নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউ এ ই, অ’মানত অনুষ্ঠিত হ’ব টি–২০ বিশ্বকাপ

নিয়মীয়া বাৰ্তা, ৬ জুন: ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ উদ্যোগত ইউনাইটেড আৰব এমিৰেটছ আৰু অ’মানত অনুষ্ঠিত হ’ব আই চি চি টি–২০ বিশ্বকাপ৷ চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰত ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগীয়া মেগা ইভেণ্টখন ভাৰতৰ পৰা স্থানান্তৰৰ সিদ্ধান্ত ঘোষণা কৰাৰ পূর্বে এমাহ অপেক্ষা কৰিবলৈ বি চি চি আয়ে আনুষ্ঠানিকভাৱে আই চি চিক আহ্বান জনাইছে যদিও ভাৰতৰ ক’ভিডজনিত পৰিস্থিতিক লৈ বি চি চি আই নিশ্চিত হ’ব পৰা নাই৷ সেয়ে টি–২০ বিশ্বকাপ ইউ এ ই আৰু অ’মানত আয়োজনৰ পৰিকল্পনা কৰিবলৈ বি চি চি আয়ে আই চি চিক আভ্যন্তৰীণভাৱে জনাই দিছে৷

বি চি চি আইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই আজি সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিছে৷ ‘আই চি চিৰ ব’ৰ্ডৰ বৈঠকত বি চি চি আয়ে টি–২০ বিশ্বকাপ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত ঘোষণাৰ পূর্বে এমাহৰ সময় বিচাৰিছে যদিও ভিতৰুৱাভাৱে তেওঁলোকে আই চি চিক জনাই দিছে যে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভাৰতত অক্টোবৰ–নৱেম্বৰত টি–২০ বিশ্বকাপ আয়োজন কৰাটো সম্ভৱ নহ’ব৷ প্রকৃতার্থত ভাৰতে মেগা ইভেণ্টখন আয়োজনৰ স্বত্ব নিজৰ হাতৰ মুঠিত ৰাখিবলৈ আই চি চিৰ পৰা এমাহৰ সময় বিচাৰিছে৷ এই সময়ছোৱাৰ ভিতৰত বি চি চি আয়ে নিজৰ উদ্যোগত টি–২০ বিশ্বকাপ ইউ এ ই আৰু অ’মানৰ ৰাজধানী মাস্কটত আয়োজনৰ প্রক্রিয়া সম্পূর্ণ কৰি তুলিব৷’– ব’ৰ্ডৰ সূত্রটোৱে এইদৰে কয়৷

বি চি চি আইৰ বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে যে ইউ এ ইৰ আবু ধাবি, ডুবাই আৰু শ্বাৰজাহত ১০ অক্টোবৰলৈ আই পি এল চলিব থাকিব বাবে বি চি চি আয়ে টি–২০ বিশ্বকাপৰ প্রথম এসপ্তাহৰ মেচসমূহ মাস্কটত আয়োজন কৰাৰ সম্ভাৱনা আছে৷ এই এসপ্তাহৰ ভিতৰত ইউ এ ইৰ উইকেট টি–২০ বিশ্বকাপৰ বাবে নতুন ৰূপত সাজু কৰি তোলা হ’ব৷

You might also like