নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী ঘোষণাঃ মন্ত্রীসভাৰ সম্প্রসাৰণ নহয়

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রীৰ শেহতীয়া দিল্লী ভ্রমণৰ সময়ত বিজেপিৰ শীর্ষ নেতৃত্বৰ সৈতে হোৱা বৈঠকৰ আঁত ধৰি ৰাজ্যৰ মন্ত্রীসভাৰ সম্প্রসাৰণ হ’ব বুলি চলা চর্চা মঙলবাৰে নাকচ কৰিছে খোদ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কলাক্ষেত্রৰ এক অনুষ্ঠানত অংশগ্রহণৰ পিছত সাংবাদিকৰে সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে কয়– সদ্যহতে মন্ত্রীসভা সম্প্রসাৰণৰ কোনো সম্ভাৱনা নাই৷ এটা টীম গঢ় লৈ উঠিছেহে৷ বহু কাম চলি আছে৷ সকলো কাম সুচাৰু ৰূপেও চলি আছে৷ গতিকে এতিয়া মন্ত্রীসভাৰ সম্প্রসাৰণ নহয়৷

উল্লেখ্য যে ১৩জন কেবিনেটৰ সৈতে শপত গ্রহণ কৰা ড০ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰখনে ইতিমধ্যে তিনি মাহ অতিক্রম কৰিলে৷ কেইবাজনো মন্ত্রীয়ে কেইবাটাও গুৰুত্বপূর্ণ বিভাগৰ দায়িত্ব লৈ থকা হেতুকে মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ বিগত সময়ছোৱাত যথেষ্ট চর্চা চলিছিল৷ এনে চর্চাৰ মাজতে কালি নতুন দিল্লীত মুখ্যমন্ত্রীয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে এক বৈঠকত বহে৷ মুখ্যতঃ এই বৈঠকতে মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ আলোচনা হোৱা বুলি যথেষ্ট চর্চাৰ সৃষ্টি হয়৷

ইফালে, কাগজ কল কর্মচাৰীৰ দৰমহা তথা অন্যান্য সমস্যাক লৈ সৃষ্টি হোৱা জটিলতা অহা দুই–তিনি মাহৰ ভিতৰতে সমাধান কৰিব পৰা যাব বুলিও আজি স্পষ্ট কৰে মুখ্যমন্ত্রীয়ে৷ ড০ শর্মাই এই সন্দর্ভত কয়– কাগজ কলৰ সমস্যালানিৰ সন্দর্ভত ইতিমধ্যে চৰকাৰৰ দুই মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু পীয়ূষ হাজৰিকাই বিস্তৃতভাৱে কথা পতিছে৷ ময়ো সমস্যাটো সন্দর্ভত কথা পাতিছোঁ৷ আনহাতে কর্মচাৰীসকলৰ যি প্রাপ্য আছে, সেয়া ৰাজ্য চৰকাৰে আদায় দিব৷

তদুপৰি ৰাজ্য চৰকাৰে কাগজ কলৰ যিকেইজন কর্মচাৰীৰ বয়স কম অথবা তেওঁলোকৰ শিক্ষাগত অর্হতা আছে, তেওঁলোকৰ ১০০জনক আমি চৰকাৰী চাকৰিত নিযুক্তি দিম৷ গতিকে তেওঁলোকৰ সমস্যাসমূহৰ ক্ষেত্রত বেছি জটিলতা নাই৷ মাত্র তেওঁলোকৰ ইউনিয়ন দুখনৰ মাজত কিছু বুজাবুজিৰ অভাৱ আছিল৷ সেয়া কালি মন্ত্রী পর্যায়ত হোৱা তেওঁলোকৰ বৈঠকত সমাধান কৰা হৈছে৷ গতিকে অহা দুই–তিনি মাহৰ ভিতৰত তেওঁলোকৰ সকলো সমস্যা সমাধান কৰিব পৰা যাব৷

You might also like