নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বপ্ণৰ ফাইনেলত যুঁজিব মেছি–নেইমাৰে

নিয়মীয়া বাৰ্তা ১০ জুলাইঃ নিঃসন্দেহে সাম্প্রতিক কালৰ দুই বিশ্বশ্রেষ্ঠ ফুটবলাৰ লি’নেল মেছি আৰু নেইমাৰ৷ বিশ্ব ফুটবলৰ এই দুগৰাকী ছুপাৰষ্টাৰৰ যাদুকৰী খেল চাবলৈ অধীৰ আগ্রহেৰে বাট চাই আছে বিশ্ববাসীয়ে৷ ক’ৰোনাৰ আতংকৰ মাজতে ব্রাজিলত পূর্ণগতিত চলি থকা কোপা আমেৰিকা ফুটবল প্রতিযোগিতাখনৰ দেওবাৰে পুৱা বিশ্ববিখ্যাত মাৰাকানা ষ্টেডিয়ামত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব দুই চিৰন্তন প্রতিদ্বন্দ্বী লি’নেল মেছিৰ আর্জেণ্টিনা আৰু নেইমাৰৰ ব্রাজিলে৷ স্বপ্ণৰ ফাইনেল মেচখনত যুঁজিবলৈ ইতিমধ্যে সম্পূর্ণৰূপে সাজু হৈছে মেছি আৰু নেইমাৰ৷

কোপা আমেৰিকা ফুটবলৰ ইতিহাসত চতুর্থবাৰৰ বাবে খিতাপ যুঁজৰ মেচত মুখামুখি হ’ব আর্জেণ্টিনা আৰু ব্রাজিল৷ ১৯৩৭ চনৰ প্রথম মুখামুখিত আর্জেণ্টিনাই শেষ হাঁহি মৰাৰ বিপৰীতে ২০০৪ আৰু ২০০৭ চনত ব্রাজিলে চেম্পিয়নৰ সন্মান অর্জন কৰিছিল৷ প্রতিযোগিতাখনত আর্জেণ্টিনাই এতিয়ালৈকে ১৪বাৰ খিতাপ জয় কৰাৰ বিপৰীতে ব্রাজিল ৯বাৰ চেম্পিয়ন হৈছে৷ কোপা আমেৰিকা কাপৰ ইতিহাসত উৰুগুৱেই সর্বাধিক ১৫বাৰ খিতাপ দখল কৰিছে৷

দেওবাৰে পুৱা হ’বলগীয়া প্রতিযোগিতাখনৰ ফাইনেল মেচখনত আর্জেণ্টিনা আৰু ব্রাজিলৰ নহয়, বিশেষকৈ মেছি আৰু নেইমাৰৰ যুঁজখন হ’ব চাবলগীয়া৷ খিতাপ যুঁজৰ মেচখন সন্দর্ভত আর্জেণ্টিনাৰ প্রশিক্ষক লি’নেল স্কেলনিয়ে কয় যে দেওবাৰে পুৱা হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত দক্ষিণ আমেৰিকাৰ দুখন শক্তিশালী ৰাষ্ট্রৰ দলে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ মেচখন নিঃসন্দেহে উত্তেজনাপূর্ণ হোৱাটো খাটাং৷ ইয়াৰ বাবে সাজু আছে আর্জেণ্টিনা দলটো৷

You might also like