নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনবেৰাত আজি গৌৰৱ উদ্ধাৰৰ যুঁজ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ  প্রথম দুখন মেচত বিধ্বস্ত হৈ ইতিমধ্যে এদিনীয়া শৃংখলা হেৰুওৱা টীম ইণ্ডিয়াই আজি  গৌৰৱ উদ্ধাৰৰ লক্ষ্যৰে তৃতীয় তথা অন্তিম এদিনীয়াত খেলপথাৰত নামিব৷ কেনবেৰাৰ মানুকা অ’ভেলত অনুষ্ঠিত হ’বলগীয়া মেচখনত বিৰাট কোহলি নেতৃত্বাধীন দলটোৰ প্রধান লক্ষ্য হ’ব অষ্ট্রেলিয়াৰ বিৰুদ্ধে ক্লীন শ্বুইপ প্রতিহত কৰা৷

অৱশ্যে ইয়াৰ বাবে দলটোৱে পূর্বৰ দুখন মেচৰ ভুলসমূহৰ শুধৰণি ঘটাব লাগিব৷ বিশেষকৈ যশপ্রীত বুমৰাহ, মহম্মদ ছামি, নৱদীপ ছাইনী আৰু য়ুজবেন্দ্র ছাহালেৰে গঠিত বলিং আক্রমণে প্রত্যাশা অনুসৰি প্রদর্শন দাঙি ধৰাটো ভাৰতৰ বাবে বাঞ্ছনীয় হৈ পৰিছে৷

উল্লেখ্য যে প্রথম দুখন এদিনীয়াত তাৰকাসমৃদ্ধ ভাৰতীয় বলিং বিভাগক বিধ্বস্ত কৰি অষ্ট্রেলিয়াই ৰানৰ পাহাৰ গঢ়ে৷ দুয়োখন মেচতে বিস্ফোৰক শতক অর্জন কৰি ষ্টিভেন স্মিথ ভাৰতীয় বলাৰৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছে৷ আৰন ফিনছ, ষ্টিভেন স্মিথ, গ্লেন মেক্সৱেল আৰু মার্নাছ লাবুছানেৰ দৰে ফর্মত থকা বেটছমেনক আজি ভাৰতীয় বলাৰে কিদৰে বান্ধি ৰাখে, সেয়া লক্ষণীয় হ’ব৷ অৱশ্যে আজি তাৰকা অ’পেনাৰ ডেভিদ ৱার্নাৰৰ অনুপস্থিতিয়ে ভাৰতক কিছু সকাহ দিব৷ আঘাতৰ বাবে তেওঁ অন্তিম এদিনীয়া আৰু টি–২০ শৃংখলাৰ পৰা বাহিৰ হৈছে৷

ইফালে, দুয়োখন মেচত শোচনীয়ভাৱে ব্যর্থ হোৱাৰ পিছত অন্তিম এদিনীয়াত ভাৰতে বলিং বিভাগত ব্যাপক সালসলনিৰে খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷ বিশেষকৈ বেগী বলিং আক্রমণত য়র্কাৰ বিশেষজ্ঞ হিচাপে পৰিচিত বাঁওহতীয়া নৱাগত বেগী বলাৰ টি নটৰাজনক অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা স্পষ্ট হৈছে৷ নৱদীপ ছাইনীৰ স্থানত তেওঁক মূল একাদশত সুযোগ দিয়াৰ চিন্তা–চর্চা কৰিছে দলীয় মেনেজমেণ্টে৷ টি–২০ আৰু টেষ্ট শৃংখলাৰ প্রতি লক্ষ্য ৰাখি ভাৰতে আজি বুমৰাহ আৰু মহম্মদ ছামিকো বিশ্রাম দিব পাৰে৷ তেওঁলোকৰ স্থানত শার্দূল ঠাকুৰে সুযোগ পোৱাৰ সম্ভাৱনা আছে৷

ইফালে, বেটিঙত অ’পেনাৰ শিখৰ ধাৱন আৰু মায়ংক আগৰৱালৰ লগতে মিডল অর্ডাৰত শ্রেয়াছ আয়াৰৰ পৰা দলে দীঘলীয়া ইনিংছ আশা কৰিব৷ শৃংখলা হেৰুওৱাৰ পিছত নেতৃত্বক লৈ তীব্র সমালোচনাৰ সন্মুখীন হোৱা অধিনায়ক কোহলিৰ বাবেও মেচখন গুৰুত্বপূর্ণ বিবেচিত হৈছে৷

মন কৰিবলগীয়া যে চলিত বর্ষৰ আৰম্ভণিতে নিউজিলেণ্ডৰ মাটিত এদিনীয়া শৃংখলাত ০–৩ৰ ব্যৱধানত ভাৰত ক্লীন শ্বুইপৰ সন্মুখীন হৈছিল৷ কাইলৈ পৰাজয়ৰ সন্মুখীন হ’লে কোহলি বাহিনীয়ে চলিত বর্ষত একেৰাহে দুটা ক্লীন শ্বুইপৰ সন্মুখীন হ’ব৷

You might also like