নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰৈমাৰীত ডেম্পত উদ্ধাৰ ৪০ লক্ষাধিক টকাৰ চোৰাং সামগ্ৰী

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ আচলপাৰাত নিশা কামৰূপ আৰক্ষীৰ অভিযান৷

অভিযানত জব্দ ৪০ লক্ষাধিক টকা মূল্যৰ চোৰাং সামগ্ৰী উদ্ধাৰ কৰা হয়৷

কামৰূপ জিলা আৰক্ষীৰ বৃহৎ এটা দলে যোৱানিশা আচলপাৰাৰ ফাইজুৰ ৰহমান নামৰ লোকজনৰ ডেম্প’ত চলায় অভিযান৷

অভিযানত আৰক্ষীৰ দলটোৱে ডেম্প’টোৰ পৰা জব্দ কৰে বহু পৰিমাণৰ কপাৰ (তাম), বৈদ্যুতিক পৰিবাহী তাঁৰ, কাঁহৰ সামগ্ৰী, বৈদ্যুতিক কামত ব্যৱহৃত মূল্যৱান চোৰাং সামগ্ৰী৷

জব্দ কৰা চোৰাং সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৪০ লক্ষাধিক টকা হ’ব৷

জব্দকৃত সামগ্ৰীখিনি ছয়গাঁও থানালৈ নিয়া বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত, কামৰূপৰ DSP অভিষেক দাস আৰু ছয়গাঁও, গৰৈমাৰী, জোৰশিমুলী আৰক্ষীৰ সহযোগত চলে এই অভিযান৷

ডিজিটেল ডেস্ক, ২৬ নৱেম্বৰ

You might also like