নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশাখাপট্টনমত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল ভাৰতৰ

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : বিশাখাপট্টনমত এদিনীয়া শৃংখলা দখল কৰিলে ঘৰুৱা দল টীম ইণ্ডিয়াই৷ আলহী দল দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ আজি অনুষ্ঠিত তৃতীয় তথা নির্ণায়ক মেচখনত টীম ইণ্ডিয়াই সহজেই ৯ উইকেটত জয়লাভ কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি ঘৰুৱা দলটোৱে শৃংখলাটো ২–১ত হস্তগত কৰে৷

মেচখনত প্রটিয়াজ বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২৭১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অপেনাৰ যশস্বী জয়ছেৱালৰ অপৰাজিত শতক, ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ অর্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই ৩৯.৫ অভাৰত মাত্র ১টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ইনিংছ মুকলি কৰিবলৈ আহি জয়ছোৱাল আৰু ৰোহিত শর্মাই টীম ইণ্ডিয়াক সুন্দৰ আৰম্ভণি দিয়াই নহয়, দলৰ জয়ৰ পথো প্রশস্ত কৰি তোলে৷ দুয়োৰে মাজত প্রথম উইকেটত ১৫৫ ৰান সংগ্রহ হয়৷ হিটমেন ৰোহিত শর্মাই ৭৫ ৰানত বিদায় লয় যদিও জয়ছোৱালে আজি এদিনীয়া ক্রিকেটত প্রথমটো শতক অর্জন কৰে৷ ৰোহিতৰ ৭৩টা বলৰ ইনিংছটোত আছিল ৭টা চাৰি আৰু ৩টা ছয়৷

ৰোহিত শর্মা আউট হোৱাৰ পিছত জয়ছোৱালে কোহলিৰ সৈতে লগ লাগি দলক জয়ৰ সোৱাদ দিয়ে৷ দুয়োৱে দ্বিতীয় উইকেটত অপৰাজিতভাৱে ১১৬ ৰান সংগ্রহ কৰে৷ জয়ছোৱালে ১২১ টা বলত ১২টা চাৰি আৰু ২টা ছয়েৰে ১১৬ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে কোহলিয়ে ৪৫টা বলত ৬টা চাৰি আৰু ৩টা ছয়েৰে ৬৫ ৰান কৰি নট আউট হৈ থাকে৷ দক্ষিণ আফ্রিকাৰ হৈ একমাত্র উইকেটটো দখল কৰে কেশৱ মহাৰাজে৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অপেনাৰ কুইণ্টন ডি ক’কৰ দর্শনীয় শতক আৰু অধিনায়ক টেম্বা বাভুমাৰ ৪৮ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাই ৪৭.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৭০ ৰান সংগ্রহ কৰে৷ দলীয় স্ক’ৰ ১ ৰানতে অপেনাৰ ৰিয়ান ৰিকেলটনে কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ অৱশ্যে ডি ক’ক আৰু বাভুমাই দ্বিতীয় উইকেটত ১১৩ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে যদিও বাভুমা আউট হোৱাৰ পিছত বাকীসকল বেটাৰে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ ডি ক’কে ৮৯টা বলত ৮টা চাৰি আৰু ৬টা ছয়েৰে ১০৬ ৰান কৰে৷ ইফালে মেথিউ ব্রিটজকেই ২৪, মার্কৰামে ১, দেৱাল্ড ব্রেভিছে ২৯, জানছেনে ১৭ আৰু কেশৱে অপৰাজিতভাৱে ২০ ৰান কৰে৷

টীম ইণ্ডিয়াৰ হৈ প্রসিদ্ধ কৃষ্ণ আৰু কুলদীপ যাদৱ উভয়ে সর্বাধিক ৪টাকৈ উইকেট লাভ কৰাৰ লগতে অর্শদ্বীপ সিং আৰু ৰবীন্দ্র জাদেজাই এটাকৈ উইকেট লাভ কৰে৷ মেচখনত জয়ছোৱালে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ বিপৰীতে শৃংখলাটোত দুটা শতক আৰু এটা অর্ধশতকেৰে মুঠ ৩০২ ৰান কৰা বিৰাট কোহলিয়ে শৃংখলাৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে৷

You might also like