোৱাৰ বাবে সময়ত শৰ প্রয়োগ কৰিব নোৱাৰি কুন্তিসুত হৈছে৷ উদাহৰণস্বৰূপে ছেবা সম্পর্কত শিক্ষা বিভাগৰ মন্তব্য এচহীয়া৷ শিক্ষা বিভাগৰ এনে মানসিকতা অসমৰ ভাবীকালৰ সাধকসকলৰ বাবে বৰ দুর্ভাগ্যজনক৷ প্রশ্ণকাকত সদৰী হোৱাৰ বাবে ছেবাই একমাত্র জগৰীয়া এই কথা শিক্ষামন্ত্রী কিয় নুবুজিলে বা বুজিবৰ যত্ন নকৰিলে সেই কথা দুর্ভাগ্যজনক৷ যিখন দুৱাৰ মেল খাই থাকে দুর্ভাগ্য সেই বাটেৰেই উৰি আহি জুৰি বহিল, কিন্তু দুর্ভাগ্য যাওঁতে খোজকাঢি গ’ল৷ ছেবাই থানাৰ বাকচৰ চাবি দুটা কৰা হ’লে থানাৰ ভাৰপ্রাপ্ত বিষয়াক প্রশ্ণকাকত কেন্দ্রলৈ নিয়াৰ সময়ত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ কোৱা হ’লে পৰীক্ষাৰ দায়িত্বত থকা বদমাচ বিষয়াসকলে এনে দুষ্কার্য কৰিব নোৱাৰিলেহেঁতেন৷ সেই কথাটো বিবুজ শিক্ষামন্ত্রীক কোনে বুজাব? চৰিত্রহীন বৃত্তান্বেয়ী মদাহী শিক্ষকক দায়িত্বৰ পৰা আঁতৰাই ৰখা নহয় কিয়, আপোনাৰ মন্ত্রীসভাত ষণ্ডামর্কৰ শিক্ষাৰে শিক্ষিত বহুত অজামিল আছে, সাংস্কৃতিক চৰিত্রৰ অজাত গছৰ বিজাত গুটিও আছে, তদুপৰি বর্তমান অসমৰ প্রশাসন যন্ত্রটোৰ বহুত অসুৰৰ ঘৰতে আছে, এই অসুৰবোৰৰ বাবেই ৰাজ্যখন দুন্তিৰ মহাপংকত মূৰলৈকে পোট গৈছে, কালীপূজা, তিলহোমৰ যজ্ঞ কৰিও এই ৰিষ্ট খণ্ডাব নোৱাৰে৷ এই ধূর্ত শিয়ালবোৰক বংশবৃদ্ধি হ’বলৈ আপুনি সুযোগ দিয়া নাইনে? এইবোৰ বাছি উলিয়াই আইন সংশোধন কৰি হ’লেও শাস্তি দিয়াৰ ব্যৱস্থা নকৰিলে আপোনাক ভাল পোৱা ৰাইজে আপোনাক ধৃতৰাষ্ট্র নুবুলিবনে? মুখ্যমন্ত্রী মহোদয়৷ বিধাতাই যাক মাৰিব খোজে তাক প্রথমে ধৃতৰাষ্ট্র কৰি লয়৷ আপুনি সেই সুযোগ নিদিলে আমি বর্তো৷ আপুনি অকলে অসমৰ কল্যাণৰ জঁকাত তেজ–মঙহ পৰিমিতৰূপে লগ লগাব নোৱাৰে সমগ্র মন্ত্রীসভাখনৰ সার্বিক চেষ্টাৰ প্রয়োজন হ’ব৷ অসমত দুষৃকতি বিনাশ হওক বা নহওক বর্তমান অসমৰ দৈৱকীসকলক সুৰক্ষা দিব পৰা নাই৷ আপোনাৰ অধীনৰ মন্ত্রী–বিধায়কৰ দম্ভালি, মিছা কথাবোৰ সলসলীয়াকৈ ক’ব পৰা অভ্যাস, অহমিকা ত্যাগ কৰি ৰাইজৰ ওচৰলৈ নেতাৰূপে নহয় সেৱকৰূপে যাবলৈ কওক৷ অসম মন্ত্রীসভাৰ ঐতিহ্যৰে ভৰুণ তাৰ আধাৰতহে আধুনিক অসমত মংগল বাদ্য বাজিব৷
