নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিভ’ৰ ব্রেণ্ড এম্বেছাডৰ নিযুক্ত কোহলি

নিয়মীয়া বার্তা, ৮ এপ্রিলঃ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক ব্রেণ্ড এম্বেছাডৰ নিযুক্ত কৰিছে চীনৰ আগশাৰীৰ ম’বাইল নির্মাণ কোম্পানী ভিভ’ৱে৷ কোম্পানীটোৱে এক বিবৃতিত   প্রকাশ কৰা অনুসৰি অনাগত দিনত ভিভ’ৰ আহিবলগীয়া সামগ্রীসমূহৰ প্রচাৰ আৰু প্রসাৰত কোহলিক দেখিবলৈ পোৱা যাব৷ কোহলিৰ জৰিয়তে সমগ্র বিশ্বৰ এক বৃহৎ পৰিমাণৰ গ্রাহকক আকৃষ্ট কৰিব পাৰিব বুলি প্রতিষ্ঠানটোৱে আশা প্রকাশ কৰিছে৷

ইফালে, ভিভ’ৰ ব্রেণ্ড এম্বেছাদৰ হিচাপে নিযুক্ত হৈ তাৰকা ক্রিকেটাৰগৰাকীয়ে কয় যে ভিভ’ৰ দৰে এটা আগশাৰীৰ ম’বাইল নির্মাণ কোম্পানীৰ সৈতে জড়িত হ’বলৈ পাই তেওঁ উৎসাহী৷ উল্লেখ্য যে চীনৰ আগশাৰীৰ ম’বাইল নির্মাণ কোম্পানীটো সম্প্রতি আই পি এলৰ টাইটেল স্পনছ’ৰ হিচাপে বি চি চি আইৰ সৈতে জড়িত হৈ আছে৷

You might also like