🔹 ধ্রুৱ মহন্ত
আগ্রাসনৰ বিৰুদ্ধে বিধানসভাত দিছিল ‘যুদ্ধ’ৰ হুংকাৰ
‘মৈমনচিঙীয়াবিলাকে আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিছে যে আমি তৎ পোৱা নাই৷ এনেস্থলত আমি কি নীতি অৱলম্বন কৰিম? আমি পর্বতে–পাহাৰে গুচি গ’লেহে হ’ব৷ যদি গৱর্নমেণ্টে আমাক Safeguard দিব নোৱাৰে তেন্তে আমাক হুকুম দিয়ক মৈমনচিঙীয়াৰ লগত Open fight দিবলৈ৷ আমি প্রস্তুত আছোঁ, নহ’লে আমাৰ অস্তিত্ব নৰ’ব৷’– অসম বিধানসভাত এই উদাত্ত হুংকাৰ দিছিল বিধায়ক ৰবিচন্দ্র কছাৰীয়ে৷ অসমত পূর্ববংগীয় মুছলমানে চলোৱা ভয়ানক আগ্রাসন আৰু অত্যাচাৰৰ প্রকোপত অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠী, বিশেষকৈ জনজাতিসকলে সন্মুখীন হোৱা ভয়ংকৰ বিপর্যয়ৰ পটভূমিত ১৯৪৪ চনৰ ৬ মার্চত বিধানসভাৰ মজিয়াত এই বক্তব্য দাঙি ধৰিছিল বিধায়ক ৰবিচন্দ্র কছাৰীয়ে৷ মৌলবী চৈয়দ মহম্মদ ছাদুল্লা চৰকাৰৰ আমোলত অসমলৈ পূর্ববংগীয় মুছলমানৰ সোঁত বোৱাই খিলঞ্জীয়াক উৎখাত কৰি এই প্রব্রজনকাৰীসকলক সংস্থাপিত কৰা নীতিৰ বিৰুদ্ধে সদনত গৰজি উঠিছিল বিধায়ক কছাৰী৷
জনজাতিক খেদি মাটি দিছিল মৈমনচিঙীয়াক
বৰপেটাকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত জনজাতি তথা খিলঞ্জীয়া ৰাইজৰ ওপৰত পূর্ববংগৰ প্রব্রজনকাৰী মৈমনচিঙীয়াসকলে বর্বৰ অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি ছাদুল্লা চৰকাৰক কঠোৰ সমালোচনা কৰি বিধায়ক কছাৰীয়ে সদনত আৰু কৈছিল– ‘গৱর্নমেণ্টে এই নীতি কৰিছে যে ১৯৪২ চনৰ পাছত অহা মানুহে মাটি নাপাব৷ কিন্তু গৱর্নমেণ্টে কিবা ৰেজিষ্টাৰ ৰাখিছেনে কোনদিনা কিমান মানুহ আহিছে তাৰ হিচাপ ৰাখিবলৈ? আজি এদিনীয়াবিলাকেও কৈ দিব যে আমি চাৰি বছৰৰ আগেয়ে আহিছিলোঁ৷ যদি সোধা হয় যে ইমানদিন ক’ত আছিলা, তেতিয়া কৈ দিব আমি নগাঁৱত বা বৰপেটাত কামলা আছিলোঁ৷ এইদৰে কৈয়েই মাটিৰ দাবী কৰিছে৷’ অসম বিধানসভাৰ কার্যবিৱৰণীৰ বিধায়ক কছাৰীয়ে বিধানসভাত অভিযোগ তুলিছিল যে এই বেদখলকাৰীবোৰে ৰাজ্যৰ জনজাতি এলেকাত ধাৰাবাহিক আক্রমণ চলাই জনজাতি লোকক খেদি অবাধে ভূমি বেদখল কৰিছে৷
সদনত বেদখল উচ্ছেদৰ দাবী তুলিছিল বৰদলৈয়ে
