নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জিত দাসৰ সভাত বিপিএফৰ বিজেপি গ’ বেক ধ্বনি, ছাত্র মুক্তিৰ ক’লা পতাকা

ভোটলৈ ৫ দিন ভূঞাখাটত নির্বাচনী প্রচাৰত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ বিটিচি নির্বাচনৰ ভোটগ্রহণৰ প্রাক্ক্ষণত বিটিএডিৰ চাৰিওখন জিলাতে ইমূৰৰ পৰা সিমূৰলৈ চলিছে প্রচাৰ অভিযান৷ প্রতিটো ৰাজনৈতিক দলেই ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰে প্রতিশ্রুতিৰ বন্যা বোৱাই নিজৰ দলীয় প্রার্থীৰ সমর্থনত ভোট দিবলৈ আহ্বান জনাইছে৷ ইয়াৰ মাজতে বিজেপিৰ এখন নির্বাচনী সভাত আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তর্গত ভূঞাখাটত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অংশগ্রহণ কৰা সভাস্থলীৰ সন্মুখতে থকা বিপিএফৰ কার্যালয়ৰ পৰা একাংশ সমর্থকে বিজেপি গ’ বেক, ৰঞ্জিত দাস গ’ বেক, বিজেপি মুর্দাবাদ আদি শ্লোগান দিয়াত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ আকস্মিকভাৱে সভাৰ মাজতে একাংশ বিপিএফৰ সমর্থকে কৰা এনে আচৰণত সভাখনত উপস্থিত থকা বিজেপি সমর্থকসকলে বাধা দিবলৈ চেষ্টা কৰে যাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ পৰৱর্তী সময়ত বিজেপি মুর্দাবাদ ধ্বনি দিয়া লোককেইজন বিপিএফৰ সমর্থক বুলি নিশ্চিত হয়৷

আনহাতে, সভাখনত ৰঞ্জিত দাস প্রৱেশ কৰাৰ সময়তে কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্র মুক্তি সংগ্রাম সমিতিয়ে ক’লা পতাকা প্রদর্শন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে৷ ক’লা পতাকা প্রদর্শন কৰা লোকজন ছাত্র মুক্তি সংগ্রাম সমিতিৰ টংলা আঞ্চলিক সমিতিৰ সদস্য বুলি জানিব পৰা গৈছে৷ ইফালে, সভাৰ মাজতে বিপিএফৰ সমর্থকসকলৰ এনে আচৰণত প্রতিক্রিয়া প্রকাশ কৰি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত কয়– ‘তেওঁলোকৰ এনে সংস্কৃতি আগৰ পৰাই আছে৷ আমি ৰাইজক কৈছোঁ যে বিটিচিত তেওঁলোক ভয়েৰে বাস কৰিব নালাগে৷ আগন্তুক দিনত হাঁহি হাঁহি তেওঁলোকে বাস কৰিব পাৰিব৷ এই অঞ্চলৰ ৰাইজ দ্বিতীয় শ্রেণীৰ নাগৰিক নহয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মই থকালৈ বিটিচিবাসী অলপো শংকিত হ’ব নালাগে৷ বিটিচিৰ ৰাইজে এইবাৰ পদুমত ভোট দিব৷ নিশ্চিতভাৱে বিজেপিৰ চৰকাৰ হ’ব৷ বিপিএফে বিচাৰিছে সংঘর্ষৰ সৃষ্টি হওক৷ কিন্তু আমি শান্তিপূর্ণভাৱে ভোটদানৰ বাবে নিৰলস প্রচেষ্টা অব্যাহত ৰাখিছোঁ৷’ উল্লেখ্য যে খৈৰাবাৰীৰ দলীয় প্রার্থী ভবেন্দ্র বড়োৰ হৈ নির্বাচনী সভাখনত ৰঞ্জিত দাসৰ লগতে ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াও উপস্থিত হৈছিল৷ ইপিনে, মাৰাথন প্রচাৰ অভিযানত অংশগ্রহণ কৰা ৰঞ্জিত দাসে আজি ভেৰগাঁৱত এক বিশাল বাইক ৰেলীতো ভাগ লয়৷ বৰঙাজুলি সত্রত আশীর্বাদ গ্রহণ কৰি ৩২নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিজেপি প্রার্থী ফটিক কছাৰীৰ হৈ এই বাইক ৰেলী উলিওৱা হয়৷ পুৱা ১১ বজাত ভেৰগাঁও খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই বিশাল বাইক ৰেলী ভেৰগাঁও, টংলা, পানেৰী, কচুবিল, আঠেৰীঘাট হৈ বিয়লি প্রায় ৪ বজাত ভেৰগাঁও দলীয় কার্যালয়ত সমাপ্ত হয়৷ এখন খোলা জীপত উঠি ৰঞ্জিত কুমাৰ দাসে নির্বাচনী প্রচাৰ চলায়৷ এই বাইক ৰেলীত অঞ্চলটোৰ সহস্রাধিক বিজেপি সমর্থকে অংশগ্রহণ কৰে৷ বাইক ৰেলীৰ পিছতে সভাপতিজনে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিয়ে বিটিচিবাসীৰ সৈতেহে মিত্রতা স্থাপন কৰিছে৷ বিপিএফ, ইউপিপিএল, গণ সুৰক্ষা পার্টী, কংগ্রেছ আৰু এআইইউডিএফক শত্রু হিচাপে লৈ বিজেপিয়ে নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ বিপিএফৰ দুর্নীতিৰ পৰা সকলোৱে মুক্তি বিচাৰিছে বুলি উল্লেখ কৰি দাসে কয় যে বিটিচিবাসীয়ে পৰিৱর্তন বিচাৰিছে৷

You might also like