নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই ইণ্ডিয়ানছৰে আজি মৰণপণ যুঁজ হায়দৰাবাদৰ

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ কাইলৈ অন্তিমখন লীগ মেচ অনুষ্ঠিত হ’ব৷ এই অন্তিমখন লীগ মেচত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজার্ছ হায়দৰাবাদে৷ মন কৰিবলগীয়া যে আজিৰ এই মেচখন ডেভিদ ৱার্নাৰ নেতৃত্বাধীন ছানৰাইজার্ছ হায়দৰাবাদৰ বাবে মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে৷ কিয়নো, প্রতিযোগিতাখনৰ প্লে’ অফত স্থান লাভ কৰাৰ বাবে এই মেচখনত ছানৰাইজার্ছ হায়দৰাবাদক বৃহৎ জয়ৰ প্রয়োজন৷ আজিৰ মেচখনত যদি ছানৰাইজার্ছে বৃহৎ ব্যৱধানত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে, তেতিয়াহ’লে প্লে’ অফত স্থান লাভ কৰাটো নিশ্চিত৷ ডেভিদ ৱার্নাৰ বাহিনীয়ে এতিয়ালৈকে ১৩খন মেচৰ পৰা ১২ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে৷ আজিৰ মেচখনত পূর্ণশক্তিৰে অৱতীর্ণ হ’ব বুলি উল্লেখ কৰি ছানৰাইজার্ছ হায়দৰাবাদৰ অধিনায়ক ডেভিদ ৱার্নাৰে কয় যে কাইলৈ আমাৰ প্রধান লক্ষ্য হ’ল বৃহৎ ব্যৱধানত জয়লাভ কৰা৷ মেচখনত মুম্বাই ইণ্ডিয়ানছৰ পৰা প্রত্যাহ্বান পোৱাটো খাটাং যদিও ইয়াৰ বাবে আমি সম্পূর্ণৰূপে সাজু হ’ব লাগিব৷ আজি পৰাস্ত মানে প্রতিযোগিতাখনৰ লীগ পর্যায়ৰ পৰা আমি বিদায় লোৱাটো নিশ্চিত হ’ব৷ কেন উইলিয়ামছন, জ’নী বেয়াৰষ্ট’, মনীষ পাণ্ডে আৰু ঋদ্ধিমান সাহাৰ পৰা দীঘলীয়া ইনিংছৰ আশা কৰিছে অধিনায়কগৰাকীয়ে৷ বিগত মেচখনত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুক পৰাস্ত কৰি দলটোৰ সদস্যসকলৰ মনোবল তুংগত আছে বুলি ব্যক্ত কৰে ছানৰাইজার্ছৰ অধিনায়ক ডেভিদ ৱার্নাৰে৷ ইফালে, ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছেও কাইলৈৰ মেচখনত বিজয় সাব্যস্ত কৰি প্লে’ অফৰ বাবে সম্পূর্ণ সাজু হোৱাৰ লক্ষ্য লৈছে৷ মন কৰিবলগীয়া যে ১৮ পইণ্টেৰে মুম্বায়ে ইতিমধ্যে প্লে’ অফত স্থান সুৰক্ষিত কৰিছে৷

You might also like