নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ মেচত দুই অভাৰ মেইডেনেৰে অভিলেখ চিৰাজৰ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ কলকাতা নাইট ৰাইডার্ছৰ শিবিৰত ত্রাসৰ সৃষ্টি কৰি যোৱানিশা বিধ্বংসী বলিঙেৰে উজলি উঠা বাংগালুৰুৰ উদীয়মান বেগী বলাৰ মহম্মদ চিৰাজে তেওঁৰ এই চমকপ্রদ প্রদর্শনৰ বাবে অধিনায়ক কোহলিক কৃতজ্ঞতা জনাইছে৷ ৪ অভাৰৰ দুই অভাৰ মেইডেনসহ মাত্র ৮ ৰান ব্যয় কৰি তিনিটা উইকেট দখল কৰা বেগী বলাৰগৰাকীয়ে মেচৰ অন্তত কয় যে অধিনায়ক কোহলিয়ে তেওঁৰ হাতত নতুন বল তুলি দি আস্থা প্রকাশ কৰিছিল৷ কোহলিৰ এই আস্থা ৰাখিবলৈ তেওঁ নিজৰ ওপৰত বিশ্বাস ৰাখি সঠিক লাইন আৰু লেন্থত বলিং কৰিছিল বুলি চিৰাজে উল্লেখ কৰে৷

‘কোহলিয়ে মোৰ হাতত নতুন বল তুলি দিব বুলি ভবা নাছিলোঁ৷ কিন্তু ক্রিছ মৰিছে প্রথমটো অভাৰত ছুইং পোৱা দেখি অধিনায়ক কোহলিয়ে ডি ভিলিয়ার্ছৰ সৈতে আলোচনা কৰি মোক বলিঙৰ বাবে আমন্ত্রণ জনায়৷ ইয়ে মোৰ আত্মবিশ্বাস যথেষ্ট পৰিমাণে বৃদ্ধি কৰে৷’ চিৰাজে এইদৰে কয়৷ উল্লেখ্য যে নিজৰ প্রথমটো অভাৰৰ তৃতীয়টো বলতে চিৰাজে কলকাতাৰ অ’পেনাৰ ৰাহুল ত্রিপাঠীক আউট কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে৷ ইয়াৰ পৰৱর্তী বলটোতে তেওঁ নীতিশ ৰানাক ব’ল্ড কৰে৷ নিজৰ দ্বিতীয়টো অভাৰত চিৰাজে আউট ছুইং বলিঙেৰে টম বেণ্টনৰ উইকেট দখল কৰিবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া যে তিনিওটা উইকেট দখলৰ সময়ত চিৰাজে এটাও ৰান ব্যয় কৰা নাছিল৷ এখন মেচত দুই অভাৰ মেইডেন বল কৰা তেওঁ হ’ল আই পি এল ইতিহাসৰ প্রথমগৰাকী বলাৰ৷

You might also like