নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সতীর্থক শ্রেষ্ঠত্ব উজাৰি দিবলৈ আহ্বান অধিনায়ক কোহলিৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ বিপক্ষে আজি সামৰণি পৰা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোত সতীর্থসকলে কৰা প্রদর্শনত সন্তুষ্টি ব্যক্ত কৰিছে ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে৷

আগন্তুক সময়ত বিশ্ব ক্রিকেটত দমনীয় প্রদর্শন দাঙি ধৰিবলৈ হ’লে প্রত্যেকগৰাকী সতীর্থই শ্রেষ্ঠত্ব উজাৰি দিব লাগিব বুলি উল্লেখ কৰি ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে কয় যে আমি প্রতিগৰাকী খেলুৱৈয়ে শ্রেষ্ঠত্ব উজাৰি খেলিব লাগিব আৰু তেতিয়াহে বিশ্ব ক্রিকেটত ভাৰতীয় দলটোৰ দমনীয় প্রদর্শন অব্যাহত থাকিব৷ বিগত দুই–তিনি বছৰত আমাৰ প্রদর্শন বহুখিনি সালসলনি হৈছে৷ অনাগত সময়তো ভাৰতীয় দলটোৱে যাতে দেশৰ লগতে বিদেশৰ মাটিতো উন্নত প্রদর্শন দাঙি ধৰিব পাৰে, তাৰ বাবে দলটোৰ প্রত্যেকগৰাকী সদস্যই নিজৰ শ্রেষ্ঠত্ব উজাৰি দিব লাগিব আৰু এতিয়াৰ পৰাই সতীর্থসকলে নিজকে সাজু কৰি তোলা উচিত বুলি কোহলিয়ে লগতে কয়৷

ইফালে, সদ্যসমাপ্ত শৃংখলাটোত লোকেশ ৰাহুল আৰু ৰোহিত শর্মাই কৰা বেটিং প্রদর্শনক ভূয়সী প্রশংসা কৰি কোহলিয়ে কয় যে দিনকদিনে ৰাহুলে নিজৰ ফর্ম উন্নত কৰি আহিছে৷ ভাৰতীয় দলটোৰ বাবে এয়া এক শুভ লক্ষণ৷ এই শৃংখলাটোত ভাৰতীয় দলটোৰ জয়ৰ মূলতে ৰাহুল, ৰোহিতৰ লগতে বলাৰসকলৰো ভূমিকা আছিল উল্লেখনীয়৷ এইবুলি উল্লেখ কৰে অধিনায়কগৰাকীয়ে৷

You might also like