নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র ২৭টা বলতে জয়লাভ টীম ইণ্ডিয়াৰ : এছিয়া কাপত ৫৭ত অল আউট ইউএই

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : এছিয়া কাপত বিস্ফোৰক আৰম্ভণি টীম ইণ্ডিয়াৰ৷ সংযুক্ত আৰব আমীৰশ্বাহীত চলি থকা প্রতিযোগিতাখনৰ গ্রুপ এৰ ল’ স্ক’ৰিং মেচখনত টীম ইণ্ডিয়াই মাত্র ২৭টা বলতে জয়ৰ লক্ষ্যত উপনীত হয়৷ ইউএইয়ে জয়ৰ বাবে বান্ধি দিয়া মাত্র ৫৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অভিষেক শর্মাৰ ৩০ আৰু শুভমন গিলৰ অপৰাজিত ২০ ৰানৰ সহায়ত ভাৰতে ৪.৩ অভাৰত এটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷

অপেনাৰদ্বয় অভিষেক আৰু শুভমনে প্রথম উইকেটৰ যুটিত ৪৮ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তোলে৷ অভিষেকৰ ১৬টা বলৰ ইনিংছটোত আছিল দুটা চাৰি আৰু তিনিটা ছয়৷ ইফালে, গিলৰ মাত্র ৯টা বলৰ ইনিংছটোত আছিল দুটা চাৰি আৰু এটা ছয়৷ অধিনায়ক সূর্যকুমাৰ যাদৱে ৭ ৰান কৰি অপৰাজিত হৈ থাকে৷ ইউএইৰ হৈ একমাত্র উইকেটটো দখল কৰে জুনাইদ ছিদ্দিকীয়ে৷

ইয়াৰ পূর্বে ভাৰতীয় দলটোৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি কুলদীপ যাদৱ আৰু শিৱম ডুবেৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ সংযুক্ত আৰব আমীৰশ্বাহীয়ে ১৩.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৫৭ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ কুলদীপ আৰু শিৱমৰ দুর্দান্ত বলিঙৰ সন্মুখত ঘৰুৱা দলটোৰ কোনো এজন বেটাৰে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ অপেনাৰ আলিছান শ্বাৰাফুৱে সর্বাধিক ২২ ৰান কৰাৰ লগতে আনগৰাকী অ’পেনাৰ তথা অধিনায়ক মহম্মদ ৱাছিমে ১৯ ৰানৰ অৰিহণা আগবঢ়ায়৷ দলটোৰ ৯গৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ মাত্র ১০ ৰানৰ ব্যৱধানত ইউএইয়ে অন্তিম ৮টা উইকেট হেৰুৱায়৷

ভাৰতীয় দলটোৰ হৈ কুলদীপ যাদৱে ৭ ৰানত চাৰিটা উইকেট লাভ কৰাৰ লগতে শিৱম ডুবেই চাৰি ৰানত তিনিটা উইকেট লাভ কৰে৷ ইপিনে যশপ্রীত বুমৰাহ, অক্ষৰ পেটেল আৰু বৰুণ চক্রৱর্তীয়ে এটাকৈ উইকেট লাভ কৰে৷ উল্লেখ্য যে দেওবাৰে ভাৰতে পাকিস্তানৰ বিপক্ষে পৰৱর্তী মেচ খেলিব৷

You might also like