“গুডবাই, কিন্তু এইটো শেষ নহয়…” ইনষ্টাগ্ৰামত আৱেগিক পোষ্টেৰে অৱসৰ ঘোষণা ৰোহন বোপান্নাৰ
টেনিছ তেওঁৰ বাবে কেৱল এটা খেলা নহয়, ই তেওঁৰ জীৱনক অৰ্থ দিছে আৰু পথভ্ৰষ্ট জীৱনক সঠিক দিশ দেখুৱাইছে।
ভাৰতৰ দিগ্গজ টেনিছ খেলুৱৈ ৰোহন বোপান্নাই তেওঁৰ ২২ বছৰীয়া দীঘল টেনিছ জীৱনযাত্ৰাৰ ইতি ঘটাইছে। ৪৫ বছৰ বয়সীয়া বোপন্নাই পেৰিছ মাষ্টাৰ্ছ ১০০০ টুৰ্ণামেণ্টত নিজৰ শেষ মেচখন খেলি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে।
এই বছৰে বোপান্নাই গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা সৰ্বাধিক বয়স্ক খেলুৱৈ হিচাপে ইতিহাস গঢ়িছিল। লগতে তেওঁ ডাবলছ টেনিছত বিশ্বৰ এক নম্বৰ স্থানত পোৱাৰ সৰ্বাধিক বয়স্ক খেলুৱৈ হিচাপেও পৰিচিত হৈছিল।
অৱসৰৰ সময়ত বোপন্নাই মন্তব্য কৰে — “যি বিষয়টোৱে আপোনাৰ জীৱনক অৰ্থ দিছে, তাক আপুনি কেনেকৈ বিদায় জনাব? ২০ বছৰৰোধিক যাত্ৰাৰ ইতি ঘটিল। মই টেনিছৰ পৰা অৱসৰ লৈছো। ভাৰতক প্ৰতিনিধিত্ব কৰা মোৰ জীৱনৰ সৰ্বাধিক গৌৰৱৰ বিষয় আছিল। মই প্ৰতিবাৰ কোর্টত নামোঁতে তিৰংগাৰ বাবে খেলোঁ।”
দুবাৰ গ্ৰেণ্ড শ্লেম বিজয়ী হিচাপে বোপন্নাই নিজৰ ঐতিহাসিক কেৰিয়াৰৰ ইতি ঘটালে। তেওঁ মেথিউ এব্ডেনৰ সৈতে ২০২৪ অষ্ট্ৰেলিয়ান অপেনৰ মেন্স ডাবলছ খিতাপ জয় কৰিছিল। তাৰ পূৰ্বে, ২০১৭ চনৰ ফ্ৰেঞ্চ ওপেনত গাব্ৰিয়েলা ডাব্ৰোভস্কীৰ সৈতে মিক্সড ডাবলছ খিতাপ জয় কৰিছিল। লগতে, তেওঁ অন্য চাৰিটা গ্ৰেণ্ড শ্লেম ফাইনেলতো অংশগ্ৰহণ কৰিছিল।
“গুডবাই, কিন্তু এইটো শেষ নহয়…”
ইনষ্টাগ্ৰামত প্ৰকাশিত অৱসৰসূচক বাক্যত বোপান্নাই লিখে — “গুডবাই, কিন্তু এইটো শেষ নহয়।” তেওঁ কয়, টেনিছ তেওঁৰ বাবে কেৱল এটা খেলা নহয়, ই তেওঁৰ জীৱনক অৰ্থ দিছে আৰু পথভ্ৰষ্ট জীৱনক সঠিক দিশ দেখুৱাইছে।
উল্লেখ্য যে ২০১৬ চনৰ অলিম্পিকত মিক্সড ডাবলছ প্ৰতিযোগিতাত ৰোহন বোপান্না আৰু ছানিয়া মিৰ্জাৰ যুটি চতুৰ্থ স্থানত আছিল। তেওঁ ছিংগলছ প্ৰতিযোগিতাতো কেইবাবাৰমান গ্ৰেণ্ড শ্লেমত অংশগ্ৰহণ কৰিছিল, যদিও তেওঁৰ বেছি সফলতা আহিছিল ডাবলছ বিভাগত।
বোপান্নাই ২০০৩ চনত পেছাদাৰী টেনিছ জীৱন আৰম্ভ কৰিছিল আৰু এই যাত্ৰাত বহু ঐতিহাসিক সফলতা অৰ্জন কৰিছিল।
ডিজিটেল ডেস্ক, ১ নৱেম্বৰ