ছাদুল্লা চৰকাৰৰ ভূমি নীতিৰ তীব্র সমালোচনা কৰি বিৰোধী দলপতি গোপীনাথ বৰদলৈয়ে ১৯৪৪ চনৰ ১৪ নৱেম্বৰত বিধানসভাৰ মজিয়াত কৈছিল যে গ্রো ম’ৰ ফুড আঁচনিৰ গইনা লৈ ছাদুল্লা চৰকাৰে গ্রহণ কৰা ভূমি আবণ্টন নীতিৰ জৰিয়তে অসমৰ ভূমিপুত্রসকলক, বিশেষকৈ গ্রেজিয়াৰসকলক উৎখাত কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে৷ ইয়াৰ বিৰুদ্ধে অসম উপত্যকাত তীব্র প্রতিৰোধী সংগ্রামো গঢ়ি উঠিছে৷ সেয়ে চৰকাৰে প্রব্রজনকাৰীক ৰিজার্ভৰ মাটি আবণ্টন দিয়া বন্ধ কৰি অবিলম্বে বেদখলকাৰী উচ্ছেদ অভিযান আৰম্ভ কৰা উচিত৷ চৰকাৰে প্রথমে অসমৰ ভূমিপুত্রসকলকহে মাটি আবণ্টন দিয়া উচিত৷
দেশাইৰ প্রতিবেদনত বিস্ফোৰক তথ্য
অসমত পূর্ববংগীয় মুছলমানৰ ভয়াৱহ আগ্রাসন আৰু খিলঞ্জীয়া জনসাধাৰণে সন্মুখীন হোৱা অস্তিত্বৰ সংকটৰ প্রসংগ উত্থাপন কৰি বিধানসভাৰ মজিয়াত অত্যন্ত গুৰুত্বপূর্ণ বক্তব্য দাঙি ধৰিছিল বিধায়ক বেলিৰাম দাসে৷ ১৯৪৪ চনৰ ১৬ নৱেম্বৰত সদনত এক সভাস্থগিত প্রস্তাৱ উত্থাপন কৰি বিধায়ক বেলিৰাম দাসে ভূমি নীতি সন্দর্ভত ছাদুল্লা চৰকাৰে শীর্ষ প্রশাসনীয় বিষয়া দেশাইক লৈ গঠন কৰি দিয়া পর্যালোচনা কমিটীৰ প্রতিবেদনৰ উদ্ধৃতি দি এই চৰকাৰে খিলঞ্জীয়াক নিঃশেষ কৰাৰ ভয়ানক ষড়যন্ত্রত লিপ্ত হোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল৷ সদনত ছাদুল্লা চৰকাৰক কঠোৰ সমালোচনা কৰি বিধায়ক দাসে কৈছিল– ‘বংগৰ পৰা অহা বেদখলকাৰীয়ে অসমৰ বিভিন্ন এলেকাত বলপূর্বক আৰু অবৈধভাৱে অবাধ দখল চলাইছে৷ গ্রেজিং ৰিজার্ভসমূহত বেংগলৰ পৰা অহা প্রব্রজনকাৰীয়ে চৰম দৌৰাত্ম্য চলাইছে৷ বর্তমান চৰকাৰৰ নীতিয়ে অসমক চিভিল ৱাৰসদৃশ পৰিৱেশৰ মুখলৈ ঠেলি দিছে৷ এই বেদখলকাৰীসকলৰ দৌৰাত্ম্য আৰু দুষ্কার্যই কামৰূপ, দৰং আৰু নগাঁও জিলাত খিলঞ্জীয়া জনসাধাৰণৰ বাবে অসহনীয় পৰিৱেশৰ সৃষ্টি কৰিছে৷ দেশাইৰ প্রতিবেদনত এই ভয়ংকৰ পৰিস্থিতিৰ বর্ণনা কৰি কোৱা হৈছে– অসমত এতিয়া কার্যতঃ ভূমি আৰু ৰাজহ নীতিৰ কোনো অস্তিত্বই নাই৷ প্রব্রজনকাৰীয়ে প্রশাসনক নস্যাৎ কৰি ৰাজ্যৰ সর্বত্র অবাধ বেদখল চলাইছে৷ মাতব্বৰবিলাকে নতুন নতুন মানুহ আনি বিভিন্ন ঠাইত বহুৱাইছে৷
