নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটাৰ বিশ্বকাপৰ ১২ লাখ টিকট বিক্রীঃ অভ্যর্থনাক লৈ চিন্তিত আয়োজক

বিশেষ বাৰ্তা, ২৩ জুনঃ কাটাৰ বিশ্বকাপক লৈ অনুৰাগীৰ আগ্রহ তুংগত উঠিছে৷ ইতিমধ্যে প্রতিযোগিতাখনৰ ১২ লাখ টিকট বিক্রী হৈছে৷ বাকী আছে আৰু ৮ লাখ টিকট৷ বিশ্বকাপৰ টিকট যিমানেই বিক্রী হৈছে, সিমানেই চিন্তা বাঢ়িছে উদ্যোক্তাসকলৰ৷ কাৰণ, এই বিশালসংখ্যক মানুহৰ থকাৰ ব্যৱস্থা কিদৰে সম্ভৱ হ’ব, সেয়া এতিয়া চিন্তাৰ বিষয়৷ কাটাৰৰ বিত্তীয় ফ’ৰামৰ ফালৰ পৰা জনোৱা হৈছে টিকট বিক্রীৰ সংখ্যা৷ অনলাইনত এতিয়াও দুটা ভাগত টিকট বিক্রী কৰা হৈছে৷ মুঠ ২০ লাখ টিকট বিক্রী কৰা হ’ব আৰু ১০ লাখ টিকট থাকিব ফিফাৰ বিভিন্ন কর্মকর্তা আৰু স্প’নছৰাৰসকলৰ বাবে৷ ডোহাৰ জনসংখ্যা ২০ লাখ৷ বিশ্বকাপৰ সময়ত বহুসংখ্যক দর্শক–অনুৰাগী তাত উপস্থিত হ’ব৷ ইমানসংখ্যক লোকক স্থান দিয়াক লৈ চিন্তা বৃদ্ধি হৈছে আয়োজকসকলৰ৷ ৮খন ষ্টেডিয়ামত ৩২খন দেশে প্রতিদ্বন্দ্বিতাত নামিব৷ চহৰৰ ওচৰে–পাঁজৰে আছে আটাইবোৰ ষ্টেডিয়াম৷ কাটাৰৰ ফালৰ পৰা জনোৱা হৈছে যে বিভিন্ন হোটেলত খালী ৰখা হ’ব ১ লাখ ৩০ হাজাৰ কোঠা৷ তদুপৰি ১ হাজাৰ তম্বুঘৰ থাকিব৷ সেই সময়ত ঘৰভাৰাও পোৱা যাব৷ স্থান কম হোৱা বাবে সেই সময়ত কেৱল বিশ্বকাপৰ টিকট থকা লোকেহে কাটাৰত প্রৱেশ কৰিব পাৰিব৷ ওচৰৰ দেশৰ পৰা কাটাৰলৈ অনুৰাগীয়ে খেল চাবলৈ আহিব পাৰে৷ সেই কাৰণে ১৬০খন বিমান সাজু কৰি ৰখা হ’ব৷ ইয়াৰ বাবে ডোহাৰ দুটা বিমানবন্দৰ প্রস্তুত কৰি তোলা হৈছে৷ ইমানসংখ্যক লোক কাটাৰলৈ আহিলেও তেওঁলোকৰ দেশৰ সংস্কৃতিক সন্মান জনাবলৈ আহ্বান জনাইছে আয়োজক হাছান আল থাৱাৰিয়ে৷ তেওঁ কয়– ‘আমি সকলোকে আমন্ত্রণ জনাইছোঁ৷ যিবোৰ দেশৰ পৰা মানুহ আহিব, সেই দেশৰ সংস্কৃতিক সন্মান জনাইছোঁ৷ আমাৰ দেশৰ সংস্কৃতিকো সন্মান জনাবলৈ অনুৰোধ কৰিছোঁ৷’ উল্লেখ্য যে কাটাৰত সমকামী প্রেম নিষিদ্ধ৷ সেইকাৰণে সমকামী সমর্থকসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আয়োজকসকল উদ্বিগ্ণ হৈ পৰিছে৷

You might also like