মুখ্যমন্ত্রী মহোদয়৷ মেকুৰীৰ পাখি থকা হ’লে চৰাই–চিৰিকটিবোৰ থাকিলহেঁতেননে? তেনে অৱস্থালৈ পৰিষদসকলক যাবলৈ দিলে তেওঁলোক নাইঢোৰোকা হ’ব আৰু প্রজান্তিকৰ দুখ–দুর্গতিৰ সীমাহীন হ’ব৷ বিংশ শতিকাৰ শেষ দশকৰ পৰা দেশৰ শাসক শ্রেণীয়ে নব্য উদাৰ পুঁজিবাদী অর্থনীতি গ্রহণ কৰাৰ পিছৰ পৰাই ৰাজনীতিলৈ অহা অবাধ পৰিৱর্তনৰ লগতে ৰাজ্য শাসনত ভ্রষ্টাচাৰৰ স্বৰূপ উপলব্ধি কৰিবলগীয়া হ’ল৷ একাংশ নেতা, পালি নেতা উঁইপৰুৱা, ভীমটোকাৰূপী এচাম দালালৰ সহায়ত বিধানসভালৈ আহি স্বীকৃত দালালীক পুৰস্কাৰ দিয়াৰ বাবে একাংশ মন্ত্রী–বিধায়কে লাজ নাপালেও অসমৰ অজলা প্রজাই কিন্তু গুণি গম লৈছে৷ এনে দুর্বল মানসিকতাৰ একাংশ মন্ত্রী–বিধায়কৰ বাবে আপোনাৰ গাত গেলা নর্দমাৰ ছিটিকনি নপৰাকৈ থকা নাই৷ ক্ষমতাৰ মোহিনী ভাঙৰ স্বাদ লোৱা একাংশ গুডিপৰুৱা নেতা মানসিক, সাংস্কৃতিক আৰু বৌদ্ধিকভাৱে দুর্বলবাবে অসহিষ্ণু বাকসংযমহীন, অশালীন, অসাংবিধানিক বাক্যৰে বিৰোধী পক্ষক আক্রমণ কৰা, চৰকাৰক সমালোচনা কৰাসকলক দোষী সাব্যস্ত কৰা, নিজে কৰা অভকতীয়া কামবোৰ ভকতীয়া বুলি প্রতিপন্ন কৰা কথা প্রজাৰ খোচোনাত কিন্তু সদায় থাকে৷ এই পতনুৱা ভইব–গইব ৰাজনীতিকে অসমত কণীবিহুৰ গুটি পচাব নোৱৰা ব্যৱস্থা আপুনি কৰিব নোৱাৰি থমকি ৰৈছে, আনকি আপোনাক তুচ্ছ–তাচ্ছিল্য কৰা, অপমান কৰা নেতাক আপুনি তেহেলৈ যা বুলি আজিৰ তাৰিখলৈকে ক’ব পৰা নাই৷ এদিন আপোনালোক বাহী হ’ব৷ ঢেঁকীয়া, মাহৰ বৰ, কঠাল গুটি, খৰিচা দি ৰন্ধা মলমলীয়া টেঙা আঞ্জা বাহী হ’লেই আখাদ্য হয়৷ আপোনালোক বাহী হোৱাটো আমি নিবিচাৰোঁ৷ দুই–এজন মন্ত্রী–বিধায়ক বৌদ্ধিকভাৱে উভ নাঙঠ ৰূপটো আমি নেদেখাকৈ থকা নাই৷ তেনেকৈ বত্তৃণতাৰ ধাই আলি