নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্ৰিকাৰে টেষ্ট শৃংখলা হেৰুৱালে ভাৰতীয় দলে

গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল টেষ্ট মেচ। আৰু সেই টেষ্টখনত ঘৰুৱা দৰ্শকক নিৰাশ কৰি লজ্জাৰ বেটিং প্ৰদৰ্শনেৰে শোচনীয় পৰাজয় স্বীকাৰ কৰিলে ভাৰতীয় বাহিনীয়ে। স্থায়ী অধিনায়ক শুভমন গিলৰ অনুপস্থিতিত ঋষভ পণ্টৰ হাতত দায়িত্ব চমজোৱা ভাৰতীয় মেনেজমেণ্টক নিৰাশ কৰি অতি শোচনীয় পৰাজয় স্বীকাৰ কৰিলে দলটোৱে।

বিপৰীতে প্ৰটিয়াজ বাহিনীয়ে দেখুৱালে সংঘবদ্ধ খেলৰ নিদৰ্শন। মাত্ৰ এটা শতকীয় ইনিংছৰ জৰিয়তে বিশাল ৰানৰ পাহাৰ গঢ়াৰ বিপৰীতে বলিঙেৰেও থকাসৰকা কৰিলে ভাৰতীয় বাহিনীক।

৫৪৯ ৰানৰ লক্ষ্য লৈ খেলা ভাৰতে দ্বিতীয় ইনিংছ ১৪০ ৰানতে সামৰিলে। টেষ্টখনত ভাৰতীয় বেটছমেনসকলৰ অত্যন্ত লজ্জাজনক প্ৰদৰ্শন দেখা গ’ল। প্ৰথম ইনিংছত কেৱল যশস্বী জয়ছোৱাল আৰু দ্বিতীয় ইনিংছত কেৱল ৰৱীন্দ্ৰ জাডেজাই অৰ্ধশতক অৰ্জন কৰে। প্ৰথম ইনিংছতো টীম ইণ্ডিয়া ২০১ ৰানতে অল আউট হৈছিল। টেম্বা বাভুমাই অধিনায়ক হিচাপে কেতিয়াও টেষ্ট নহৰাৰ ৰেকৰ্ড এই ছিৰিজতো বজাই ৰখিলে। দক্ষিণ আফ্ৰিকাই ২খন টেষ্টৰ ছিৰিজ ২–০ৰে জিকিলে।

ডিজিটেল ডেস্ক, ২৬ নৱেম্বৰ

You might also like