এছিয়া কাপ হকীত গ’লৰ বৰষুণ, কাজাখস্তানক ১৫ গ’ল ভাৰতৰ
এছিয়া কাপ হকীত গ’লৰ বৰষুণ আয়োজক দেশ ভাৰতৰ৷ বিহাৰৰ ৰাজগিৰত পূর্ণগতিত চলি থকা এছিয়া কাপ হকীৰ পুল এৰ চতুর্থ তথা অন্তিমখন লীগ মেচত ভাৰতে কাজাখস্তানক ১৫–০ গ’লত পৰাস্ত কৰি অপৰাজয়ৰ ধাৰা অব্যাহত ৰাখিছে৷
ইতিমধ্যে প্রতিযোগিতাখনৰ ছুপাৰ ফ’ৰত স্থান সুৰক্ষিত কৰা ভাৰতে একপক্ষীয় মেচখনত কোনো এটা সময়তে বিপক্ষ দলটোক মূৰ দাঙি উঠিব দিয়া নাছিল৷ মেচখনত ভাৰতীয় দলটোৰ হৈ অভিষেকে ৫, ৮, ২০ আৰু ৫৯ মিনিটত চাৰিটাকৈ গ’ল স্ক’ৰ কৰাৰ লগতে সুখজিৎ সিঙে ১৫, ৩২ আৰু ৩৮ মিনিটত তিনিটা, যুগৰাজ সিঙে ২৪, ৩১ আৰু ৪৭ মিনিটত তিনিটা গ’ল স্ক’ৰ কৰি হেটট্রিক অর্জন কৰে৷ ইপিনে, অধিনায়ক হৰমনপ্রীত সিঙে ২৬ মিনিটত, অমিত ৰোহিদাসে ২৯ মিনিটত, ৰাজিন্দৰ সিঙে ৩২ মিনিটত, সঞ্জয়ে ৫৪ মিনিটত আৰু দিলপ্রীত সিঙে ৫৫ মিনিটত এটাকৈ গ’ল স্ক’ৰ কৰে৷
প্রতিযোগিতাখনত ভাৰতীয় দলটোৰ এয়া আছিল ক্রমাগত তৃতীয় জয়৷ ইয়াৰ পূর্বে আয়োজক দলটোৱে চীন আৰু জাপানক পৰাস্ত কৰি প্রতিযোগিতাখনৰ ছুপাৰ ফ’ৰত স্থান সুৰক্ষিত কৰিছিল৷ উল্লেখ্য যে ছুপাৰ ফ’ৰৰ প্রথমখন মেচত ভাৰতে কাইলৈ কোৰিয়াৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷
Niyomiya Barta Desk, 3 September