নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL-2026ৰ নিলামৰ উন্মাদনা : ১৫ নৱেম্বৰত প্ৰকাশ পাব ৰিটেনচন তালিকা

১৯তম সংস্কৰণৰ বাবে আইপিএল ২০২৬ৰ “মিনি অকচন” অনুষ্ঠিত হ’ব। খবৰ অনুসৰি, এইবাৰ নিলাম এদিনীয়া হ’ব, যেতিয়া ২০২৫ চনৰ ১৫ ডিচেম্বৰত এই আয়োজনৰ সম্ভাৱনা আছে। পিছৰবাৰ সংস্কৰণত “মেগা অকচন” দুই দিনলৈ চলিছিল।

ভাৰত তথা বিশ্বজুৰি থকা ক্রিকেট অনুৰাগীৰ বাবে সুখবৰ— আইপিএল ২০২৬ৰ ৰিটেনচন তালিকা অহা শনিবাৰে, ১৫ নভেম্বৰত প্ৰকাশ পাব। তাৰ পিছতেই স্পষ্ট হ’ব, কোন খেলুৱৈক ৰিলিজ কৰা হ’ল আৰু কোনৰ ওপৰত নিলামত বিডিং হ’ব।

আইপিএল ২০২৬ৰ নিলাম ক’ত হ’ব?

প্ৰাথমিকভাৱে নিলামৰ স্থান ভাৰততেই ধৰা হৈছে, সময়সাপেক্ষে ইউএই (UAE)তো অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

১০টা দলৰ হাতত থকা ধনৰাশি

দল অৱশিষ্ট ধন
পঞ্জাব কিংছ (PBKS) ৩৫ লাখ
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (LSG) ১০ লাখ
গুজৰাট টাইটানছ (GT) ১৫ লাখ
দিল্লী কেপিটেলছ (DC) ২০ লাখ
চেন্নাই চুপাৰ কিংছ (CSK) ৫ লাখ
মুম্বাই ইণ্ডিয়ানছ (MI) ১০ লাখ
কলকাতা নাইট ৰাইডাৰছ (KKR) ৫ লাখ
চানৰাইজাৰ্ছ হায়দৰাবাদ (SRH) ২০ লাখ
ৰাজস্থান ৰয়েলছ (RR) ৩০ লাখ
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB) ৭৫ লাখ

এই সংখ্যা হ’ল বর্তমানে থকা ধন, আৰু ৰিটেনচন তালিকা প্ৰকাশৰ পাছত কোন টীমে কোন খেলুৱৈক ৰিলিজ কৰিলে তাৰ মূল্যে ইয়াত যোগ হ’ব।

সকলো টীমৰ শীৰ্ষ ৩জন দামী খেলুৱৈ

পঞ্জাব কিংছ (PBKS)

  • শ্রেয়াছ আয়াৰ – ২৬.৭৫ কোটি
  • অৰ্শদীপ সিং – ১৮ কোটি
  • যুজবেন্দ্র চাহেল – ১৮ কোটি

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (LSG)

  • ঋষভ পণ্ট – ২৭ কোটি
  • নিকোলাছ পুৰান – ২১ কোটি
  • ৰবি বিষ্ণোই / মায়ংক যাদৱ – ১১ কোটি (প্ৰত্যেকে)

গুজৰাট টাইটানছ (GT)

  • ৰাছিদ খান – ১৮ কোটি
  • শুভমন গিল – ১৫.৫ কোটি
  • জছ বাটলাৰ – ১৫.৭৫ কোটি

দিল্লী কেপিটেলছ (DC)

  • অক্ষৰ পেটেল – ১৬.৫ কোটি
  • কে. এল. ৰাহুল – ১৪ কোটি
  • কুলদীপ যাদৱ – ১৩.২৫ কোটি

চেন্নাই চুপাৰ কিংছ (CSK)

  • ঋতুৰাজ গাইকোৱাড – ১৮ কোটি
  • ৰৱীন্দ্ৰ জাডেজা – ১৮ কোটি
  • মথীশা পাথিৰানা – ১৩ কোটি

মুম্বাই ইণ্ডিয়ানছ (MI)

  • যশপ্ৰীত বুমৰাহ – ১৮ কোটি
  • সূৰ্যকুমাৰ যাদৱ – ১৬.৩৫ কোটি
  • হাৰ্দিক পান্ডিয়া – ১৬.৩৫ কোটি

কলকাতা নাইট ৰাইডাৰছ (KKR)

  • ভেংকটেশ আয়াৰ – ২৩.৭৫ কোটি
  • ৰিংকু সিং – ১৩ কোটি
  • আণ্ড্ৰে ৰাছেল / সুনীল নাৰিন / বৰুণ চক্ৰৱৰ্তী – ১২ কোটি (প্ৰত্যেকে)

চানৰাইজাৰ্ছ হাইদৰাবাদ (SRH)

  • হেনৰিক ক্লাছেন – ২৩ কোটি
  • পেট কামিন্ছ – ১৮ কোটি
  • ট্ৰেভিছ হেড / অভিষেক শৰ্মা –  ১৪ কোটি (প্ৰত্যেকে)

ৰাজস্থান ৰয়েলছ (RR)

  • যশস্বী জয়ছোৱাল – ১৮ কোটি
  • সঞ্জু ছেমছন – ১৮ কোটি
  • ধ্ৰুব জুৰেল / ৰিয়ান পৰাগ – ১৪ কোটি (প্ৰত্যেকে)

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালৰু (RCB)

  • বিৰাট কোহলি – ২১ কোটি
  • জছ হেজেলউড – ১২.৫ কোটি
  • ফিল ছল্ট – ১১.৫ কোটি

আইপিএল ২০২৬ নিলাম কেতিয়া?

১৯তম সংস্কৰণৰ বাবে আইপিএল ২০২৬ৰ “মিনি অকচন” অনুষ্ঠিত হ’ব। খবৰ অনুসৰি, এইবাৰ নিলাম এদিনীয়া হ’ব, যেতিয়া ২০২৫ চনৰ ১৫ ডিচেম্বৰত এই আয়োজনৰ সম্ভাৱনা আছে। পিছৰবাৰ সংস্কৰণত “মেগা অকচন” দুই দিনলৈ চলিছিল।

ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ

You might also like