বা ছাই দেখিছোঁ, সেইসকলক আমি জপাই বনমালী(সকলো নিজলৈকে সামৰা) বুলি ফোঁট এটা বেলটকাকত ভৰোৱা সময়ৰ বাবে দি থ’লোঁ, তাপলি মৰা কথাবোৰ প্রজাৰ অলপ–চৰপ হাত ফুৰাই ঘঁহি–মাজি সময়ত নিমজ কৰি নিশ্চয় ল’ব৷ কথাটো আপুনি ভাবি গুণি বিৱেকক প্রশ্ণ এটা থাউকতে কৰি থোৱা ভাল৷ মুখ্যমন্ত্রী মহোদয় আপুনি আৰু আপোনাৰ সগোত্র হয় দেউতা এজন মন্ত্রীয়ে কথাইপতি অসমত ডাক্তৰ, ইঞ্জিনীয়াৰ, আই পি এছ বিষয়াৰ বাবেই ইংৰাজী ভাষাত অধিক গুৰুত্ব দিব লাগে বুলি কয়৷ মনত ৰখা ভাল ইংৰাজী ভাষাৰ প্রীতিৰ বাবেই অসমত প্রতিভাৰ অপচয় হৈছে৷ চৰকাৰে কেৱল অসমতে এটা সমীক্ষা চলাওক ফৰফৰাই ইংৰাজী ক’ব পৰা ইংৰাজী মাধ্যমত পঢা বিজ্ঞানীকেইজন আছে৷ তাহানি আইনষ্টাইন, চি ভি ৰমন আদিয়ে মাতৃভাষাৰ মাধ্যমত বিজ্ঞান শিক্ষা অধিক ফলপ্রসূ বুলি কৈ যোৱা এইসকলতকৈও উর্বৰ মস্তিষ্কৰ কাৰ মন্ত্রণাত অসমৰ ভাবীকালৰ সাধকক ধ্বংসমুখী কৰাৰ আখৰা আৰম্ভ  হৈছে? অসমীয়া ভাষাৰ উন্নতি নহ’লে অসমীয়া জাতিক বা অসমক‘A’ for Assam স্তৰলৈ স্বয়ং বিধাতায়ো নিব নোৱাৰে৷ অসমত ইংৰাজী ভাষাটো বিষয় হিচাপে শিকিলেহে জ্ঞান অর্জনৰ দুৱাৰখন মুকলি হ’ব, ফৰফৰাই ইংৰাজী ক’বলৈ, বস্তুনিষ্ঠ ভাব প্রকাশতে সীমাবদ্ধ হ’লে অসমীয়া ছাত্রবোৰ সময়ত ঘৰচিৰিকা হ’ব আৰু কোম্পানীৰ চাকৰিৰ কাৰণেহে উপযুক্ত হ’ব৷ ৰাষ্ট্রৰ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে কলেজৰ উপাচার্যসকলক মাতৃভাষাত উচ্চ শিক্ষা দিয়াৰ পোষকতা কৰাৰ সময়ত অসমৰ শিক্ষা বিভাগত মই বৰ–সংহিতা ৰচনা কৰি ৰাষ্ট্রীয় শিক্ষানীতিক অৱজ্ঞা কৰি ছাত্র–ছাত্রীক আৰু লগতে শিক্ষকসকলকো যে বিপদত পেলাইছে সেই কথা চকুত আঙুলি ঘোঁকোটা দি সংশ্লিষ্ট বিভাগ বা বিভাগীয় মন্ত্রীক বুজাই নিদিলে ইতিহাসে আপোনাক ক্ষমা নকৰিব৷ মাতৃভাষা ভাবৰ দোলাভাৰী, সেয়ে ভাব আৰু ভাষাৰ সম্পর্কতো সাবটা–সাবটি চিন্তা, মন আৰু আত্মাৰ লগত ভাষাৰ সম্পর্কৰ কথা বিশ্ব