নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ জয়গান

বিশেষ বাৰ্তা, ২৩ মার্চ : আইপিএলৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ জয়গান৷ ইণ্ডিয়া গেট, অশোক চক্র ভাৰতৰ অভিজ্ঞান৷ এ আই প্রযুক্তি ব্যৱহাৰ কৰি চেন্নাইৰ চেপক ষ্টেডিয়ামত প্রতিফলিত কৰা হ’ল ইণ্ডিয়া গেট আৰু অশোক চক্র৷ চন্দ্রৰ মাটিত চন্দ্রায়নৰ মুহূর্ততো এ আই প্রযুক্তিৰ জৰিয়তে উজ্জ্বল কৰি তোলা হৈছে৷ টাইগাৰ শ্রফ আৰু অক্ষয় কুমাৰেও ভাৰত ভক্তিৰ ছবি উপস্থাপন কৰে৷ দেশৰ পতাকা লৈ গোটেই ষ্টেডিয়ামখন ঘূৰে বলীউডৰ দুয়োগৰাকী তাৰকা অভিনেতাই৷ উদ্বোধনী অনুষ্ঠানত অক্ষয় কুমাৰ আৰু টাইগাৰ শ্রফৰ উপৰি সুৰৰ যাদুকৰ, অস্কাৰ বিজয়ী এ আৰ ৰহমান আৰু চনু নিগমে কেইবাটাও দেশপ্রেমমূলক গীত পৰিৱেশন কৰি অনুষ্ঠানটো মুখৰ কৰি তোলে৷ অক্ষয় কুমাৰ আৰু টাইগাৰ শ্রফে সবচে হোংগে হিন্দুস্তানী গীতটোত নৃত্য কৰাৰ লগতে হাতত জাতীয় পতাকা লৈ ষ্টেডিয়ামৰ চাৰিওদিশে পৰিভ্রমণ কৰে৷ বলীউডৰ তাৰকা দুগৰাকীয়ে কেইবাটাও জনপ্রিয় গীতত নৃত্য পৰিৱেশন কৰি চেপক ষ্টেডিয়ামত ঠাহ খাই থকা হাজাৰ হাজাৰ অনুৰাগীৰ মন জয় কৰে৷ ইপিনে, উদ্বোধনী অনুষ্ঠানটোত নীতি মোহন, মোহিত ছাহভানৰায়ে ভাগ লৈছিল৷ উল্লেখ্য যে আইপিএলৰ সপ্তদশ সংস্কৰণৰ উদ্বোধনী মেচখনত ভাগ লয় ৫বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে৷

You might also like