দক্ষিণ আফ্ৰিকাৰে টি–২০ শৃংখলালৈ ভাৰতীয় দল ঘোষণা
হার্দিকে সুস্থ হৈ উঠাৰ পাছত চলিত চৈয়দ মুস্তাক আলী ট্রফীত মঙলবাৰে অংশগ্রহণ কৰি বিস্ফোৰক বেটিং দাঙি ধৰি নির্বাচকৰ দৃষ্টি আকর্ষণ কৰে
শুভমন গিলক অন্তর্ভুক্ত কৰি দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিবলয়া আসন্ন পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰিছে নির্বাচক মণ্ডলীয়ে৷ শৃংখলাটোত গিলক সহঃ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে৷
অৱশ্যে শৃংখলাটোত গিলে খেলিবনে নেখেলে সেইটো নির্ভৰ কৰিব চিকিৎসা দলৰ ক্লিয়াৰেন্সৰ ওপৰত৷ ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব লগা শৃংখলাটোত সূর্য কুমাৰ যাদৱকে অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে৷
ইপিনে, এছিয়া কাপৰ পিছত ভাৰতীয় দলটোলৈ প্রত্যাৱর্তন কৰিলে তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াই৷ এছিয়া কাপৰ ফাইনেলৰ পূর্বে আঘাতপ্রাপ্ত হোৱা হার্দিকে সুস্থ হৈ উঠাৰ পাছত চলিত চৈয়দ মুস্তাক আলী ট্রফীত মঙলবাৰে অংশগ্রহণ কৰি বিস্ফোৰক বেটিং দাঙি ধৰি নির্বাচকৰ দৃষ্টি আকর্ষণ কৰে৷
আনহাতে, ঘোষিত ১৫জনীয়া দলটোত স্থান লাভ নকৰিলে ৰিংকু সিং আৰু অসম সন্তান ৰিয়ান পৰাগে৷ ঘোষিত দলটোত স্থান লাভ কৰিছে সঞ্জু ছেমছনে৷
টি–২০ শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলটো : সূর্য কুমাৰ যাদৱ, শুভমন গিল, অভিষেক শর্মা, তিলক বার্মা, হার্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শর্মা, সঞ্জু ছেমছন, যশপ্রীত বুমৰাহ, বৰুণ চক্রৱর্তী, অর্শদীপ সিং, কুলদীপ যাদৱ, হর্ষিত ৰাণা আৰু ৱাশ্বিংটন সুন্দৰ৷
ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