বিশেষ লেখা : অসমৰ গৌৰৱৰ পুনৰুদ্ধাৰ : প্ৰগতিমুখী যাত্ৰাৰ কাহিনী
বিশেষ লেখা
পবিত্ৰ মাৰ্ঘেৰিটা
স্বাধীনতাৰ সময়ত, সমগ্ৰ ব্ৰিটিছ ভাৰতৰ সৰ্বাধিক ৰাজহ পৰিশোধ কৰা ৰাজ্যসমূহৰ ভিতৰত ৰাষ্ট্ৰীয় গড়তকৈ ৪.১% অধিক জনমূৰি আয়ৰ সৈতে অন্যতম আছিল অসম। অৱশ্যে, পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থাগত উদাসীনতা আৰু উপেক্ষাৰ এক দুৰ্ভাগ্যজনক পৰিক্ৰমাৰ মাজেৰে ধাৱিত ৰাজ্যখনৰ পৰিস্থিতি সকলো অৰ্থনৈতিক সূচকৰ জৰিয়তে স্পষ্ট হৈ উঠিছিল। ১৯৮০ৰ পৰা ৮১ চনৰ সময়চোৱাত অসমৰ জনমূৰি আয়, ৰাষ্ট্ৰীয় গড়তকৈ ২৭% আৰু ২০১৩-১৪ চনলৈকে ৰাজ্যখনৰ জনমূৰি মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় স্তৰতকৈ ৪০% হ্ৰাস হয়। ভাৰতৰ অন্যান্য ৰাজ্য সমূহত গ্ৰাম্য দৰিদ্ৰতা ক্ৰমান্বয়ে হ্ৰাস হোৱাৰ বিপৰীতে, অসমত ১৯৫০ চনৰ পৰা ১৯৯০ চনলৈকে গ্ৰাম্য দৰিদ্ৰতা বৃদ্ধি পাইছিল, যাৰ ফলত গভীৰ সামাজিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল।
যেতিয়া উদাসীনতা নীতিত পৰিণত হ’লঃ অসমৰ হৃত সময়
অৱৈধ প্ৰব্ৰজনকাৰীৰ ব্যাপক প্ৰভাৱৰ ফলত ৰাজ্যখনত জনগাঁথনিমূলক পৰিৱৰ্তন ঘটাৰ লগতে অসমৰ সীমিত সম্পদৰ ওপৰত অপৰিসীম চাপ পৰে। কংগ্ৰেছ দলৰ তুষ্টিকৰণৰ ৰাজনীতি আৰু অসমৰ জনগাঁথনিগত তথা সাংস্কৃতিক অখণ্ডতাৰ প্ৰতি তেওঁলোকৰ উদাসীনতাই অবৈধ প্ৰব্ৰজনকাৰীসকলক ৰক্ষা কৰাৰ নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণৰ দিশে তেওঁলোকক ধাৱিত কৰায়। অসমৰ সহস্ৰ লোকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে যদিও এই প্ৰতিবাদক আওকাণ কৰি কংগ্ৰেছ চৰকাৰে প্ৰতিবাদী কণ্ঠ সমূহ দমন কৰাৰ অভিপ্ৰায়েৰে অবৈধ প্ৰব্ৰজন মুক্ত এখন অসম গঢ়ি তোলাৰ বাবে সংগ্ৰাম কৰি থকা প্ৰায় ৮৬০ গৰাকী নিৰ্দোষী অসমীয়াক হত্যা কৰে। পৰৱৰ্তী পৰ্যায়ত, ১৯৮৩ চনত ইন্দিৰা গান্ধী চৰকাৰে কেৱল অসমত প্ৰযোজ্য হোৱা “অবৈধ প্ৰব্ৰজনকাৰী (ন্যায়াধীকৰণৰ দ্বাৰা নিৰ্ধাৰণ হোৱা) আইন” প্ৰৱৰ্তন কৰাৰ ফলত অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত আৰু দেশান্তৰিত কৰাৰ পথ প্ৰকৃতাৰ্থত বন্ধ হৈ পৰে। ২০০৫ চনত উচ্চতম ন্যায়ালয়ে অৱশেষত আইএমডিটি আইন বাতিল কৰি এই আইন অসাংবিধানিক বুলি ঘোষণা কৰে , যদিও এই আইনে ইতিমধ্যে যথেষ্ট নেতিবাচক প্ৰভাৱ পেলায়। কেইবা দশক ধৰি চলি অহা বিশেষ কিছু আইনী ব্যৱস্থাৰ জৰিয়তে বৃহৎ পৰিমাণৰ ভূমিত বেদখল হোৱাৰ ফলত সমগ্ৰ ৰাজ্যত জনগাঁথনিমূলক পৰিৱৰ্তন হয়।
