শৃংখলাৰ মাজতে গম্ভীৰ-আগৰকাৰক জৰুৰী তলব ব’ৰ্ডৰ
🔹 টেষ্ট শৃংখলাত বিপর্যয় সন্দর্ভত হ’ব আলোচনা
নিউজ ডেস্ক, ২ ডিচেম্বৰ : ৰায়পুৰত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া মেচৰ পূর্বে দল পৰিচালনা কমিটীৰ সৈতে জৰুৰী বৈঠক আহ্বান কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ জানিব পৰা মতে, ব’ৰ্ডৰ এই বৈঠকত দলটোৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ উপস্থিত থকাৰ কথা৷ মুখ্য নির্বাচক মুৰব্বী অজিত আগৰকাৰো উপস্থিত থকাৰ পূর্ণ সম্ভাৱনা আছে৷ শেহতীয়া মেচসমূহত উৎকৃষ্ট ফর্ম প্রদর্শন কৰাৰ পিছতো বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ ভৱিষ্যতক লৈ জল্পনা–কল্পনাৰ সৃষ্টি হৈছে৷
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই বৈঠকত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়া, যুটীয়া সম্পাদক প্রভতেজ সিং ভাটিয়া, মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ আৰু নির্বাচক মণ্ডলীৰ অধ্যক্ষ অজিত আগৰকাৰ উপস্থিত থাকিব৷ বিচিচিআইৰ নৱনির্বাচিত সভাপতি মিথুন মানহাছ উপস্থিত থাকিব নে নাই সেয়া নিশ্চিত নহয়৷ তদুপৰি, যিহেতু এই বৈঠকখন খেলৰ সময়ত হৈ আছে, গতিকে কোহলি, ৰোহিতৰ দৰে জ্যেষ্ঠ ক্রিকেটাৰ উপস্থিত থকাৰ সম্ভাৱনা নাই৷
ব’ৰ্ডৰ এজন শীর্ষ বিষয়াই কয় যে দল নির্বাচন, দীর্ঘম্যাদী পৰিকল্পনা আৰু সামগ্রিক প্রদর্শন উন্নত কৰাৰ লক্ষ্যৰে এই বৈঠক আহ্বান কৰা হৈছে৷ শেহতীয়াকৈ দক্ষিণ আফ্রিকাৰ টেষ্ট শৃংখলাত ভাৰতৰ বিপর্যয়ৰ পিছত জৰুৰী বৈঠকত দলটোৰ প্রদর্শনৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা প্রবল৷ গম্ভীৰ আৰু আগৰকাৰ একেখন টেবুলত থকাৰ সময়তে ব’র্ডে পৰিচালনাৰ ভৱিষ্যৎ পৰিকল্পনা আৰু দায়িত্ব স্পষ্ট কৰিবলৈ বিচাৰিছে৷ অৱশ্যে ৰোহিত আৰু বিৰাটক লৈ আলোচনা হ’ব নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷
ব’ৰ্ডৰ এজন বিষয়াৰ মতে, ঘৰুৱা টেষ্ট শৃংখলাত খেলপথাৰৰ ভিতৰত আৰু বাহিৰত কেইবাটাও বিভ্রান্তিকৰ কৌশল দেখা গৈছে৷ ৮ মাহৰ পিছত পৰৱর্তী টেষ্ট শৃংখলাৰ পূর্বে স্পষ্ট পৰিকল্পনা অতি গুৰুত্বপূর্ণ৷ তেওঁ আৰু কয়– ‘অহা বছৰ টি–২০ বিশ্বকাপ আৰু এদিনীয়া বিশ্বকাপ দুয়োটাতে ভাৰত অন্যতম ফেভাৰিট৷ গতিকে, এই সমস্যাবোৰ শীঘ্রে সমাধান কৰাটোৱেই লক্ষ্য৷ এই বৈঠকৰ আশে–পাশে দল পৰিচালনা আৰু জ্যেষ্ঠ ক্রিকেটাৰ বিশেষকৈ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ মাজত যোগাযোগৰ অভাৱৰ বাবেও জল্পনা–কল্পনা বাঢ়িছে৷’