নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান ফুটবল দলক নিলম্বন ফিফাৰ

নিয়মীয়া বার্তা, ৮ এপ্রিলঃ তৎকালে কার্যকৰী হোৱাকৈ পাকিস্তান ফুটবল দলক নিলম্বিত কৰিছে আন্তঃৰাষ্ট্রীয় ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই৷ পাকিস্তান ফুটবল ফেডাৰেচনত তৃতীয় পক্ষৰ হস্তক্ষেপত অসন্তুষ্ট হৈ ফিফাই দেশখনৰ বিৰুদ্ধে এই কঠোৰ স্থিতি গ্রহণ কৰিছে৷

এক বিবৃতিত ফিফাই উল্লেখ কৰিছে যে শেহতীয়াকৈ একাংশ প্রতিবাদকাৰীয়ে লাহোৰস্থিত পাকিস্তান ফুটবল ফেডাৰেচনৰ কার্যালয় বলপূর্বকভাৱে অধিগ্রহণ কৰে আৰু ফিফাই নিযুক্তি দিয়া কমিটী ভংগ কৰি দিয়ে৷ এই পৰিস্থিতি কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে৷

পাকিস্তান ফুটবল ফেডাৰেচনৰ স্বীকৃতিপ্রাপ্ত কমিটীয়ে যেতিয়ালৈকে নিজৰ নিয়ন্ত্রণ পুনৰুদ্ধাৰ কৰিব নোৱাৰে, তেতিয়ালৈকে ফেডাৰেচন নিলম্বিত হৈ থাকিব৷ উল্লেখ্য যে ফেডাৰেচনৰ আভ্যন্তৰীণ খেলিমেলিৰ বাবে ফিফাই ইয়াৰ পূর্বেও ২০১৭ৰ অক্টোবৰৰ পৰা ২০১৮ৰ মার্চলৈ পাকিস্তানক ছমাহৰ বাবে নিলম্বিত কৰিছিল৷

You might also like