পূর্ববংগীয় বেদখলকাৰীয়ে খিলঞ্জীয়াৰ ওপৰত চলাইছিল আক্রমণ
প্রব্রজনকাৰীৰ অবাধ বেদখলৰ বিস্তৃত তথ্য দাঙি ধৰি সদনত বেলিৰাম দাসে আৰু কৈছিল যে মঙলদৈ মহকুমাত প্রব্রজনকাৰীৰ বেদখলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ থলুৱা গো–পালকসকলে এতিয়া গৰু–ম’হ চৰাবলৈও মুকলি ঠাই নাইকিয়া হৈছে৷ আনকি মঙলদৈ চহৰৰ সমীপৱর্তী বাঘপৰী, কাৰপৰী, হাৰীপৰী, মিছামাৰী, কৰাইখোৱা আদি অঞ্চল এতিয়া সম্পূর্ণ বেদখলকাৰীৰ কবলত৷ এই বেদখলকাৰীবোৰে খিলঞ্জীয়া অসমীয়া লোকক উপর্যুপৰি আক্রমণৰ ঘটনাও সংঘটিত কৰিছে আৰু এনে বহুকেইটা গোচৰ মঙলদৈৰ আদালতত বিচাৰাধীন হৈ আছে৷ বিধায়ক দাসে নিজে এই অঞ্চল ভ্রমণৰ সময়ত চাৰিং চাপৰিত বেদখলকাৰীয়ে খিলঞ্জীয়াৰ ওপৰত সংঘটিত কৰা আক্রমণৰ ঘটনা প্রত্যক্ষ কৰা বুলিও সদনত বর্ণনা কৰিছিল৷ এই অঞ্চলৰ বহু নেপালী লোকৰ গৰু–ম’হৰ খুঁটি প্রব্রজনকাৰীয়ে বলপূর্বক দখল কৰি লৈছে৷ তেজপুৰ মহকুমাতো এনে বহু ঘটনা সংঘটিত হৈছে৷ বৰদলৈ–মেধিয়ে চলাইছিল ব্যাপক উচ্ছেদ অভিযান৷
বৰদলৈ চৰকাৰে দায়িত্ব লোৱাৰ পাছতে ১৯৪৬ চনৰ ২৮ ফেব্রুৱাৰীত তেতিয়াৰ গুৱাহাটী মহকুমাৰ ছয়গাঁও ৰাজহ চক্রৰ পুকুৰীপাৰ অঞ্চলৰ ৫৪টা পৰিয়ালক উচ্ছেদ কৰে৷ লগে লগে মুছলিম লীগৰ মৌলবী আব্দুল মতিন চৌধুৰী, মৌলবী আব্দুল হামিদ আদি বিধায়কসকলে বিধানসভাত এক সভাস্থগিত প্রস্তাৱ উত্থাপন কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ মৌলবী আব্দুল মতিন চৌধুৰীয়ে সদনত অভিযোগ তুলিছিল– প্রশাসনৰ বিষয়াই আৰক্ষী আৰু স্থানীয় বৃহৎসংখ্যক অসমীয়া হিন্দু লোকৰ লগ হৈ ঘৰ–বাৰী ভাঙি পেলাই প্রায় ২০০ লোকক গৃহহীন কৰিছে৷ উচ্ছেদৰ সময়ত খেতিপথাৰ নষ্ট কৰাৰ লগতে এটা মছজিদো ভাঙি পেলাইছে৷ এয়া চৰকাৰৰ চূড়ান্ত নৃশংস আৰু অমানৱীয় পদক্ষেপ৷
মুছলিম লীগৰ বিধায়কসকলৰ সভা স্থগিত প্রস্তাৱৰ বিৰোধিতা কৰি তেতিয়াৰ ৰাজহ মন্ত্রী বিষ্ণুৰাম মেধিয়ে সদনত কৈছিল– পূর্বৰ মুছলিম লীগ চৰকাৰে ১৯৪৫ চনৰ ২৩ জুলাইতে বেদখল উচ্ছেদ সন্দর্ভত নির্দেশনা জাৰি কৰিছিল আৰু কংগ্রেছ চৰকাৰে সেয়া কার্যকৰীহে কৰিছে৷ এই সমগ্র এলেকাটো গ্রেজিং ৰিজার্ভ৷ উক্ত এলেকাত কোনো