নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াও ফাইনেল খেলাৰ সুযোগ আছে কলকাতাৰ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হাতত বুধবাৰে নিশা সম্পূর্ণৰূপে বিধ্বস্ত হ’লেও মনোবল ভাঙি যোৱা নাই কলকাতা নাইট ৰাইডার্ছৰ৷ শোচনীয় বেটিং প্রদর্শনেৰে মাত্র ৮৪ ৰান সংগ্রহ কৰি লজ্জাজনক পৰাজয় স্বীকাৰ কৰাৰ পিছত দলটোৰ প্রশিক্ষক ব্রেণ্ডন মেককুলামে কয় যে এই প্রদর্শনক লৈ তেওঁ অসন্তুষ্ট যদিও এতিয়াও দলটোৱে ফাইনেল খেলাৰ আশা আছে৷ ‘আজিৰ পৰাজয়ে আমাৰ দলৰ আত্মবিশ্বাসত প্রভাৱ পেলোৱাটো নিশ্চিত৷ এই পৰাজয়ে যাতে দলৰ মনোবল ভাঙি নেপেলায়, তাৰ বাবে আমি কঠোৰ পৰিশ্রম কৰিব লাগিব৷ বেটিঙত প্রদর্শনৰ মান উন্নত কৰিবলৈ পৰৱর্তী মেচসমূহত অধিক দৃঢ়তাৰে খেলপথাৰত নামিব লাগিব৷ অৱশ্যে আমি এতিয়াও পইণ্ট তালিকাৰ চতুর্থ স্থানত আছো৷ গতিকে ফাইনেল খেলাৰ সপোন এতিয়াও শেষ হৈ যোৱা নাই৷’ প্রশিক্ষক মেককুলামে এইদৰে কয়৷

You might also like