প্ৰশাসনীয় ব্যৰ্থতা, উদাসীনতা তথা অবৈধ প্ৰব্ৰজনৰ বিষয়টোৰ প্ৰতি অৱহেলাৰ ফলত স্বাধীন ভাৰতৰ ইতিহাসৰ এক অন্যতম তিমিৰাচ্ছন্ন কালত অসমে প্ৰৱেশ কৰিলে। বিদ্ৰোহী গোটসমূহৰ উত্থানে গণ হিংসা, অপহৰণ আৰু অৰ্থনৈতিক অচলাৱস্থাৰ সৃষ্টি কৰিলে। বিদ্ৰোহজনিত ঘটনাৰ ফলত প্ৰায় ৪,৫০০ অসামৰিক আৰু ৭০০ নিৰাপত্তা বাহিনীৰ লোককে ধৰি ১০ হাজাৰতকৈও অধিক লোকে প্ৰাণ হেৰুৱালে। উদ্যোগ খণ্ডত কৰ্মৰত কাৰ্যবাহীসকলক দ্বিধাহীনভাবে অপহৰণ কৰা হ’ল, কেইবাটাও বেংক লুট কৰা হ’ল আৰু বিনিয়োগো হ্ৰাস পালে। প্ৰশাসন ধ্বংস হোৱাৰ সমান্তৰালকৈ অসম ক্ৰমান্বয়ে এক অতি অস্থিৰ আৰু উত্তেজনাময় অঞ্চল হৈ পৰিল।
কিন্তু কথাবোৰ কেৱল প্ৰশাসন বা নিৰাপত্তাৰ ক্ষেত্ৰতে সীমাবদ্ধ নাছিল। জৱাহৰলাল নেহৰুৰ “ আহোম ৰজাসকলৰ প্ৰতি মই আগ্ৰহী নহয় আৰু কেতিয়াও আগ্ৰহী নাছিলো,” বোলা অৱজ্ঞাসূচক বক্তব্যৰ জৰিয়তে অসমৰ গৌৰৱময় অতীতৰ প্ৰতি তেওঁৰ উদাসীনতা প্ৰতিফলিত হৈছিল। ইতিহাস, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি এই অৱহেলা কংগ্ৰেছ চৰকাৰৰ উত্তৰসূৰীসকলেও প্ৰদৰ্শন কৰি আহিছিল, য ‘ত কেৱল সাধাৰণ অসমীয়া লোকক উপেক্ষা কৰা হোৱা নাছিল, তাৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে অসমৰ আদৰণীয় ব্যক্তিসকলৰ বৰঙণিকো কেতিয়াও সন্মানিত কৰা হোৱা নাছিল। অদক্ষ প্ৰশাসনৰ লগতে পৰিচয় আৰু সংস্কৃতিৰ এই বহুমাত্ৰিক উপেক্ষাই অসমক বিচ্ছিন্নতা আৰু হতাশাৰ দিশে লৈ গৈছিল। এই কথা স্পষ্ট যে ৰাজ্যখনত এক মৌলিক সংশোধনৰ প্ৰয়োজন আছিল, যাৰ বাবে এক শক্তিশালী ৰাজনৈতিক সদিচ্ছা, এক নিৰ্ণায়ক নেতৃত্ব তথা শান্তি আৰু বিকাশৰ বাবে দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ প্ৰয়োজন।
এক মাইলৰ খুঁটি : চন ২০১৪ আৰু শান্তিৰ সূৰ্যোদয়
২০১৪ চনত নৰেন্দ্ৰ মোদী মহাশয় ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে অসমৰ কাহিনীত এক নিৰ্ণায়ক পৰিৱৰ্তন সংঘটিত হয়। পূৰ্বে বিদ্ৰোহৰ বাবে তথা অনগ্ৰসৰ অঞ্চল হিচাপে পৰিচিত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমক শ্ৰী মোদীয়ে ‘অষ্টলক্ষ্মী’ আখ্যা দিয়ে। ইয়াৰ লগে লগে এক নতুন আশাৰ সঞ্চাৰ হয় আৰু জনসাধাৰণৰ আকাংক্ষাই পুনৰ পাখি