নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ বাবে ধোনী মানেই ক্রিকেট, ক্রিকেট মানেই ধোনী

🔹 আৱেগিক পোষ্ট ক্রিকেটাৰ শিৱম ডুবেৰ পত্নীৰ

বিশেষ বাৰ্তা, ২২ এপ্রিল : দেশজুৰি মহেন্দ্র সিং ধোনীৰ আছে অসংখ্য অনুৰাগী৷ আনকি সতীর্থসকলো মাহীৰ প্রশংসাত পঞ্চমুখ৷ এইবাৰ তেওঁৰ প্রতি মুগ্ধতাৰ কথা জনালে শিৱম ডুবেৰ পত্নী অঞ্জুম খানে৷ ছ’চিয়েল মিডিয়াত তেওঁ ধোনীৰ প্রশংসা কৰি দিয়া পোষ্ট ইতিমধ্যে ভাইৰেল হৈছে৷ উল্লেখ্য যে ২০২২ চনত শিৱমক দলত অন্তর্ভুক্ত কৰিছিল চেন্নাই ছুপাৰ কিংছে৷ সেইবাৰ বিশেষভাৱে সফল হ’ব পৰা নাছিল অলৰাউণ্ডাৰগৰাকী৷ ক’ব পৰা যায়- ধোনীৰ হাততেই নতুন জন্ম হৈছিল শিৱমৰ৷ সেইবাবে তেওঁৰ পত্নী অঞ্জুম বহুদিনৰে পৰা ধোনীৰ ভক্ত৷ ছ’চিয়েল মিডিয়াত ধোনী আৰু শিৱমৰ সৈতে তেওঁ নিজৰ ফটো আপলোড কৰি জনাইছে যে ধোনীৰ বাবেই ক্রিকেটৰ প্রতি আকৃষ্ট হৈছে অঞ্জুম৷ ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব দিয়াৰ পাছতে তেওঁ অন্ধভক্ত হৈ পৰে ধোনীৰ৷ ভাৰতৰ যিকোনো মেচ চাবলৈ তাত উপস্থিত হয় অঞ্জুম৷ এইবাৰ ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে– মোৰ বাবে ধোনী মানেই ক্রিকেট আৰু ক্রিকেট মানেই ধোনী৷ তেওঁক মই ইমানেই সন্মান কৰোঁ৷ সঁচা কথা ক’বলৈ গ’লে এটি আৱেগৰ নাম ধোনী৷ এইবাৰ মই পুনৰ মুগ্ধ হৈছোঁ৷ ধোনীৰ চুলি দীঘল হোৱা দেখি মনত বেজাৰো পাইছোঁ৷ ধাৰণা হয়- সময় কিদৰে দ্রুতগতিত আগবাঢ়িছে৷ যেন শৈশৱ কালটো এটা মুহূর্তৰ বাবে উভতি আহিল৷ কিন্তু মই সদায় এই বিশ্বাসেই ৰাখো৷ সকলো আউট হৈ গ’লেও মাহী আছে৷ তেওঁ মেচত দলক বিজয়ী কৰাব৷ মাহী থাকিলে সকলো সম্ভৱ৷ ক্রিকেট ষ্টেডিয়ামত শিৱম নামিলে যিমান আনন্দ পায়, তাতকৈ অধিক আনন্দিত হয় ধোনীক দেখিলে৷ শৈশৱৰ নায়ক ৰূপে পৰিগণিত ধোনীৰ সৈতে সাক্ষাৎ হোৱাৰ পাছত তেওঁৰ মুগ্ধতা অধিক বৃদ্ধি পাইছে৷ ঈশ্বৰৰ প্রতি অঞ্জুম এইবাবেই কৃতজ্ঞ যে শিৱমে ধোনীৰ দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে৷

You might also like