খেতি–বাতি নাছিলেই৷ তদুপৰি এই ৫৪টা পৰিয়ালক ১৯৪৫ চনৰ ২০ এপ্রিলত উচ্ছেদ কৰা হৈছিল যদিও ইয়াৰে ৪৪টা পৰিয়ালে চৰকাৰী নির্দেশ অমান্য কৰি পুনৰ উক্ত এলেকাত অবৈধভাৱে ঘৰ সাজিছিল৷ চৰকাৰী জাননী জাৰিৰ পাছত ইয়াৰে একাংশ পৰিয়ালে নিজেই নিজৰ ঘৰ ভাঙি নিছিল আৰু বাকীসকলক উচ্ছেদ কৰা হৈছিল৷ (অসম বিধানসভাৰ কার্যবিৱৰণী)
ব্যাপক উচ্ছেদ অভিযান চলিছিল মঙলদৈ–বৰপেটাতো
১৯৪৬ চনত গোপীনাথ বৰদলৈ চৰকাৰৰ আমোলতে মঙলদৈ আৰু বৰপেটা মহকুমাতো প্রব্রজনকাৰীৰ ব্যাপক বেদখলৰ বিৰুদ্ধে বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছিল৷ মুছলিম লীগৰ বিধায়কসকলে মঙলদৈ আৰু বৰপেটাৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধেও সভা স্থগিত প্রস্তাৱ আনি বিধানসভাত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ মুছলিম লীগৰ মৌলানা চৈয়দ আব্দুৰ ৰৌফ, মৌলবী আব্দুল হামিদ, মৌলবী মইনউদ্দিন আহমেদ চৌধুৰী আদিয়ে মঙলদৈ আৰু বৰপেটাৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে সভা স্থগিত প্রস্তাৱ আনি বাৰিষাকালত উচ্ছেদ অভিযান চলাই কংগ্রেছ চৰকাৰে অমানৱীয়তাৰ পৰিচয় দিয়া বুলি অভিযোগ আনিছিল৷ মুছলিম লীগৰ বিধায়কসকলৰ অভিযোগ আছিল– বৰদলৈ চৰকাৰে মঙলদৈ আৰু বৰপেটাত হাজাৰ হাজাৰ লোকক ঘৰ জ্বলাই দি উচ্ছেদ কৰি গৃহহীন কৰাৰ লগতে খেতিপথাৰো নষ্ট কৰিছে আৰু এই প্রব্রজনকাৰীসকলৰক দুর্যোগৰ মুখলৈ ঠেলি দি ভয়ংকৰ নৃশংসতাৰ উদাহৰণ দাঙি ধৰিছে৷
অৱশ্যে মুছলিম লীগৰ বিধায়কসকলৰ অভিযোগক পোনপটীয়াকৈ নাকচ কৰি তেতিয়াৰ ৰাজহ মন্ত্রী বিষ্ণুৰাম মেধিয়ে বিধানসভাত কৈছিল– বিশেষ চক্রৰ উচটনিত বৃহৎসংখ্যক বাহিৰা লোকে আহি এই গ্রেজিং ৰিজার্ভবোৰত বেদখল চলাইছিল৷ চৰকাৰে নিশ্চিতভাৱে এবাৰ গ্রেজিং ৰিজার্ভত উচ্ছেদ অভিযান চলোৱাৰ পাছত সেই এলেকাবোৰ পুনৰ বেদখলৰ বাবে এৰি দিব নোৱাৰে আৰু পুনৰ বেদখল নোহোৱাটো নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব৷ এই এলেকাত মে’ মাহত উচ্ছেদ অভিযান চলোৱাৰ পাছত জুন মাহত বেদখলকাৰীসকলে পুনৰ থিতাপি লৈছিলহি৷ সেয়ে এইক্ষেত্রত পদক্ষেপ ল’বলৈ চৰকাৰ বাধ্য৷
নেতাৰ ‘লীগপন্থী’ মানসিকতা কিয়?
