নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘Dhal Gaya Din’ গানত পেৰেড নাগালেণ্ড আৰক্ষীৰ; viral video

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ  টুইটাৰত আনন্দ মহিন্দ্ৰাৰ শেহতীয়া পোষ্টটোৱে প্ৰমাণ কৰে যে ভাৰতীয়সকল চলচ্চিত্ৰ প্ৰেমী। মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষজনে প্ৰায়ে টুইটাৰত তেওঁৰ অনুসৰণকাৰীসকলৰ সৈতে অনুপ্ৰেৰণাদায়ক আৰু আমোদজনক ভিডিঅ’ শ্বেয়াৰ কৰে। মাইক্ৰ’ব্লগিং ছাইটত নাগালেণ্ডৰ আৰক্ষীৰ এটা গোটৰ এটা ক্লিপ চেয়াৰ কৰিছে।

৪৫ ছেকেণ্ডৰ ভিডিঅ’টোত, আৰক্ষীসকলক এটা গোটত প্ৰশিক্ষণ দিয়া দেখা যায়। তেওঁলোকক প্ৰশিক্ষণ দিয়া বিষয়াজনক বলীউডৰ জনপ্ৰিয় গান “Dhal Gaya Din, Ho Gayi Shaam” খুব জোৰেৰে গাই থকা দেখা গৈছে। ধল গেয়া দিন, হো গেয়ী শ্যাম,গীতটো হৈছে ১৯৭০ দশকৰ হুমজোলি(HUMJOLI) ছবিখনৰ এটা জনপ্ৰিয় গীত।

ভিডিঅ’টো শ্বেয়াৰ কৰি আনন্দ মহিন্দ্ৰাই লিখিছে, “ভিডিঅ’টো পাই ভাল লাগিছে। এইটো স্পষ্ট যে আমি এখন চলচ্চিত্ৰ প্ৰেমী দেশ। মই নিজেই দ্বিধাগ্ৰস্ত যে শত্ৰু বাহিনীয়ে এই ভিডিঅ’টো চাব আৰু গানটোৰ অৰ্থ বুজিব।”

উল্লেখ্য যে ইয়াৰ পূৰ্বে (১৬ জুনত) ভিডিঅ’টো কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে শ্বেয়াৰ কৰিছিল।

You might also like