নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰাডোনাৰ মৃত্যু চিকিৎসকৰঃ ইচ্ছাকৃত গাফিলতি ৮জনক আদালতৰ তলব

বিশেষ বাৰ্তা, ২৩ জুনঃ কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ মৃত্যুৰ সঠিক কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে আর্জেণ্টিনা চৰকাৰে৷ সেই তদন্তৰ বাবে এইবাৰ কাঠগড়াত থিয় হ’ব লাগিব প্রয়াত ফুটবলগৰাকীৰ চাৰি চিকিৎসকসহ ৮ চিকিৎসাকর্মী৷ চিকিৎসকৰ গাফিলতিৰ বাবেই মাৰাডোনাৰ মৃত্যু হোৱা বুলি অনুমান কৰিছে আর্জেণ্টিনা চৰকাৰে৷ সেই অনুমানৰ ভিত্তিতে বিশ্বকাপ বিজয়ী প্রাক্তন অধিনায়কগৰাকীৰ মৃত্যুৰ পিছতে তদন্তৰ নির্দেশ দিয়া হয়৷ মাৰাডোনাৰ চিকিৎসাৰ সৈতে যুক্তসকলৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্রৰ অভিযোগ অনা হৈছে৷ আর্জেণ্টিনাৰ আদালতে সংশ্লিষ্ট ৮জন চিকিৎসাকর্মীক আদালতত উপস্থিত হোৱাৰ নির্দেশ দিছে৷ তেওঁলোকে কাঠগড়াত থিয় হৈ আইনজীৱীসকলৰ বিভিন্ন প্রশ্ণৰ উত্তৰ দিব লাগিব৷ মস্তিষ্কত তেজ জমা হোৱাৰ বাবে অস্ত্রোপচাৰ কৰা হৈছিল মাৰাডোনাৰ৷ কিছু পৰিমাণে সুস্থ হোৱাৰ পিছত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছিল তেওঁ৷ ঘৰতে সকলো ধৰণৰ ব্যৱস্থা কৰি চিকিৎসা চলোৱা হৈছিল মাৰাডোনাৰ৷ এই দায়িত্বত আছিল ৪গৰাকী চিকিৎসকসহ ৮ চিকিৎসাকর্মী৷

You might also like