নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গম্ভীৰ আঘাতত ঋষভ পণ্ট, এছিয়া কাপৰ পৰা বাহিৰ!

ক্ৰিকেট এছিয়া কাপ ২০২৫ আৰম্ভ হ’বলৈ এতিয়া মাত্ৰ এমাহ সময় বাকী আছে। ৯ ছেপ্টেম্বৰৰ পৰা এই টুৰ্ণামেণ্ট ইউএইত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ বাবে এটা বেয়া খবৰ আহিছে। উইকেটৰক্ষক বেটছমেন ঋষভ পণ্টে আঘাতৰ বাবে এছিয়া কাপৰ পৰা আউট হ’ব পাৰে! তেওঁ কেৱল এই টুৰ্ণামেণ্টত নহয়, ইয়াৰ পিছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছিৰিজতো খেলিব নোৱাৰিব। উল্লেখ্য যে তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থ টেষ্টত আঘাতপ্ৰাপ্ত হৈছিল, য’ত তেওঁ সেই মেচত বেটিং কৰিছিল যদিও শেষৰ টেষ্টৰ পৰা আউট হৈছিল।

এছিয়া কাপ ২০২৫ অহা ৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ছেপ্টেম্বৰৰ ভিতৰত ইউএইত অনুষ্ঠিত হ’ব। ভাৰতৰ প্ৰথম মেচ ১০ ছেপ্টেম্বৰত ইউএইৰ সৈতে, ইয়াৰ পিছত ১৪ ছেপ্টেম্বৰত ভাৰত বনাম পাকিস্তানৰ মেচ হ’ব। গ্ৰুপ ষ্টেজত ভাৰতীয় দলে তেওঁলোকৰ শেষৰ মেচ ১৯ ছেপ্টেম্বৰত ওমানৰ বিৰুদ্ধে খেলিব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি অনুসৰি ঋষভ পণ্ট এছিয়া কাপৰ পৰা আউট হৈছে।

ঋষভ পণ্ট ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থ টেষ্টত আঘাতপ্ৰাপ্ত হৈছিল। ক্ৰিছ ৱ’কছৰ এটা বল পণ্টৰ সোঁভৰিৰ জোতাত প্ৰত্যক্ষভাৱে লাগিছিল, যেতিয়া তেওঁ ৰিভাৰ্ছ শ্বট খেলাৰ চেষ্টা কৰিছিল। প্ৰথম দিনাই আঘাত পোৱাৰ পিছত তেওঁ খেলপখাৰৰ পৰা ওলাই গৈছিল। স্কেনত জানিব পৰা গৈছিল যে তেওঁৰ ভৰিৰ আঙুলিত ফ্ৰেকচাৰ হৈছে। তথাপিও তেওঁ বেটিং কৰিবলৈ আহিছিল আৰু এটা অৰ্ধশতকৰ ইনিংছ খেলিছিল। তেওঁ পঞ্চম টেষ্ট খেলা নাছিল। জানিব পৰা গৈছিল যে তেওঁ প্ৰায় ৬ সপ্তাহৰ বাবে দলৰ পৰা আঁতৰি থাকিব।

এছিয়া কাপ ২০২৫ত ভাৰতৰ সময়সূচী

  • ১০ ছেপ্টেম্বৰ : বনাম ইউএই (ডুবাই)
  • ১৪ ছেপ্টেম্বৰ : বনাম পাকিস্তান (ডুবাই)
  • ১৯ ছেপ্টেম্বৰ : বনাম ওমান (আবু ধাবি)

ইফালে ২ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট ছিৰিজতো তেওঁৰ খেলাটো অতি কঠিন। ভাৰত ভ্ৰমণত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে ২খন টেষ্ট খেলিব, ইয়াৰ পিছত ভাৰতীয় দল অষ্ট্ৰেলিয়ালৈ যাব। পণ্ট অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰা ক্ৰিকেটৰ পথাৰলৈ ঘূৰি আহিব পাৰে, য’ত ৩খন এদিনীয়া আৰু ৫খন টি-২০ মেচ খেলা হ’ব। যদি ইয়াতো তেওঁ খেলিব নোৱাৰে, তেন্তে দক্ষিণ আফ্ৰিকা দল ভাৰতলৈ অহাৰ খেলত পণ্টক দেখা যাব পাৰে।

Niyomiya Barta Desk, 8 August, 2025

You might also like