মেলিবলৈ আৰম্ভ কৰে। এই অঞ্চলৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিজকে গৌৰৱেৰে ঘোষণা কৰা প্ৰধানমন্ত্ৰীগৰাকীৰ নিষ্ঠা আৰু প্ৰতিশ্ৰুতি ৭৫ বাৰতকৈও অধিক উত্তৰ-পূৰ্বাঞ্চললৈ তেওঁৰ আগমণৰ জৰিয়তে প্ৰতিফলিত হয়। আন সকলো প্ৰধানমন্ত্ৰীৰ মুঠ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণতকৈও অধিক বাৰ শ্ৰীনৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। ২০১৬ চনত অসমত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত ৰাজ্যখনত আন এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধিত হয়। দ্বৈত ইঞ্জিনৰ চৰকাৰ তথা কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সমন্বয়ৰ দৃষ্টিভংগীৰ জৰিয়তে ৰাজ্যখনে প্ৰশাসনীয় সংস্কাৰ, শান্তি স্থাপন আৰু বিকাশ কৌশলৰ সম্পূৰ্ণ নৱৰূপ লাভ কৰে।
এই প্ৰভাৱ এতিয়া বাস্তৱ ক্ষেত্ৰত পৰিলক্ষিত হৈছে। অসমত বিদ্ৰোহ সম্পৰ্কীয় ঘটনা পূৰ্বৰ প্ৰতি বছৰৰ গড় ৩১৩ (২০০১-২০১৫ চনৰ সময়চোৱাত) ৰ পৰা আৰম্ভ কৰি সম্প্ৰতি একক সংখ্যালৈ হ্ৰাস হৈছে। অসামৰিক তথা নিৰাপত্তা বাহিনীৰ হতাহত হোৱা লোকৰ সংখ্যা ৯৫% তকৈও অধিক হ্ৰাস হৈছে। এই ক্ষেত্ৰত বিগত তিনি বছৰত কোনো লোক হতাহত হোৱাৰ তথ্য নাই। অপহৰণৰ ঘটনা ৯৪% হ্ৰাস হৈছে। বড়ো শান্তি চুক্তি (২০২০), কাৰ্বি আংলং চুক্তি (২০২১), আদিবাসী শান্তি চুক্তি (২০২২), ডিমাছা ৰাষ্ট্ৰীয় মুক্তি বাহিনী (ডিএনএলএ) শান্তি চুক্তি (২০২৩) আৰু সংযুক্ত মুক্তি বাহিনী অসম (আলফা) শান্তি চুক্তি (২০২৩) ৰ দৰে ঐতিহাসিক চুক্তিৰ স্বাক্ষৰৰ জৰিয়তে ৭,৫০০তকৈও অধিক বিদ্ৰোহীয়ে অস্ত্ৰ সমৰ্পণ কৰি মূল সুঁতিলৈ উভতি আহিছে। এয়া কেৱল তথ্যই নহয়, এয়া আঞ্চলিক প্ৰয়োজনসমূহ উপলব্ধি কৰাৰ দিশে গভীৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত কৰি নিৰন্তৰ আলোচনাৰ জৰিয়তে সম্ভৱ হৈ উঠা বাস্তৱ শান্তিৰ প্ৰতিচ্ছবি। আন্তঃগাঁথনি উন্নয়ন আৰু সাংস্কৃতিক স্বীকৃতি প্ৰদান কৰাৰ সংগঠিত দৃষ্টিভংগীৰ জৰিয়তে এয়া আহৰণ কৰা হৈছে।
ভৱিষ্যত নিৰ্মাণ : অসমৰ বিকাশৰ কাহিনী
