নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিওটা ফৰ্মেটৰ বাবে টিম ইণ্ডিয়াৰ নতুন জাৰ্চি মুকলি

নিয়মীয়া বাৰ্তা, ৬ মে: অহা ৭ জুনৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় সংস্কৰণৰ অন্তিমখন খেলত নতুন জাৰ্চি পিন্ধি খেলপথাৰত নামিব ভাৰতীয় দলটোৱে। টিম ইণ্ডিয়াৰ নতুন কিটৰ পৃষ্ঠপোষক এডিডাছে ১ জুনত ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’ৰ জৰিয়তে তিনিওটা ফৰ্মেটৰ বাবে বিভিন্ন জাৰ্চি মুকলি কৰিছে। ভাৰতীয় দলৰ এই নতুন জাৰ্চিৰ সংযোগ আছে কাশ্মীৰৰ সৈতে।

টিম ইণ্ডিয়াৰ এই নতুন জাৰ্চিৰ মুকলি হোৱাৰ পিছতে ইয়াৰ ডিজাইনৰ প্ৰশংসা সকলোতে। মন কৰিবলগীয়া যে ইয়াৰ ডিজাইনত কাশ্মীৰী ডিজাইনাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হৈ আহিছে। কাশ্মীৰৰ বাসিন্দা আকিব ৱানীয়ে ভাৰতীয় দলৰ এই নতুন জাৰ্চি ডিজাইন কৰিছে। টিম ইণ্ডিয়াৰ তিনিওটা ফৰ্মেটৰ জাৰ্চিতো ৩-৩ ষ্ট্ৰাইপ দিয়া হৈছে, যাৰ বাবে ইয়াক যথেষ্ট দৰ্শনীয় দেখা গৈছে।

মে’ মাহৰ শেষৰ ফালে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৮ চনলৈকে কিট পৃষ্ঠপোষক হিচাপে এডিডাছৰ সৈতে চুক্তিবদ্ধ হয়। এডিডাছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ উপৰিও ভাৰতীয় মহিলা দল আৰু ১৯ বছৰ অনুৰ্ধ মহিলা আৰু পুৰুষৰ দলকো জাৰ্চি যোগান ধৰিব।

You might also like