বর্ষাপাৰাত আজি মহিলা বিশ্বকাপৰ প্রথম ছেমিফাইনেল
দক্ষিণ আফ্রিকাক হৰুৱাই ফাইনেলত প্রৱেশৰ লক্ষ্য ইংলেণ্ডৰ
মহিলা এদিনীয়া বিশ্বকাপৰ প্রথমখন ছেমিফাইনেলৰ বাবে সম্পূর্ণ সাজু বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়াম৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ আজি গুৱাহাটীত হ’বলগীয়া প্রথমখন ছেমিফাইনেলত মুখামুখি হ’ব চাৰিবাৰৰ চেম্পিয়ন ইংলেণ্ড আৰু দক্ষিণ আফ্রিকা৷
আজিৰ ছেমিত ইংলেণ্ডক ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে৷ কিয়নো, ইংলেণ্ডে বর্ষাপাৰাত ইতিমধ্যে খেলা লীগৰ দুয়োখন মেচতে জয়ৰ সোৱাদ লাভ কৰিছে৷
ইফালে, বর্ষাপাৰাত ইংৰাজ বাহিনীয়ে দক্ষিণ আফ্রিকাক শোচনীয়ভাৱে পৰাস্তও কৰিছিল৷ গতিকে, ইংলেণ্ড দলটোক আজিৰ মেচখনত ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে৷ স্পীনাৰৰ প্রতি দুর্বলতা থকা প্রটিয়াজ বাহিনীক বশ কৰাৰ বাবে ইংলেণ্ডে আজিৰ মূল একাদশত কেইবাগৰাকীও স্পীনাৰক অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা আছে৷
লীগ পর্যায়ত দক্ষিণ আফ্রিকাই দুখন মেচত শোচনীয়ভাৱে পৰাজয়ৰ মুখ দেখিছিল৷ এই দুয়োখন মেচত দলটোৰ পৰাজয়ৰ মূলতেই আছিল স্পীন বলাৰ৷ দক্ষিণ আফ্রিকাৰ অধিনায়িকা লউৰা উলভার্ড আৰু তাজমিন ব্রিটছৰ বাহিৰে বাকীসকল সতীর্থই প্রতিযোগিতাখনত আশানুৰূপ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হোৱা নাই৷
ইফালে, ইংৰাজ বাহিনীৰ আটাইকেইগৰাকী খেলুৱৈ সম্প্রতি দুর্দান্ত ফর্মত আছে৷ আজি দক্ষিণ আফ্রিকাক পৰাস্ত কৰি প্রথমে ফাইনেলত প্রৱেশৰ লক্ষ্য লৈছে চাৰিবাৰৰ চেম্পিয়ন ইংলেণ্ডে৷
খেলৰ সময়ঃ দিনৰ ৩ বজা৷