জল্পনা-কল্পনাৰ অন্ত, শ্ৰেয়াছ আয়াৰক অধিনায়ক ঘোষণা বিচিচিআইৰ
নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : এছিয়া কাপৰ দলত স্থান নোপোৱাৰ পিছতো আইপিএলত দুৰ্দান্ত ফৰ্মত থকা শ্ৰেয়াছ আয়াৰৰ বাবে সুখবৰ। বিচিচিআয়ে (BCCI) তেওঁক অষ্ট্ৰেলিয়া ‘এ’ৰ বিৰুদ্ধে ভাৰত ‘এ’ দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰিছে। আইপিএলত ১৭ খন মেচত ৬০৪ ৰানৰ লগতে ১৭৫ৰ ষ্ট্ৰাইক ৰেট আৰু ৫০.৩৩ৰ বেটিং গড়ৰ সৈতে শ্ৰেয়াছে নিজৰ দক্ষতা প্ৰমাণ কৰিছে। এতিয়া তেওঁ ভাৰত ‘এ’ দলৰ নেতৃত্ব দিবলৈ সাজু।
১৬ ছেপ্টেম্বৰৰ পৰা লক্ষ্ণৌত ভাৰত ‘এ’ আৰু অষ্ট্ৰেলিয়া ‘এ’ৰ মাজত প্ৰথমখন চাৰিদিনীয়া মেচ অনুষ্ঠিত হ’ব। দ্বিতীয়খন চাৰিদিনীয়া মেচ ২৩ ছেপ্টেম্বৰৰ পৰা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত কানপুৰত তিনিখন এদিনীয়া মেচ খেলা হ’ব।
জনা মতে, দ্বিতীয় মেচৰ বাবে ভাৰত ‘এ’ দলত কে এল ৰাহুল আৰু মহম্মদ ছিৰাজক সুযোগ দিয়া হ’ব। তেওঁলোকে কাৰ স্থানত দলত স্থান পাব, সেই তথ্য গোপনে ৰখা হৈছে। দলত অভিমন্যু ঈশ্বৰণ, দেৱদত্ত পাৰিকাল, ধ্ৰুৱ জুৰেল, নীতীশ কুমাৰ ৰেড্ডী, খলিল আহমেদৰ দৰে খেলুৱৈৰ লগতে ঘৰুৱা ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন কৰা আয়ুস বাদানীকো স্থান দিয়া হৈছে। ইয়াৰ উপৰি প্ৰসিদ্ধ কৃষ্ণৰো দলত স্থান নিশ্চিত হৈছে।
ভাৰত ‘এ’ দলটো : শ্ৰেয়াছ আয়াৰ (অধিনায়ক), অভিমন্যু ঈশ্বৰণ, এন জগদীশন (উইকেটৰক্ষক), সাই সুদৰ্শন, ধ্ৰুৱ জুৰেল (সহ: অধিনায়ক আৰু উইকেটৰক্ষক), দেৱদত্ত পাৰিকাল, হৰ্ষ ডুবে, আয়ুস বাদানী, নীতীশ কুমাৰ ৰেড্ডী, কৃষ্ণা গুৰু, কৃষ্ণ কোৰ, তনুশ আহমেদ, প্ৰসিদ্ধ কৃষ্ণ, গুৰনুৰ ব্ৰাৰ, খলিল আহমেদ, মানৱ ছুথাৰ, যশ ঠাকুৰ।
শ্ৰেয়াছৰ নেতৃত্বত ভাৰত ‘এ’ দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেনে প্ৰদৰ্শন কৰিব, সেয়া ক্ৰিকেটপ্ৰেমীৰ বাবে লক্ষণীয় হ’ব।