খ্যাতনামা ভাষা বিজ্ঞানী নো’ম চমস্কীয়ে কৈ থৈছে ঃ শিশুৰ মনেৰে চিন্তা, সংকল্প আৰু অনুভৱৰ প্রকাশ ঘটে আৰু ই জ্ঞানান্বেষণ সৃষ্টি কৰে, মাতৃভাষাৰ মাধ্যমৰ যোগেদিহে ই সম্ভৱ৷ ভাৰতবর্ষৰ ৰাষ্ট্রীয় শিক্ষানীতিত মাতৃভাষাৰ গুৰুত্ব সর্বাধিক, ইতিমধ্যে ইঞ্জিনিয়াৰিঙৰ পৰিভাষা প্রস্তুত হৈছে৷ স্বাস্থ্য বিভাগৰো কাম–কাজ আৰম্ভ হৈছে৷ কিন্তু আপোনাৰ অধীনৰ শিক্ষা বিভাগে কিয় বেমেজালি সৃষ্টি কৰিছে জনা নাযায়৷ আপুনি বাল্য বিবাহ, ড্রাগ্ছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে, মাদ্রাছাক ধর্ম শিক্ষাৰ পৰা আঁতৰাবলৈ যত্ন কৰিছে, মাদ্রাছা বন্ধ কৰিছে এই সকলো ইতিবাচক বুলি আমি স্বীকাৰ কৰোঁ৷ আপুনি দাৰিদ্র্য সীমাৰেখাৰ তলৰ শ্রেণীক দিয়া সাহায্যৰ ছান কঢাসকলক কঠোৰ শাস্তি দিয়াৰ বিধান নকৰিলে আপুনি সাহসেৰে আগবঢোৱা সেৱা চুৱাপাতনিৰ বস্তু বা অবস্তু নহ’বনে?
সম্প্রতি প্রযুক্তিৰ সুবিধাই মানুহক ৰঙীন কৰিছে– কিন্তু এই ৰং সৌন্দর্যৰ নহয়, মৰণৰহে, ইয়াত জীৱনৰ বৈচিত্র্য নাই, মানৱীয় অস্তিত্বও বিচাৰি পোৱা নাযায়৷ নতুন প্রযুক্তিয়ে মানৱক হেৰুৱাবলৈ শিকাইছে  পাবলৈ শিকোৱা নাই৷ ম’বাইলৰ অধিক ব্যৱহাৰ জাতি ধ্বংসৰ আখৰা হৈছে৷ অসৎ উপায়েৰে অর্জা টকাৰ ওচৰত সত্য পৰাজিত হৈছে, প্রতিদিনে অসৎ আৰু মিছাৰ কদৰ দিনে–দিনে বাঢিছে এনেকৈ বিধ্বস্ত হোৱা আৰু অধিক বিধ্বস্ত হোৱাৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব আপোনাৰ ওপৰতেই ন্যস্ত হৈছে, বিধানসভাত আইন যুগুতাই হ’লেও এই বিধ্বস্ত ৰূপৰ পৰা জনসাধাৰণক ৰক্ষাকৱচ আপুনিয়েই দিব লাগিব৷
ক্ষুদ্র দলীয় দৃষ্টি, স্বার্থপৰতা, নির্বাচনৰ ঊর্ধ্বলৈ মূৰ তুলিব নোৱাৰা মনোবৃত্তি, পৰস্পৰবিৰোধী উক্তিৰে ৰাজনীতিক কুলষিত কৰাসকলক শীলশিক্ষা প্রদান কৰক৷ আপোনাৰ পৰা অসমে বহুত পাবলৈ আশা কৰে, আপোনাৰ ইতিবাচক কামবোৰ প্রশংসাৰ যোগ্য আৰু ঐতিহাসিকৰূপে বিবেচিত৷ আপোনাৰ কল্যাণ অবিৰোধীসকলে