ৰিয়ান পৰাগৰ নেতৃত্বত কে থিম্মাপ্পাইয়া সোঁৱৰণী ক্ৰিকেটলৈ অসম দল ঘোষণা
বেংগালুৰুত ৪ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া কে এছ চি এ ড° (কেপ্তেইন) কে থিম্মাপ্পাইয়া সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ৰিয়ান পৰাগৰ নেতৃত্বত অসমৰ ২০জনীয়া দলটো ঘোষণা কৰা হৈছে। লীগ পৰ্যায়ত অসমে মুম্বাই, কৰ্ণাটক আৰু গুজৰাটৰ বিৰুদ্ধে খেলিব।
ঘোষিত দলটো : ৰিয়ান পৰাগ (অধিনায়ক), পাৰভেজ মুচাৰফ, ঋষভ দাস, ডেনিছ দাস, স্বৰূপম পুৰকায়স্থ, শিৱশংকৰ ৰয়, শুভম মণ্ডল, সুমিত ঘাদিগাওকাৰ (উইকেটকীপাৰ), অনুৰাগ তালুকদাৰ (উইকেটকীপাৰ), অভিষেক ঠাকুৰী (উইকেটকীপাৰ), মুখতাৰ হুছেইন, মৃন্ময় দত্ত, আকাশ সেনগুপ্ত, আয়ুষ্মান মালাকাৰ, দীপজ্যোতি শইকীয়া, ৰাহুল সিং, ৰোহিত সিং, অভিনৱ চৌধুৰী, ভাৰ্গৱ প্ৰতিম লহকৰ আৰু অম্লানজ্যোতি দাস।
সহায়ক ষ্টাফ : মুখ্য প্ৰশিক্ষক : নোৱেল ডেভিদ, প্ৰশিক্ষক তথা মেনেজাৰ : ৰাজীৱ ৰাজবংশী, ফিজিঅ’ : ভীষ্ম প্ৰতাপ সিং, প্ৰশিক্ষক : ভাস্কৰ বৰা আৰু ভিডিঅ’ বিশ্লেষক : ৰাজেশ শৰ্মা।
অসম ক্ৰিকেট সন্থাই বিশ্বাস কৰে যে এনে ধৰণৰ প্ৰতিযোগিতাৰ অংশগ্ৰহণে ক্ৰিকেটাৰসকলক অমূল্য অভিজ্ঞতা প্ৰদান কৰিব, যিয়ে সামগ্ৰিকভাৱে ৰাজ্যৰ ক্ৰিকেটকো সমৃদ্ধ কৰিব। অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।
Niyomiya Barta Desk, 2 September