বিগত দশকত অসমত কেৱল নৱ সুস্থিৰতাই নহয়, বৰঞ্চ ৰাজ্যখনৰ জনসাধাৰণৰ জীৱনত উল্লেখনীয় প্ৰগতি পৰিলক্ষিত হৈছে। ২০১৫-১৬ সময়চোৱাত দৰিদ্ৰতাৰ হাৰ ৩২.৬ % ৰ পৰা ২০২২-২৩ চনৰ সময়চোৱাত ১৪.৭ % লৈ হ্ৰাস হোৱাৰ পূৰ্বানুমানৰ জৰিয়তে দেখা গৈছে যে বিগত ১০ বছৰত ৰাজ্যখনত দৰিদ্ৰতা দ্ৰুতগতিত হ্ৰাস হৈছে। একেদৰে, ২০১৭-১৮ বৰ্ষৰ নিবনুৱাৰ হাৰ ৭. ৯%তকৈ ( যি আছিল ৰাষ্ট্ৰীয় গড় ৬% তকৈ অধিক) ২০২২-২৩ সময়চোৱাত নিবনুৱাৰ হাৰ মাত্ৰ ১. ৭% লৈ হ্ৰাস হৈছে। এই হাৰ ৰাষ্ট্ৰীয় গড় ৩.২% তকৈ কম। জীৱন ধাৰণৰ মানৰ উন্নয়নে অসমৰ প্ৰগতিৰ সম্ভাৱনাৰ উন্মেষ ঘটাইছে। ২০১৫-১৬ বৰ্ষৰ সময়চোৱাত অসমৰ জনমূৰি আয়তকৈ সম্প্ৰতি জনমূৰি আয় ২.৫ গুণ অধিক। ২০২৩-২৪ চনত, অসমত মুঠ ঘৰুৱা উৎপাদন ১২.৮% (বৰ্তমানৰ দৰত) আৰু ৭.৯% (স্থিৰ দৰত)। এই হাৰ ৰাষ্ট্ৰীয় গড় ক্ৰমে ৯.৭% আৰু ৬.৪% তকৈ অধিক। সম্প্ৰতি অসম ভাৰতৰ তৃতীয় দ্ৰুততম বিকাশশীল ৰাজ্য।
আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে বিকাশৰ গতি ত্বৰান্বিত কৰিছে। ২০১৪ চনৰ পৰা অসম ৰাজ্যত ৩,১১৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কৰা হৈছে। ৰে’লৱেত আন্তঃগাঁথনি প্ৰকল্প আৰম্ভ কৰাৰ গতি দুগুণ হৈছে। তদুপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গড় ৰেল বাজেটৰ আৱণ্টন সম্প্ৰতি ২০০৯-১৪ সময়চোৱাৰ গড়তকৈ চাৰি গুণ অধিক। যোৱা ৬০ বছৰত ব্ৰহ্মপুত্ৰত মাত্ৰ তিনিখন দলং নিৰ্মাণ কৰা হোৱাৰ বিপৰীতে মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালতেই তিনিখন দলং ইতিমধ্যে সংযোজন কৰা হোৱাৰ সমান্তৰালকৈ আন পাঁচখন দলং নিৰ্মীয়মান অৱস্থাত আছে । ভূপেন হাজৰিকা সেতু আৰু বগীবিল দলঙৰ দৰে প্ৰকল্পসমূহে যোগাযোগ উন্নত কৰাৰ লগতে আমাৰ সীমান্ত অধিক সুৰক্ষিত কৰি তুলিছে। ২০২৭ চনৰ ভিতৰত বছৰি আনুমানিক ১. ১ নিযুতৰো অধিক বয়বস্তু সৰবৰাহ কৰাৰ সামৰ্থৰে নতুনকৈ উদ্বোধন কৰা আভ্যন্তৰীণ জলপথ টাৰ্মিনেল তথা ৭০০ কোটি টকা ব্যয়েৰে যোগীঘোপাত বিকশিত হৈ থকা ভাৰতৰ প্ৰথম মাল্টিমডেল লজিষ্টিক পাৰ্কৰ সৈতে অসম লজিষ্টিক্সৰ হাব হৈ উঠাৰ বাবে সাজু হৈছে। সমাগত বছৰসমূহত আছিয়ানৰ সৈতে ভাৰতৰ বাণিজ্য ১২৫ বিলিয়ন ডলাৰৰ পৰা ২০০ বিলিয়ন ডলাৰলৈকে বৃদ্ধি হোৱাৰ আশা কৰা হৈছে। অসম এতিয়া এই যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু হৈ উঠিছে।