প্রচেষ্টা অভিনন্দন পাবৰ যোগ্য৷ কিন্তু অসমৰ অর্থনৈতিক উন্নয়ন দেখি আমি হতাশ হৈছোঁ৷ আপোনাৰ দলৰ অচ্ছে দিনৰ দর্শন অদর্শন হৈছে৷ নির্বাচনী ইষ্টাহাৰৰ অসম দৃষ্টিপত্রৰ ঘোষণা বাঁওকণী হ’ল৷ বর্তমানলৈকে নিযুক্তি দিয়াসকলক উৎপাদকৰূপে গ্রহণ কৰিব নোৱাৰি৷ কর্ম সংস্থাপনৰ বাবে কোনো উৎপাদন গোট সৃষ্টি কৰিব আপুনি নোৱাৰিলে৷ ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৬০ শতাংশ দাৰিদ্র্য সীমাৰেখাৰ তলত৷ অসমৰ নতুন প্রজন্মৰ যুৱক–যুৱতীয়ে হতাশাতভুগিছে৷ এক লাখ যুৱকক দুই লাখকৈ টকা দি হিতাধিকাৰী সৃষ্টিৰে এক বৃহৎ সমস্যাৰ ফালে ৰাজ্যখনক লৈ যোৱা হোৱা নাইনে? উৎপাদনশীল কামতকৈ অনুৎপাদনশীল কামত ধন ব্যয় অধিক৷ ৰাইজক কৰ জাপি দিয়া ধনেৰে হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দিয়াত মাইক্র’ ফাইনেন্সৰ ঋণ মাফ কৰা ধনবোৰ ৰাজহৰ ধন, অকল সেয়ে নহয় ভুৱা কৃষকৰ নামত কোটি কোটি টকা দান দিয়া বুলি আমি অনুভৱ কৰিছোঁ৷ মুখ্যমন্ত্রী মহোদয় মূলধনী শিতানত সামান্য টকা অর্থাৎ ২০ শতাংশ ধন ব্যয় কৰাৰ কাৰণে কোনো উদ্যোগো গঢ লৈ উঠা নাই৷ সেয়ে উৎপাদনশীল উদ্যোগ স্থাপন নকৰাৰ বাবে নিবনুৱাৰ সংখ্যা দ্রুত গতিৰে বৃদ্ধি  হৈছে৷ অসমৰ কৃষিখণ্ডৰ দুর্দশাৰ ছবি ভয়াৱহ৷ কৃষি বিভাগৰ অকর্মণ্যতাৰ বাবে বিনামূলীয়াকৈ চাউল পোৱাৰ বাবে বহুত ধান খেতি কৰা ভূমি বটা পৰি থাকিল৷ সম্পদ সৃষ্টিৰ বাবে চেষ্টা নকৰি জনতাক আত্মনির্ভৰশীল হ’বলৈ সুযোগ নিদিয়াৰ কাৰণে সময়ত আপুনি জনতাৰ দৰবাৰত বিচাৰৰ সন্মুখীন হ’ব৷ মুখ্যমন্ত্রী মহোদয়, বর্তমান ৰাজনীতিৰ পৰা মূল্যবোধে বিদায় লৈছে৷ সুদক্ষ ৰাজনীতিকেও ভুল কৰিব পাৰে কিন্তু ভুলটো স্থায়ী কৰিবলৈ যত্ন নকৰে৷ মহাভাৰতীয় শিক্ষা লওক, দুর্যোধনৰ এটা ভুলৰ পৰিণতি কি হ’ল? কুৰুক্ষেত্র মহাসমৰত অর্জুনৰ গাণ্ডীৱৰ মাহাত্ম্যৰ কথা সকলোৱে জানে৷ কিন্তু সব্যসাচীৰূপে পৰিচিত অর্জুনে মহাসমৰৰ অন্তত গাণ্ডীৱখন কিন্তু দাঙিব নোৱাৰিলে৷ কোনোবা এজন দার্শনিকে কৈছিল, আত্মসংযম, কর্তব্য আৰু বিৱেক তিনি হাজাৰখন কিতাপতকৈ অধিক তাৎপর্যপূর্ণ৷
