নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বকনিষ্ঠ অধিনায়ক হিচাপে নজিৰ ক্র’ৱেছিয়াৰ জেকৰ

আন্তর্জাতিক ক্রিকেটত অভিলেখ ৰচিলে ক্র’ৱেছিয়াৰ জেক ৱুকুছিচে৷ সর্বকনিষ্ঠ অধিনায়ক হিচাপে নজিৰ গঢ়িলে ক্র’ৱেছিয়াৰ কিশোৰগৰাকীয়ে৷ মাত্র ১৭ বছৰ ৩১১ দিনত দেশখনক নেতৃত্ব দি অভিলেখ ৰচে জেকে৷

ছাইপ্রাছৰ বিৰুদ্ধে খেলা টি–২০ মেচখনত ক্র’ৱেছিয়া দলটোক নেতৃত্ব দিয়ে জেক ৱুকুছিচে৷ মাত্র ৬খন আন্তঃৰাষ্ট্রীয় মেচ খেলি অধিনায়কৰ দায়িত্ব লাভ কৰা জেকে সর্বকনিষ্ঠ অধিনায়ক হিচাপে নজিৰ থকা ফ্রান্সৰ ন’মান আমজাদৰ অভিলেখটো ভংগ কৰে৷ ন’মানে ২০২২ চনৰ জুলাই মাহত চেক গণৰাজ্যৰ বিৰুদ্ধে ১৮ বছৰ ২৪ দিনত ফ্রান্সৰ টি–২০ দলটোক নেতৃত্ব দিছিল৷

এই তালিকাৰ তৃতীয় স্থানত আছে কার্ল হার্টমেন৷ ১৮ বছৰ ২৭৬ দিনত হার্টমেনে আইচ অৱ মেনৰ নেতৃত্ব দিছিল৷ ইপিনে, টেষ্ট খেলা দেশসমূহৰ ভিতৰত আটাইতকৈ কম বয়সীয়া অধিনায়ক হোৱাৰ অভিলেখটো আছে আফগানিস্তানৰ তাৰকা লেগ স্পীনাৰ ৰশ্বিদ খানৰ নামত৷

২০১৮ চনৰ মার্চত স্কটলেণ্ডৰ বিৰুদ্ধে টি–২০ মেচত ১৯ বছৰ ১৬৫ দিনত আফগান দলটোক নেতৃত্ব দিছিল ৰশ্বিদ খানে৷ উল্লেখ্য যে ৰশ্বিদ খান হ’ল পঞ্চমগৰাকী কনিষ্ঠ আন্তঃৰাষ্ট্রীয় অধিনায়ক৷

Niyomiya Barta Desk, 9 August, 2025

You might also like