নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব… সন্মুখীন হ’ব শাস্তিৰ

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ  বেংক সকলোৰে পৰিচিত এক প্ৰতিষ্ঠান। য’ত আমি সকলোৱে বিভিন্ন বিত্তীয় লেনদেন সংক্ৰান্তীয় কাম কৰো। কিন্তু বিভিন্ন সময়ত গ্ৰাহকক বেংকৰ কৰ্মচাৰীয়ে বেয়া ব্য়ৱহাৰ কৰি আহিছে।

কিন্তু এতিয়াৰে পৰা বেংকৰ কৰ্মচাৰীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব। গ্ৰাহকক বেয়া ব্যৱহাৰ কৰিলে বিপদৰ সন্মুখীন হ’ব কৰ্মচাৰী। দেশৰ সৰ্ববৃহত বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই মুকলি কৰিছে দুটাকৈ হেল্পলাইন। ষ্টেট বেংক অফ ইণ্ডিয়াই মুকলি কৰা হেল্পলাইন 18004523800 আৰু 1800112211 নম্বৰত অভিযোগ দিব পাৰিব। যদি বেংকটোৰ কৰ্মচাৰীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰে তেন্তে উক্ত ট্ৰল ফ্ৰী নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব। আনহাতে এচ এম এছৰ মাধ্যমেদিও অভিযোগ দিব পাৰিব গ্ৰাহকসকলে। ইয়াৰ বাবে গ্ৰাহকসকলে unhappy লিখি পঠিয়াব লাগিব 8002802020 নম্বৰলৈ।

উল্লেখ্য যে ষ্টেট বেংকৰ কৰ্মচাৰী সকলে গ্ৰাহকক বিভিন্ন সময়ত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। অভিযোগ পোৱাৰ পিছত বেংকে কৰ্মচাৰীসকলৰ ওপৰত কি ব্যৱস্থা ল’ব সেইটোহে লক্ষণীয় হ’ব।

You might also like