মুখ্যমন্ত্রী মহোদয়, আপুনি গৃহ বিভাগৰো হর্তাকর্তা বিধাতা৷ ইমান এটা বিয়াগোম আৰক্ষী বিভাগ, চোৰাংচোৱা, ক্রাইমব্রান্স থাকোঁতে দুন্তি পৰায়ণ বিষয়াই আয় বহির্ভূত সম্পত্তিৰ মালিক কেনেকৈ হয়৷ দুন্তিৰ পুতিগন্ধময় বোকাত লুতুৰি–পুতুৰি হোৱা এইসকল কেতিয়াবা পলৰীয়া হয়৷ সিন্ধিখনাত সুনিপুণ শিল্পীৰূপী পলৰীয়াক মৃচ্ছকটিকা নামৰ নাটকখনৰ শর্বিলক নামৰ চৰিত্র যেনেই লাগে৷ তেওঁলোকৰ বিদ্যাৰ টোপোলাত একো নাই স্বভাৱ সিদ্ধ জ্ঞানী চোৰ, ইংৰাজী বাতৰিকাকতখন ওভতাই পঢিলেও শব্দ আৰু বাক্যবোৰ শুদ্ধ হ’বই৷ মুখ্যমন্ত্রী মহোদয়, বন্যার্তৰ চাউল চুৰি কৰি আর্তজনক যমৰ দক্ষিণ দুৱাৰ দেখুওৱাত সহায় কৰাসকলক উপযুক্ত শাস্তি দিয়ালৈ আমি ভক্তিভাৱে অপেক্ষা কৰিম৷ আপুনি ইতিহাসৰ স্রষ্টা বুলিও লোকে কয়৷ অধিকাংশ চৌর্য পাৰংগম বিষয়া–কর্মচাৰীৰ চৰকাৰী চাকৰি গতিকে পুৱা ১২ বজাতে কার্যালয়লৈ আহি হিচাপ–নিকাচ কৰোঁতেই সময় পাৰ হয়, বিভাগবোৰলৈ বিত্ত বিভাগে পুঁজি মোকলাই দিলে কার্যালয়ৰ বৰ ছাৰৰ কামবোৰ বাঢি যায় গতিকে ঘৰতে কামবোৰ কৰিবলৈ ছুটীৰ আবেদন কৰে একমাত্র পত্নীৰ স্বাস্থ্য বেয়া বুলি(as I am the only husband at home, I may be granted leave)৷ এনেকৈ বিভাগবোৰ চলি আছে৷ সেয়ে বর্তমানৰ শুভক্ষণত লেতেৰা কাপোৰেৰে টেবুলখন পৰিষ্কাৰ নকৰি পৰিষ্কাৰ কাপোৰ এখন বিচাৰি উলিওৱাৰ দায়িত্ব আপুনিয়েই ল’ব লাগিব৷ আপোনাৰ অধীনৰ গৃহ বিভাগৰ বাবে দুর্ভাগ্যৰ বোজা চৰকাৰেই বহন কৰিব লাগিব৷ আপুনি আৰক্ষী বিভাগৰ লগত বহুবাৰ আলোচনা কৰা দেখিছোঁ৷ তেওঁলোকক দিয়া পৰামর্শমতে পৰাখিনি কৰিব পাৰিলে চৰকাৰৰ লগতে নিজকো অবাক কৰি দিব পাৰে৷ আপোনাক ৰাইজে দিয়া ক্ষমতাক অধিকাৰলৈ যাতে ৰূপান্তৰ নকৰে তাৰবাবে আমি অনুৰোধ কৰিলোঁ৷
You might also like