১৯৪৬ চনৰ বিধানসভাৰ এই কার্যবিৱৰণীয়ে স্পষ্টভাৱে প্রতিপন্ন কৰে যে বেদখল উচ্ছেদৰ ক্ষেত্রত ১৯৪৬ চনৰ এই পৰিস্থিতি ২০২৫ চনতো একেই আছে, বৰং বেদখলৰ প্রকোপ বহু হাজাৰ গুণে বৃদ্ধিহে পাইছে৷ সেই সময়ত প্রব্রজনকাৰীৰ বেদখল উচ্ছেদ কৰিবলৈ গৈ বৰদলৈ–মেধিৰ চৰকাৰ মুছলিম লীগৰ প্রবল প্রতিৰোধৰ সন্মুখীন হৈছিল৷ বর্তমানেও বেদখল উচ্ছেদৰ ক্ষেত্রত চৰকাৰৰ বিৰুদ্ধে আঠটা দশকৰ পূর্বৰ সেই একে সুৰতে অভিযোগ উত্থাপন কৰিছে একাংশ ৰাজনৈতিক নেতাই৷ কেৱল সামগ্রিক প্রেক্ষাপটত এটাই পৰিৱর্তন ঘটিছে– মুছলিম লীগৰ ঠাইত এতিয়া ভোটবেংকৰ ৰাজনীতিত বিশ্বাসী একাংশ বিৰোধী ৰাজনৈতিক নেতা সেই সময়ৰ লীগ নেতৃত্বৰ ভূমিকাত অৱতীর্ণ হৈছে৷ ভোটবেংকৰ ৰাজনীতিত মত্ত একাংশ বিৰোধী নেতাই এতিয়া ভাছানী–ছাদুল্লাৰ সুৰতে বেদখলকাৰীৰ সমর্থনত শ্লোগান দিবলৈ আৰম্ভ কৰিছে৷ এইক্ষেত্রত একাংশ বুদ্ধিভ্রষ্ট বুদ্ধিজীৱীয়েও সমানে উজান দিছে৷ এইক্ষেত্রত সর্বসাধাৰণ ৰাইজে আঠটা দশকৰ পূর্বে লোকপ্রিয় বৰদলৈ–লৌহপুৰুষ মেধি চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ সৈতে বর্তমান চৰকাৰে দেশ–জাতিৰ সুৰক্ষাৰ ক্ষেত্রত লোৱা পদক্ষেপৰ বহুলাংশে সাদৃশ্য দেখা পাইছে৷ ইয়াৰ বিপৰীতে কিন্তু বর্তমানে বৰদলৈ–মেধিৰ দলক প্রতিনিধিত্ব কৰা একাংশ নেতাৰ মুখত শুনা গৈছে আঠটা দশকৰ পূর্বে বেদখলকাৰীক সুৰক্ষা–সমর্থন দি মুছলিম লীগৰ নেতৃত্বই দিয়া ভাষণৰ প্রতিধ্বনি৷ এটা শতিকাজোৰা এই যুঁজত অসমৰ খিলঞ্জীয়া জনসাধাৰণ নিজৰ অস্তিত্ব বর্তাই ৰখাৰ ক্ষেত্রত এতিয়া চৰম সংকটৰ সন্মুখীন হৈছে৷ কিন্তু ইয়াৰ পাছতো ক্ষমতাৰ মোহত অন্ধ আমাৰ একাংশ নেতাই জাতিৰ স্বার্থক বিসর্জন দি সেই সময়ৰ ‘মুছলিম লীগ’ৰ নেতৃত্বৰ ভূমিকাত অৱতীর্ণ হ’ব বিচৰাটো সঁচাকৈয়ে আশ্চর্যজনক৷ এইসকল ৰাজনৈতিক–বৌদ্ধিক নেতাৰ এনে ‘লীগপন্থী’ মানসিকতাই নিশ্চিতভাৱে জাতিৰ চৰম বিপর্যয়ৰ ক্ষণ ক্রমাৎ চমুৱাই আনিছে৷