লক্ষ্ণৌত আজি চতুর্থ টি–২০ : শৃংখলা জয়ৰ লক্ষ্য ভাৰতৰ
তাৰকা বেটাৰ শুভমন গিলে তৃতীয়খন মেচত কিছু উন্নত প্রদর্শন দাঙি ধৰিছে যদিও সেয়া সন্তোষজনক নহয়৷ টি–২০ দলত স্থান নিগাজী কৰিবলৈ হ’লে গিলে আৰু অধিক উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷
ঘৰুৱা দল টীম ইণ্ডিয়াই লক্ষ্ণৌত আজি টি–২০ শৃংখলা দখলৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলি থকা ৫খনীয়া টি–২০ মেচৰ শৃংখলাটোৰ চতুর্থখন মেচ আজি লক্ষ্ণৌত অনুষ্ঠিত হ’ব৷
ইতিমধ্যে শৃংখলাটোত ২–১ৰ অগ্রগতি লাভ কৰা ভাৰতীয় দলটোৱে মেচখনত বিজয় সাব্যস্ত কৰি ৩–১ৰ অগ্রগতিৰে শৃংখলাটো দখল কৰাৰ লক্ষ্য লৈছে৷ অৱশ্যে মেচখনৰ পূর্বে ভাৰতীয় দলটো কিছু পৰিমাণে চাপৰ সন্মুখীন হৈছে৷
অধিনায়ক সূর্যকুমাৰ যাদৱৰ ধাৰাবাহিক ব্যর্থতাই দলটোক চিন্তাত ৰখাৰ সময়তে তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহৰ মেচখনত অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ পৰিয়ালৰ এজন সদস্য গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ থকাৰ বাবে বুমৰাহে মেচখনত অংশগ্রহণ নকৰাৰ পূর্ণ সম্ভাৱনা আছে৷
ইফালে, শৃংখলাটোৰ অন্তিম দুখন মেচৰ পৰা বাহিৰ হৈছে তাৰকা অলৰাউণ্ডাৰ অক্ষৰ পেটেল৷ অসুস্থতাৰ বাবে অক্ষৰ পেটেলে শৃংখলাটোৰ পৰা বাহিৰ হয় আৰু তেওঁৰ স্থানত বংগৰ অলৰাউণ্ডাৰ শ্বাহবাজ আহমেদক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে৷
গুৰুত্বপূর্ণ মেচখনৰ পূর্বে ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰৰ দুর্বল প্রদর্শনত সম্প্রতি চিন্তিত হৈ পৰিছে দলীয় মেনেজমেণ্ট৷ ধৰমশালাত হৈ যোৱা তৃতীয়খন মেচতো অধিনায়কগৰাকীয়ে আশানুৰূপ প্রদর্শন দাঙি ধৰাত ব্যর্থ হৈছিল৷
অৱশ্যে মেচখনত সূর্যকুমাৰে নিজৰ ছন্দ ওভতাই পাব বুলি আশা ব্যক্ত কৰিছে দলীয় মেনেজমেণ্টে৷ ইফালে, তাৰকা বেটাৰ শুভমন গিলে তৃতীয়খন মেচত কিছু উন্নত প্রদর্শন দাঙি ধৰিছে যদিও সেয়া সন্তোষজনক নহয়৷ টি–২০ দলত স্থান নিগাজী কৰিবলৈ হ’লে গিলে আৰু অধিক উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷
আনহাতে, মেচত সঞ্জু ছেমছনক মূল একাদশত অন্তর্ভুক্ত কৰা সন্দর্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱে৷
খেলৰ সময়ঃ নিশা ৭ বজাত৷