নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাতেই ভাৰত–ৱেষ্ট ইণ্ডিজৰ টি–২০ মেচ

নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা টি–২০ শৃংখলাটোৰ অন্তিম দুখন মেচ আমেৰিকাত আয়োজন কৰাক লৈ অব্যাহত থকা যাৱতীয় জটিলতাৰ অন্ত পৰিছে৷ আমেৰিকালৈ যোৱাৰ ভিছা লাভ কৰিছে ভাৰতীয় ক্রিকেট দলটোৱে৷ ফলত আমেৰিকাৰ মাটিতে অনুষ্ঠিত হ’ব দুয়োখন মেচ৷ ইয়াৰ লগতে তৃতীয়খন মেচত আঘাত পোৱা ৰোহিত শর্মা এতিয়া যথেষ্টখিনি সুস্থ হৈ উঠিছে৷ কেৰিবিয়ানৰ বিৰুদ্ধে অন্তিম দুখন মেচত তেওঁ খেলাৰ সম্ভাৱনা আছে৷

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি–২০ শৃংখলাত এই পর্যন্ত ভাৰত ২–১ ব্যৱধানত আগবাঢ়ি আছে৷ ভাৰতীয় বংশোদ্ভুত আমেৰিকানসকলৰ কথা ভাবি এই মেচ দুখন আয়োজন কৰা হৈছে ফ্ল’ৰিডাৰ ব্র’ৱার্ড কাউণ্টী ষ্টেডিয়ামত অর্থাৎ মার্কিন যুক্তৰাষ্ট্রৰ প্রবাসী ভাৰতীয়সকলেও ৰোহিতহঁতৰ খেল উপভোগ কৰাৰ সুযোগ পাব৷ কিন্তু ভিছা সমস্যাৰ বাবে এই দুখন মেচ আমেৰিকাত অনুষ্ঠিত হোৱাক লৈ সংশয়ৰ সৃষ্টি হৈছিল৷ আমেৰিকাই ভাৰতীয় দলৰ কেইবাজনো সদস্যক ভিছা দিবলৈ সন্মত হোৱা নাছিল৷ তালিকাত নাম আছিল অধিনায়ক ৰোহিত শর্মা আৰু প্রশিক্ষক ৰাহুল দ্রাৱিড়ৰ৷ ফলত কিছুসংখ্যক ক্রিকেটাৰ আমেৰিকালৈ গ’লেও ৰোহিতহঁত যাব পৰা নাছিল৷

অৱশ্যে এতিয়া গায়ানা চৰকাৰৰ হস্তক্ষেপত সমস্যাৰ সমাধান হৈছে৷ কালি গায়ানা চৰকাৰৰ ওচৰত নিয়ম অনুসৰি সাক্ষাৎকাৰ দিবলগীয়া হয় ৰোহিতহঁতে৷ ইয়াৰ পাছতে তেওঁলোকৰ ভিছা নিশ্চিত হয়৷ অৱশ্যে টীম ইণ্ডিয়াৰ অধিনায়কসহ দলৰ কেইবাগৰাকী সদস্য আজি নিশাহে আমেৰিকাত উপস্থিত হ’ব৷ শনিবাৰে ফ্ল’ৰিডাত অনুষ্ঠিত হ’ব চতুর্থখন মেচ৷

You might also like