নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাঙীত উঠি খোজে ভোট, কাৰ্যালয়ৰ ঠিকনা শ্মশান… কোন এইগৰাকী MBA ডিগ্ৰী থকা সাঙী বাবা?

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ উত্তৰ প্ৰদেশৰ এগৰাকী নিৰ্বাচনী প্ৰাৰ্থী, নাম ৰাজন যাদৱ। অৱশ্যে তেওঁ উত্তৰ প্ৰদেশত জনপ্ৰিয় সাঙী বাবা ৰূপে। এতিয়ালৈ সাঙী বাবাই নিৰ্বাচনত অংশ লৈছে ১১বাৰ। আৰু প্ৰতিবাৰতেই পৰাজয় হৈছে তেওঁ। কিন্তু নিৰ্বাচনত প্ৰাৰ্থী ৰূপে অংশ লোৱাটো যেন এক এৰাব নোৱাৰা নিচা। এইবাৰো উত্তৰ প্ৰদেশৰ দেউৰীয়া সমষ্টিৰ উপ-নিৰ্বাচনত অংশ লৈছে তেওঁ। মনোনয়ন পত্ৰ দাখিলৰ শৈলীও উদ্ভট।

চাৰিজন লোকে দাঙি নিয়া এখন সাঙীত উঠি মনোনয়ন দাখিল কৰিবলৈ যায় তেওঁ। লগত আন কেইবাগৰাকীও সমৰ্থকো থাকে। সাঙীত থাকে ধূপ-ধূনা আৰু শ্লোগান দিয়ে ‘ৰাম নাম সত্য হ্যে’। এইদৰে সাঙীত উঠি তেওঁ নিৰ্বাচনী প্ৰচাৰো চলায় গাঁৱে-ভূঞে। ভোটাৰ ৰাইজৰ ভৰি ধুৱাই সেৱা কৰে। সাংবাদিকে এনে কাৰ্যৰ বিষয়ে সোধাত সাঙী বাবাই কয় যে ভোটাৰ দেৱতুল্য, গতিকে দেৱতাৰ দৰে পূজা কৰে তেওঁ।

সাঙী বাবাৰ এনে উদ্ভট কাৰ্য দেখি বহুতে মনোৰঞ্জন লাভ কৰে। কিন্তু সাঙী বাবাৰ ডিগ্ৰী কি জানে, তেওঁৰ আছে গোৰখপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী। ২০০৮ চনত এই ডিগ্ৰী লৈছিল তেওঁ। বেংককৰ এটা মাল্টিনেচনেল কোম্পানীত কামো কৰিছিল তেওঁ, কিন্তু পিছলৈ সমাজ সেৱা কৰাৰ মানসেৰে ভাৰতলৈ উভতি আহে।

আনন্দৰ খোৰাক জন্মোৱা সাঙী বাবা অৱশ্যে সিমান সস্তীয়া নহয়। সাঙীত উঠি নিৰ্বাচন খেলাৰ কাৰণ হ’ল সাম্প্ৰতিক ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনত ছানি ধৰা দুৰ্নীতি। ৰাজন যাদৱ ওৰফে সাঙী বাবাৰ মতে, জীৱিত লোকে সাঙীত উঠাটো ৰাজনৈতিক দুৰ্নীতিয়ে এজন সাধাৰণ লোকক কৰা আঘাতৰ এটা প্ৰতীক।

You might also like