বিনিয়োগৰ ক্ষেত্ৰতো যথেষ্ট বৃদ্ধি পৰিলক্ষিত হৈছে। শেহতীয়াকৈ সমাপ্ত ‘এডভাণ্টেজ অসম ২.০’ সন্মিলনৰ জৰিয়তে প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি সুনিশ্চিত হৈছে। মৰিগাঁৱৰ ২৭, ০০০ কোটি ব্যয়ৰ ছেমিকণ্ডাক্টৰ প্লাণ্টে ২০২৬ চনত উৎপাদন আৰম্ভ কৰাৰ কথা। ইয়াৰ জৰিয়তে দৈনিক হ’বলগীয়া ৪৮ নিযুত চিপছৰ উৎপাদনে আন্তৰ্জাতিক ছেমিকণ্ডাক্টৰ প্ৰেক্ষাপটত অসমকো স্থান দিয়াৰ লগতে ৰাজ্যখনক এখন অন্যতম উল্লেখযোগ্য উচ্চ প্ৰযুক্তি নিৰ্মাণকাৰী কেন্দ্ৰ হিচাপে সাজু কৰি তুলিছে।
পৰিচয়ৰ পুনৰ সন্ধান, গৌৰৱৰ পুনৰুদ্ধাৰ
কেইবা দশক ধৰি কংগ্ৰেছে অৱহেলা কৰি অহা অসমৰ সংস্কৃতি, ইতিহাস আৰু ঐতিহ্যৰ নতুনকৈ ঘূৰি অহা গৌৰৱ আৰু স্বীকৃতিত ৰাজ্যখনৰ পুনৰুত্থান প্ৰতিফলিত হৈছে। বিগত চাৰি বছৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৪২,০০০ একৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা হৈছে। আজি আহোম ৰাজ্যৰ গৌৰৱশালী ঐতিহ্য তথা মোগল সেনাবাহিনীক পৰাস্ত কৰা লাচিত বৰফুকনৰ বীৰগাঁথা এনচিইআৰটি পাঠ্যপুথিত সঠিকভাবে স্থানাভিষিক্ত হৈছে। মোদী চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে। ২০২৩ চনত বিহুৰ অভিলেখ ভংগ কৰা প্ৰদৰ্শন তথা চলিত বৰ্ষৰ ঝুমুইৰ বিনন্দিনীৰ দৰে বৃহৎ সাংস্কৃতিক কাৰ্যসূচীসমূহে অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ গৈছে। বিজেপি চৰকাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু ড০ ভূপেন হাজৰিকাক তেওঁলোকৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা যাচিবলৈ ভাৰত ৰত্ন প্ৰদান কৰে। এই পদক্ষেপ কেৱল প্ৰতিকী সন্মান প্ৰদৰ্শনেই নহয়, ই হৈছে অসমৰ ঐতিহ্যক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সৈতে একত্ৰিত কৰা তথা ৰাজ্যখনৰ সাংস্কৃতিক শক্তি বিশ্ব দৰবাৰত দাঙি ধৰাৰ উদ্দেশ্যে এক সচেতন প্ৰচেষ্টা।
যোৱা দশকত অসমৰ পৰিৱৰ্তনৰ এই গাঁথা অনুপ্ৰেৰণাদায়ক । বিদ্ৰোহ, অস্থিৰতা, অৱহেলা আৰু নিম্নগামী অৰ্থনীতিৰ দশকসমূহ এতিয়া আৰু নাই। এতিয়া এই ৰাজ্য গৌৰৱৰ পথত। ২০২৫ চনৰ ৮ ছেপ্টেম্বৰৰ পৰা বছৰজোৰা কাৰ্যসূচীৰ সৈতে আমি ভাৰত ৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ সময়ত, ভূপেন হাজৰিকাৰ সপোনৰ অসম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজিৰ দিনত বাস্তৱত পৰিণত হৈছে। এটা অস্থিৰ তথা অৱহেলিত অঞ্চলৰ পৰা দ্ৰুততম বিকশিত ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈ উঠা অসম, বিকশিত ভাৰত ২০৪৭ ৰ দৃষ্টিভংগীক নেতৃত্ব দিবলৈ সাজু হৈ উঠিছে।