নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাসৰুদ্ধকৰ মেচত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত আফগানিস্তান

বিশেষ বাৰ্তা, ৪ নৱেম্বৰঃ এডিলেইডত অনুষ্ঠিত আজিৰ মেচখনত অষ্ট্ৰেলিয়াই আফগানিস্তানক ৪ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ১৬৯ ৰানৰ লক্ষ্য দিছিল। ইয়াৰ উত্তৰত আফগান দলটোৱে মাত্ৰ ১৬৪ ৰানহে কৰে। অষ্ট্ৰেলিয়াৰ আডাম জাম্পা আৰু জছ হেজলউডে দুটাকৈ উইকেট দখল কৰে। আনহাতে গ্লেন মেক্সৱেলে অৰ্ধশতক অৰ্জন কৰে। আফগানিস্তানৰ হৈ গুলবাদিন নাইবে ৩৯ ৰানৰ ইনিংছ খেলে। ৰছিদ খানে অপৰাজিত ৪৮ ৰান সংগ্ৰহ কৰে যদিও শেষ ৰক্ষা নহল। অষ্ট্ৰেলিয়াই দিয়া লক্ষ্যৰ পিছত খেদি আফগানিস্তান দলৰ হৈ ইনিংছ মুকলি কৰে ৰহমানুল্লাহ গুৰবাজ আৰু উছমান ঘানীয়ে। প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬৮ ৰান সংগ্ৰহ কৰে।

You might also like